Diwali 2024: ভাৰতৰ এইসমূহ চহৰত বিশেষভাৱে উদযাপন কৰা হয় দীপাৱলী, দীপোৎসৱ চাবলৈ ভিৰ কৰে বিদেশী পৰ্যটকে! | diwali festival celebrations unique ways in these indian cities Assam news - Assam Tv9

Diwali 2024: ভাৰতৰ এইসমূহ চহৰত বিশেষভাৱে উদযাপন কৰা হয় দীপাৱলী, দীপোৎসৱ চাবলৈ ভিৰ কৰে বিদেশী পৰ্যটকে!

Diwali Celebrations:দেশৰ লগতে সমগ্ৰ বিশ্বতে দেৱালী উৎসৱ অতি ধুমধামেৰে উদযাপন কৰা হয়। সকলোৱে গোটেই বছৰটো এই উৎসৱৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। এই বিশেষ উৎসৱৰ সময়ত আমি আপোনাক ভাৰতৰ সেই চহৰবোৰৰ দেৱালীৰ বিষয়ে ক'ম, য'ত এই উৎসৱটো অতি বিশেষভাৱে উদযাপন কৰা হয়।

Diwali 2024: ভাৰতৰ এইসমূহ চহৰত বিশেষভাৱে উদযাপন কৰা হয় দীপাৱলী,  দীপোৎসৱ চাবলৈ ভিৰ কৰে বিদেশী পৰ্যটকে!

ভাৰতৰ এইসমূহ চহৰত বিশেষভাৱে উদযাপন কৰা হয় দীপাৱলী

Updated On: 

31 Oct 2024 10:33 AM

Diwali 2024: ৩১ অক্টোবৰ অৰ্থাৎ আজি সমগ্ৰ দেশতে দীপাৱলী উদযাপন কৰা হৈছে। দীপাৱলী ভাৰতৰ আটাইকৈ ডাঙৰ উৎসৱ । এই বিশেষ উৎসৱত মানুহে ঘৰে ঘৰে দেৱী লক্ষ্মী আৰু গণেশৰ পূজা কৰে। অধ্যয়ন কৰি থকা শিক্ষাৰ্থীৰ পৰা চাকৰিৰ বাবে ঘৰৰ পৰা আঁতৰত বাস কৰা লোকসকলে আপোন ঘৰখনলৈ আহে, যাতে এই বিশেষ উৎসৱটো পৰিয়ালৰ সৈতে উদযাপন কৰিব পাৰে।

অৱশ্যে, সমগ্ৰ দেশতে দেৱালী উৎসৱ অতি ধুমধামেৰে উদযাপন কৰা হয়। কিন্তু ভাৰতত কিছুমান চহৰ আছে য’ত বিদেশী পৰ্যটকসকলেও দেৱালী চাবলৈ আহে।এই চহৰসমূহত দীপাৱলীৰ দৃশ্যটো দেশৰ আন ঠাইতকৈ অলপ বেলেগ। আমি আপোনাক আজি সেই চহৰবোৰৰ বিষয়ে ক’ম য’ৰ দেৱালী উদযাপন সমগ্ৰ বিশ্বতে বিখ্যাত।

অমৃতসৰ

পাঞ্জাবত অতি ধুমধামেৰে দীপাৱলী উদযাপন কৰা হয়। কিন্তু অমৃতসৰৰ দেৱালী অতি বিশেষ ধৰণে উদযাপন কৰা হয়। অমৃতসৰত ‘বান্দি ছোৰ দিৱস’ৰ নামেৰে দেৱালী উৎসৱ উদযাপন কৰা হয়।বিশ্বাস কৰা হয় যে এই দিনটোতে শিখসকলৰ ষষ্ঠ গুৰু হৰগোবিন্দ সিং কাৰাগাৰৰ পৰা মুকলি হৈছিল। যদি আপুনি অমৃতসৰত আছে, তেন্তে নিশ্চিতভাৱে স্বৰ্ণ মন্দিৰলৈ যাওক। দেৱালীৰ দিনা ইয়াত সৌন্দৰ্য অপূৰ্ব হৈ উঠে।

বাৰাণসী

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ দেৱালীও অতি দৰ্শনীয়। বিদেশী পৰ্যটকসকলেও দেৱালী উৎসৱ উদযাপন কৰিবলৈ ইয়ালৈ আহে। দেৱালীৰ দিনা লাখ লাখ পৰ্যটক তাত উপস্থিত হয়। বাৰাণসীত অতি বিশেষভাৱে দীপাৱলী উদযাপন কৰা হয়। গংগা ঘাট হওক বা কাশী বিশ্বনাথ মন্দিৰ হওক, প্ৰতিটো কোণ চাকিৰে আলোকিত হৈ পৰে। তাৰ দেৱ দীপাৱলী বহু বিখ্যাত।

মাইচুৰু

কৰ্ণাটকৰ মাইচুৰুত দীপাৱলী উৎসৱটো এক বিশেষ শৈলীৰে উদযাপন কৰা হয়। য’ত পোহৰৰ উৎসৱটো আতি ৰাজকীয় শৈলীৰে উদযাপন কৰা হয়। দীপাৱলীৰ দিনা অতি সুন্দৰভাৱে সজোৱা হয় মাইচুৰু পেলেচ। উল্লেখ্য যে, দেৱালী উদযাপন কৰিবলৈ প্ৰতি বছৰে লাখ লাখ লোক তাত উপস্থিত হয়। দেৱালীৰ দিনটোত মাইচুৰুৰ বজাৰৰ দৃশ্য চাবলগীয়া।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?