দেওবাৰৰ দিনটো বিশেষ কৰি তুলিবলৈ এইদৰে ৰান্ধিব কণী তৰকাৰী...জানক | Dhaba Style Egg Curry Recipe in Assamese Assam news - Assam Tv9

Egg Curry Recipe: দেওবাৰৰ দিনটো বিশেষ কৰি তুলিবলৈ এইদৰে ৰান্ধিব কণী তৰকাৰী…জানক

Published: 

18 Aug 2024 14:34 PM

কণীৰ তৰকাৰী সকলোৰে প্ৰিয়। কণীৰ তৰকাৰী বিশেষ দিনত বিশেষ খাদ্য। এতিয়া ধাবা ষ্টাইলৰ কণীৰ তৰকাৰী ঘৰতে বনাওক । কণীৰ তৰকাৰী ৰান্ধিবলৈ কণী, পিয়াঁজ, বিলাহী, কেপছিকাম, আদাৰ পেষ্ট, হালধি, সেউজীয়া জলকীয়া পেষ্ট, ধনীয়া, ইলাচি, গোটা জলকীয়া, জিৰা, কচৌৰী মেথি গুড়ি, সৰিয়হৰ তেল, টেঙা দৈ আদি লাগিব । জানক কেনেকৈ ৰান্ধিব... ।

1 / 8বিশেষজ্ঞ সকলৰ মতে,কণীৰ কুহুমত অত্যধিক পৰিমাণৰ কেলচিয়াম থাকে। ইয়াৰ উপৰিও দৈনন্দিন খাদ্যত কণী ৰাখিলে শৰীৰত ভিটামিন ডিৰ অভাৱো পূৰণ হয় ।

বিশেষজ্ঞ সকলৰ মতে,কণীৰ কুহুমত অত্যধিক পৰিমাণৰ কেলচিয়াম থাকে। ইয়াৰ উপৰিও দৈনন্দিন খাদ্যত কণী ৰাখিলে শৰীৰত ভিটামিন ডিৰ অভাৱো পূৰণ হয় ।

2 / 8

কণীৰ তৰকাৰী সকলোৰে প্ৰিয়। কণীৰ তৰকাৰী বিশেষ দিনত বিশেষ খাদ্য। এতিয়া ধাবা ষ্টাইলৰ কণীৰ তৰকাৰী ঘৰতে বনাওক ।

3 / 8

কণীৰ তৰকাৰী ৰান্ধিবলৈ কণী, পিয়াঁজ, বিলাহী, কেপছিকাম, আদাৰ পেষ্ট, হালধি, সেউজীয়া জলকীয়া পেষ্ট, ধনীয়া, ইলাচি, গোটা জলকীয়া, জিৰা, কচৌৰী মেথি গুড়ি, সৰিয়হৰ তেল, টেঙা দৈ আদি লাগিব ।

4 / 8

প্ৰথমে কণী বইল কৰি ল'ব লাগিব। এতিয়া এটা বাটিত বিলাহী পেষ্ট, আদাৰ পেষ্ট, সেউজীয়া জলকীয়া, তেল, টেঙা দৈ আৰু ধনীয়া গুড়ি ভালদৰে মিহলাই লওক । আনফালে আদা, নহৰু আৰু সেউজীয়া জলকীয়া মিহি পেষ্ট কৰি লওক ।

5 / 8

এতিয়া মিশ্ৰণটোত ধনীয়া, ইলাচি, জলকীয়া পেষ্ট কৰি সোৱাদ অনুসৰি নিমখ দি গুড়ি মছলা বনাওক। পিঁয়াজখিনি সৰু সৰুকৈ কাটি লওক। এতিয়া কেৰাহীত সৰিয়হৰ তেল গৰম কৰি তাত গোটা জিৰা দিব। আদা, নহৰু, জলকীয়া পেষ্ট আৰু কটা পিঁয়াজ দি ভালদৰে ভাজিব ।

6 / 8

মছলাৰ লগত পিঁয়াজ ৰঙা হ’লে মছলাৰ সৈতে প্ৰস্তুত কৰা গুড়িখিনি মিহলাই লওক। মছলাৰ পৰা তেল ওলালে পুনৰ গুড়ি মছলাৰ সৈতে মছলা ভালদৰে মিহলাই লওক। মছলাৰ গোন্ধ পোৱাকৈ পানী উতলাই লওক। পানী কমি গ’লে গ্ৰেভি তৈয়াৰ হৈ যাব ।

7 / 8

এতিয়া আন এটা বাটিত বইল কণী হালধি আৰু জলকীয়া গুড়িৰে সানি ল'ব আৰু লাহে লাহে ভাজিব। ইফালে বিলাহী আৰু কেপছিকাম কাটি লওক। এতিয়া আগতে বনোৱা গ্ৰেভি কদৈত বিলাহী, কেপছিকাম আৰু কচৌৰী মেথি দি ভালদৰে উতলাই লওক।

8 / 8

গ্ৰেভিত বিলাহী, কেপছিকাম মিহলি হ’লে ভজা কণীখিনি দি অলপ উতলাই লওক। ভাল গোন্ধ ওলালে ওপৰত ধনীয়া পাত ছটিয়াই সিজোৱা কণীৰ কুহুম ভাঙি দিব। এইদৰে ধাবা ষ্টাইলৰ কণীৰ তৰকাৰী ৰান্ধিব পাৰিব ।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!