5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুৱা উঠি পানী খালে কি হয়? বিশেষজ্ঞই ক’লে এই সামান্য কামৰ ফলত কি পৰিবৰ্তন হ’ব পাৰে

আজিকালিৰ ব্যস্ত সময়ৰ বাবে মানুহৰ খোৱা, শুৱা আদিৰ সময় সলনি হয় আৰু ইয়াৰ প্ৰভাৱ স্বাস্থ্যৰ ওপৰত পৰে। কিন্তু আমি যদি কিছুমান নিয়ম মানি চলো তেন্তে এনে সমস্যা সমূহৰ পৰা কিছু পৰিমাণে আঁতৰি থাকিব পাৰো।

পুৱা উঠি পানী খালে কি হয়? বিশেষজ্ঞই ক’লে এই সামান্য কামৰ ফলত কি পৰিবৰ্তন হ’ব পাৰে
কিমান পানী খাবImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 26 Dec 2024 07:04 AM

আজিকালিৰ সময়ত প্ৰায় মানুহেই ব্যস্ত থাকে আৰু ইয়াৰ প্ৰভাৱ তেওঁলোকৰ স্বাস্থ্যৰ ওপৰতো পৰে। ব্যস্ত সময়ৰ বাবে খোৱাৰ সময় সলনি হোৱাৰ লগতে শুৱা বা অন্য দিশসমূহৰ সময়ো সলন হয়। যাৰ ফলত মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। কিন্তু আমি যদি কিছুমান নিয়ম মানি চলো তেন্তে এনে সমস্যাসমূহৰ পৰা কিছু আঁতৰি থাকিব পাৰো। সেয়ে আমি আমাৰ দৈনন্দিন ৰুটিনত এনে কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিব লাগে যাৰ ফলত স্বাস্থ্য ভালে থাকে।

বহু মানুহে পুৱা উঠি চাহ বা কফি খাই ভাল পায়। কিন্তু পুৱা উঠি পানী খোৱাৰ অভ্যাস গঢ়ি তোলাতো অত্যন্ত ভাল। কিয়নো পুৱা উঠি চাহ বা কফি খালে শৰীৰত বেয়া প্ৰভাৱো পৰিব পাৰে। সুস্থ হৈ থাকিবলৈ পুৱা উঠাৰ পাছত পানী খোৱা দৰকাৰ। শীত হওক বা গ্ৰীষ্ম, আপুনি পুৱা উঠি কুহুমীয়া পানী খালে পেট আৰু শৰীৰ ভালে থাকে। পানী খাই দিনৰ আৰম্ভণি কৰিব লাগে। অৱশ্যে ঠাণ্ডাৰ দিনত ঠাণ্ডা পানীৰ সলনি কুহুমীয়া পানী খাব লাগে। ইয়াৰ ফলত পাচন তন্ত্ৰ ঠিক হয়, শৰীৰত জমা হৈ থকা টক্সিন বাহিৰ হয় আৰু শৰীৰ ডিটক্সিফেকিশ্যন হৈ থাকে।

কিমান গিলাচ খাব লাগে

পুৱা কিমান গিলাচ পানী খাব লাগে এই প্ৰশ্নৰ উত্তৰ দি আয়ুৰ্বেদিক বিশেষজ্ঞ ডাঃ কিৰণ গুপ্তাই কয় যে যদি আপোনাৰ কোনো গুৰুতৰ ৰোগ নাই তেন্তে প্ৰতিদিনে পুৱা এগিলাচ পানী খাব পাৰে। কিন্তু যদি আপোনাৰ কিডনী বা লিভাৰৰ লগত জড়িত কোনো সমস্যা আছে একেবাৰে অলপ এটা বা দুটা চুমুক পানী খাব লাগে। প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত এয়া বেলেগ বেলেগ হয়। সকলোৱে নিজৰ ক্ষমতা অনুযায়ী পানী খাব লাগে।

যদি আপোনাৰ কোনো গুৰুতৰ ৰোগ আছে তেন্তে পুৱা কিমান পানী খাব লাগে সেই সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক। ইয়াৰোপৰি ডাঃ গুপ্তাই ক. যে, পুৱা কিমান পানী খাব লাগে সেয়া নিশা খোৱা খাদ্যৰ ওপৰতো নিৰ্ভৰ কৰে। যদি আপুনি নিশা পলমকৈ খাদ্য গ্ৰহণ কৰিছে আৰু পুৱা দেৰিকৈ সাৰ পায় তেন্তে ৪-৫ গিলাচতকৈ অধিক পানী খাব পাৰে। যদি নিশা সোনকালে আহাৰ গ্ৰহণ কৰি সোনকালে সাৰ পাই তেন্তে এক গিলাচ খোৱা যথেষ্ঠ। তেওঁ লগতে কয় যে, পানী সদায় বহি লাহে লাহে খাব লাগে।

উপকাৰ

পুৱা খালী পেটত কুহুমীয়া পানী খালে হজম শক্তি উন্নত হয়। পানীয়ে পুষ্টিকৰ উপাদানসমূহ ভাঙি পেলোৱাত সহায় কৰে। পুৱা সোনকালে পানী খালে আপুনি গোটেই দিনটো শক্তিশালী অনুভৱ কৰিব। ইয়াৰ ফলত শৰীৰত গেছৰ সমস্যা নহয়। পুৱা কুহুমীয়া পানী খালে শৰীৰ আৰু মগজুলৈ অক্সিজেনৰ যোগান উন্নত হয়। যাৰ ফলত মন সক্ৰিয় হৈ পৰে আৰু শৰীৰৰ বিষমুক্ত হয়। ইয়াৰ ফলত দিনটো আপুনি শান্তি অনুভৱ কৰিব।  পুৱা সাৰ পোৱাৰ পিছত পানী খালে কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায় আৰু পেট পৰিষ্কাৰ হয়। ইয়াৰ লগতে পুৱা পানী খালে ছাল উজ্বল হোৱাৰ লগতে তেজৰ সঞ্চালন বৃদ্ধি হয়।

 

 

Latest News