বৃক্ক সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে পুৱা এই কেইটা কাম কৰক…
সুস্থ জীৱন যাপনৰ বাবে শৰীৰৰ প্ৰতিটো অংগ সুস্থ কৰি ৰখাটো আপোনাৰ দায়িত্ব । সেই অনুসৰি আমাৰ বৃক্ক হৈছে শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ । গতিকে বৃক্ক সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে আপুনি এই অভ্য়াস কৰক ।
সুস্থ জীৱন-যাপনৰ বাবে স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন । ভাল খাদ্যাভ্যাস আৰু নিয়মীয়া শৰীৰ চৰ্চাই আপোনাক সুস্থ জীৱন কৰাত সহায় কৰে । মনকৰিব যে, সুস্থ জীৱন যাপনৰ বাবে শৰীৰৰ প্ৰতিটো অংগ সুস্থ কৰি ৰখাটো আপোনাৰ দায়িত্ব । সেই অনুসৰি আমাৰ বৃক্ক হৈছে শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ । গতিকে বৃক্ক সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে আপুনি এই অভ্য়াস কৰক ।
- প্ৰতিদিনৰ বাবে এখন ভাল ৰুটিন প্ৰস্তুত কৰক । ৰুটিন প্ৰস্তুত কৰাৰ সময়ত খাদ্যাভ্যাস, শৰীৰ হাইড্ৰেচন আৰু মানসিক চাপমুক্ত কৰাৰ ওপৰত গুৰুত্ব দিব ।
- ৰাতিপুৱা সাৰ পাই প্ৰথমে পানী খোৱা উচিত। প্ৰতিদিনে পুৱা পৰ্যাপ্ত পৰিমাণে পানী খাব । ই বৃক্কক বিষাক্ত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। লগতে ইয়াৰ কাৰ্যক্ষমতা বজাই ৰখাত সহায় কৰে।
- সামগ্ৰিক স্বাস্থ্যৰ বাবে নিয়মিত ব্যায়াম অতি গুৰুত্বপূৰ্ণ। নিয়মিত ব্যায়ামে বৃক্কৰ কাৰ্যক্ষমতা অটুট ৰখাতো সহায় কৰে। ব্যায়ামে বৃক্ক সুস্থ কৰি ৰাখে।
- বৃক্কৰ স্বাস্থ্যৰ বাবে উপকাৰী খাদ্য খোৱাটো অতি প্ৰয়োজনীয়। সেউজীয়া শাক-পাচলি বৃক্কৰ বাবে অতি উপকাৰী। ব্ৰেকফাষ্টত সদায় স্বাস্থ্যকৰ খাদ্য খাবলৈ চেষ্টা কৰক । বৃক্কৰ স্বাস্থ্যৰ বাবে সুষম ব্ৰেকফাষ্ট অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ভিতৰত ফলমূল অতি উপযোগী ।
- নিয়মিতভাৱে তেজৰ চুগাৰৰ মাত্ৰা পৰীক্ষা কৰক। সেই অনুসৰি খাদ্য গ্ৰহণ কৰক । অস্বাস্থ্যকৰ খাদ্যই তেজত চুগাৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে । ইয়াৰ ফলত বৃক্কৰ সমস্যা হ’ব পাৰে। সামগ্ৰিক স্বাস্থ্যৰ বাবেও ই ক্ষতিকাৰক।
- ৰক্তচাপ বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ বাবে নিয়মীয়া ব্যায়ামও অতি গুৰুত্বপূৰ্ণ। সামগ্ৰিক স্বাস্থ্যৰ লগতে ই বৃক্কৰ কাৰ্যক্ষমতা বৃদ্ধিতো সহায় কৰে।
- অতিৰিক্ত কেফেইন পৰিহাৰ কৰক। দিনটোৰ আৰম্ভণিতে কফিৰ দৰে কেফেইনযুক্ত পানীয় বেছিকৈ সেৱন কৰিলে বৃক্কৰ সমস্যা হ’ব পাৰে।
- বৃক্ক সুস্থ কৰি ৰাখিবলৈ নিয়মীয়াকৈ প্ৰাণায়ম কৰিব পাৰে । লগতে আপুনি প্ৰতিদিনে ৰাতিপুৱা শুই উঠি ১০ ৰ পৰা ১৫ মিনিট সময় ধ্যান কৰিব পাৰে । প্ৰাণায়মে শৰীৰত অক্সিজেনৰ যোগান ধৰে আৰু ই বৃক্ক আৰু অন্যান্য অংগসমূহ সুস্থ কৰি ৰখাত সহায় কৰে।
- নিমখ খোৱাৰ অভ্যাস কমাব লাগে। সহজ ভাষাত উচ্চ ছডিয়ামযুক্ত খাদ্য বিশেষকৈ ব্ৰেকফাষ্টত নিমখৰ পৰা বিৰত থাকক।