শৰীৰত এনে সমস্যা আছে যদি অধিক পৰিমাণে নাখাব আদা, হ’ব পাৰে ক্ষতি

আদাৰ উপকাৰী গুণৰ কথা আমি সকলোৱে জানো। পিছে যিমানেই উপকাৰী নহওক কিয়, সকলো বস্তুৰে অত্যধিক মাত্ৰাত ব্যৱহাৰৰ অভ্যাস বেয়া। আদাৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। দেহৰ কিছুমান বিশেষ সমস্যাৰ ক্ষেত্ৰত অধিক মাত্ৰা আদাৰ ব্যৱহাৰ অত্যন্ত ক্ষতিকাৰক হৈ পৰিব পাৰে।

শৰীৰত এনে সমস্যা আছে যদি অধিক পৰিমাণে নাখাব আদা, হ’ব পাৰে ক্ষতি

এনে সমস্যা থাকিলে নাখাব অত্যধিক আদা

Published: 

16 Mar 2025 19:33 PM

আদাৰ উপকাৰী গুণৰ কথা আমি সকলোৱে জানো। আয়ুৰ্বেদত আদাৰ ঔষধি গুণ সম্পৰ্কে ভালদৰে বাখ্যা কৰা হৈছে। এনে ঔষধি গুণৰ বাবে বিশেষজ্ঞসকলে আমাক আদা খোৱাৰ পৰামৰ্শ দিয়ে। আদাই চৰ্দি, বিষ, পাচনতন্ত্ৰৰ সমস্যাকে ধৰি দেহৰ বহু সমস্যা দূৰ কৰাত সহায় কৰে। আদা দিয়া একাপ চাহে অৱসাদ দূৰ কৰি আমাৰ মন তথা শৰীৰটোক সতেজ কৰি তোলাৰ কথা বেলেগকৈ নক’লেও হ’ব! খাদ্যক অধিক সোৱাদযুক্ত কৰি তুলিবলৈ আদাৰ ব্যৱহাৰো সৰ্বপৰিচিত। মুঠৰ ওপৰত আমাৰ পাকঘৰত উপলব্ধ এই সামগ্ৰীবিধ বহু গুণৰ আধাৰ।

পিছে যিমানেই উপকাৰী নহওক কিয়, সকলো বস্তুৰে অত্যধিক মাত্ৰাত ব্যৱহাৰৰ অভ্যাস বেয়া। আদাৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। দেহৰ কিছুমান বিশেষ সমস্যাৰ ক্ষেত্ৰত অধিক মাত্ৰা আদাৰ ব্যৱহাৰ অত্যন্ত ক্ষতিকাৰক হৈ পৰিব পাৰে। এই বিষয়ে জানো আহক-

আদাত বহুতো পদাৰ্থ থাকে, যিবোৰ পেশীৰ সুস্বাস্থ্য বজাই ৰখাত অত্যন্ত সহায়ক প্ৰমাণিত হয়। আদাই হজম শক্তি উন্নত কৰাতো সহায় কৰে। লগতে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰাতো ই সহায় কৰে। মেদবহুলতা আৰু মধুমেহ ৰোগৰ চিকিৎসাতো আদা যথেষ্ট সহায়ক। কিন্তু যদি শৰীৰত হিমোফিলিয়াৰ সমস্যা হয়, তেন্তে আদাৰ এই গুণেই আকৌ নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

হিমোফিলিয়া হৈছে এক প্ৰকাৰৰ বংশগত বিকাৰ। ফ্যাক্টৰ VIII (এবিধ ক্লটিং প্ৰটিন)ৰ অনুপস্থিতিত তেজ জমা হ’ব নোৱাৰে। ইয়াৰ ফলত সৰুকৈ কাটিলেও অত্যধিক ৰক্তক্ষৰণ হ’ব পাৰে, আনকি মৃত্যু পৰ্যন্তও হ’ব পাৰে। হিমোফিলিয়াৰ ঔষধৰ লগত আদা সেৱন কৰিলে ঔষধৰ উপকাৰী প্ৰভাৱ নষ্ট হ’ব পাৰে।

কম ওজন অতিৰিক্ত ওজনৰ দৰেই গুৰুতৰ সমস্যা। ওজন বৃদ্ধিৰ চেষ্টা কৰিলে আদা থকা খাদ্য পৰিহাৰ কৰক। আদাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যি পেটৰ pH স্তৰ বৃদ্ধি কৰি পাচনতন্ত্ৰক উদ্দীপিত কৰে। প্ৰতিদিনে আদা খালে ওজন কমাব পাৰে যদিও ইয়াৰ ফলত চুলি সৰা আৰু অনিয়মিত ঋতুস্ৰাৱো হ’ব পাৰে।

উচ্চ ৰক্তচাপ বা ডায়েবেটিছৰ ঔষধ খালে আদা কমকৈ খোৱা ভাল। আদাই তেজ পাতল কৰি ৰক্তচাপ কমায়। গতিকে, সাধাৰণতে আদা খোৱাটো উপকাৰী হ’লেও ই এন্টিকোএগুলেণ্ট, বিটা-ব্লকাৰ, বা ইনচুলিন আদি ঔষধৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে।

তদুপৰি গৰ্ভাৱস্থাত আদা বেছিকৈ খোৱাটো ভাল নহয়। ইয়াৰ ফলত শৰীৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। গৰ্ভাৱস্থাত আদা বেছিকৈ খালে পেশী সংকোচন হ’ব পাৰে, যাৰ ফলত অকাল প্ৰসৱ হ’ব পাৰে। বিশেষকৈ গৰ্ভাৱস্থাৰ অন্তিম তিনিটা মাহত আদা নাখাবলৈ বহু চিকিৎসকে পৰামৰ্শ দিয়ে।

অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ