শৰীৰত কি ভিটামিনৰ অভাৱে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ? | Deficiency of these vitamins and minerals might risk of cancer; Read More in Assamese Assam news - Assam Tv9

শৰীৰত কি ভিটামিনৰ অভাৱে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে ?

Published: 

17 Aug 2024 21:36 PM

শৰীৰত কৰ্কট ৰোগে কি কাৰণত শিপাই, তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু জীৱনশৈলীৰ কাৰকসমূহ কেন্সাৰ সৃষ্টিৰ বাবে দায়ী। কেতিয়াবা ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱত কৰ্কট ৰোগ হ’ব পাৰে। কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত পুষ্টিৰ বিশেষ ভূমিকা আছে। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে, কিছুমান বিশেষ ভিটামিনৰ অভাৱত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

1 / 8শৰীৰত কৰ্কট ৰোগে কি কাৰণত শিপাই, তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু জীৱনশৈলীৰ কাৰকসমূহ কেন্সাৰ সৃষ্টিৰ বাবে দায়ী। কেতিয়াবা ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱত কৰ্কট ৰোগ হ’ব পাৰে।

শৰীৰত কৰ্কট ৰোগে কি কাৰণত শিপাই, তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু জীৱনশৈলীৰ কাৰকসমূহ কেন্সাৰ সৃষ্টিৰ বাবে দায়ী। কেতিয়াবা ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱত কৰ্কট ৰোগ হ’ব পাৰে।

2 / 8

কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত পুষ্টিৰ বিশেষ ভূমিকা আছে। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে, কিছুমান বিশেষ ভিটামিনৰ অভাৱত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

3 / 8

ভিটামিন চি হৈছে এক প্ৰকাৰৰ পানীত দ্ৰৱীভূত ভিটামিন আৰু ইয়াত এন্টিঅক্সিডেন্ট থাকে। ই কলাজেন সংশ্লেষণ, ঘাঁ নিৰাময় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিত বিশেষ ভূমিকা পালন কৰে। এই ভিটামিনৰ অভাৱত পেট আৰু হাওঁফাওঁত কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

4 / 8

ভিটামিন ডিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শৰীৰত হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। যদি আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হয় তেন্তে স্তন কেন্সাৰ আৰু ক’লন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

5 / 8

ভিটামিন ইৰ কাৰ্চিনোজেনেছিছ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে। ভিটামিন ইত এন্টিঅক্সিডেন্ট থাকে, যিয়ে ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।

6 / 8

চকুৰ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত ভিটামিন এৰ বিশেষ ভূমিকা পালন কৰে। কিন্তু শৰীৰত ভিটামিন এৰ অভাৱ হ’লে হাওঁফাওঁ, খাদ্যনলী আৰু পেটত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

7 / 8

ওমেগা-৩ ফেটি এচিডে শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে। এই পুষ্টিকৰ পদাৰ্থই শৰীৰত প্ৰষ্টেট আৰু স্তন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ওমেগা-৩ ফেটি এচিড থাকিলেও কলন কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয়।

8 / 8

কেন্সাৰৰ আশংকাৰ পৰা আঁতৰি থাকিব বিচাৰিলে জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিব লাগিব । বিশেষ গুৰুত্ব দিব যাতে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ নহয়।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!