5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভাগৰুৱা অনুভৱ কৰে নেকি? পুৱা কৰক এই কাম, দূৰ হ’ব সকলো সমস্যা…

প্ৰতিদিনে পুৱা কিছুমান প্ৰয়োজনীয় কাম কৰা দৰকাৰ। অলপ কাম কৰি ভাগৰি পৰা আৰু শক্তিৰ মাত্ৰা অতি কম অনুভৱ কৰাৰ অৰ্থ হ’ল শৰীৰটো ভিতৰৰ পৰা দুৰ্বল হৈ পৰিছে বা আপুনি এনে ব্ৰেকফাষ্ট কৰা নাই যিয়ে আপোনাক দুপৰীয়াৰ আহাৰ গ্ৰহণলৈকে শক্তি দিব পাৰে।

ভাগৰুৱা অনুভৱ কৰে নেকি? পুৱা কৰক এই কাম, দূৰ হ’ব সকলো সমস্যা…
সু প্ৰভাত
barasha-sarma
Barasha Sarma | Published: 03 Dec 2024 06:59 AM

আজিৰ ব্যস্ত সময়ে মানুহৰ জীৱনশৈলীৰো পৰিবৰ্তন কৰে। বেয়া জীৱনশৈলীৰ প্ৰত্যক্ষ প্ৰভাৱ স্বাস্থ্যৰ ওপৰত পৰে। ইয়াৰ বাবে বহু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।  সময়মতে খাদ্য গ্ৰহণ নকৰিলে বা পুষ্টিকৰ উপাদানেৰে ভৰপুৰ খাদ্য নাখালে মানুহে দুৰ্বল অনুভন কৰাৰ লগতে গেষ্ট্ৰিক আদিৰ সমস্যাইও দেখা দিয়ে। অস্বাস্থ্যকৰ ৰুটিনে স্বাস্থ্যত প্ৰভাৱ কৰাৰ ফলত প্ৰথম অৱস্থাত মানুহৰ ভাগৰুৱা অনুভৱ হয়। ইয়াৰ ফলত শৰীৰৰ শক্তি কম হৈ পৰে আৰু ভৱিষ্যতলৈ কিছুমান বেমাৰ মাতি আনে। যদি আপুনি অপ কাম কৰাৰ পাছত বা খোজ কঢ়াৰ পাছত ভাগৰি পৰে তেন্তে আপোনাৰ ৰুটিনৰ সাল-সলনি কৰা প্ৰয়োজন।

অলপ কাম কৰি ভাগৰি পৰা আৰু শক্তিৰ মাত্ৰা অতি কম অনুভৱ কৰাৰ অৰ্থ হ’ল শৰীৰটো ভিতৰৰ পৰা দুৰ্বল হৈ পৰিছে বা আপুনি এনে ব্ৰেকফাষ্ট কৰা নাই যিয়ে আপোনাক দুপৰীয়াৰ আহাৰ গ্ৰহণলৈকে শক্তি দিব পাৰে। গতিকে পুৱাৰ আৰম্ভণিতে এনে কিছুমান কথা মনত ৰাখক যিয়ে আপোনাৰ শৰীৰত শক্তি বৃদ্ধি কৰে।

পানী

৭ ৰ পৰা ৮ ঘন্টা শুৱাৰ পাছত পুৱা শৰীৰত হাইড্ৰেটেড কৰা প্ৰয়োজন। যাৰ বাবে পুৱা অন্তত এগিলাচ কুহুমীয়া পানী খাব লাগে। ইয়াৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থও আঁতৰি যায়।প্ৰতিদিনে যোগাসন কৰাও ফাল। গতিকে মলাসন কৰি লাগে লাগে পানী অলপ অলপকৈ খাব পাৰে।

তিয়াই থোৱা বাদাম

সাৰ পোৱাৰ কিছু সময়ৰ পিছতে দুইৰ পৰা তিনিটা আলমণ্ড,ব্ৰাজিল বাদাম, পাইন বাদাম, ৭ৰ পৰা ৮টা বাদাম আদি খাব পাৰে। ইয়াৰ ফলত আপুনি প্ৰটিন পাব, যিয়ে শক্তিৰ মাত্ৰা বৃদ্ধি কৰিব, ইয়াৰ উপৰিও এই বাদামত ভাল চৰ্বি থাকে যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে।

যোগাসন

গোটেই দিনচো সক্ৰিয় হৈ থাকিবলৈ পুৱাৰ ভাগত প্ৰতিদিনে যোগাসন বা ব্যায়ম কৰিব লাগে। ইয়াৰ বাবে প্ৰতিদিনে পুৱা খোজ কাঢ়িবও পাৰে। যিসকলে দিনটো বহি কাম কৰি থাকিব লাগে তেওঁলোকে পুৱা খোজ কঢ়া, যোগাসন, চাইকেল চলোৱা, বা লঘু ৱৰ্কআউট কৰা উচিত। ইয়াৰ ফলত পেশীৰ শক্তি বৃদ্ধি পায় আৰু সোনকালে ভাগৰ অনুভৱ নহয়।

পুৱাৰ আহাৰ

পুৱাৰ আহাৰে আমাক দুপৰীয়াৰ আহাৰ গ্ৰহণলৈকে শক্তি প্ৰদান কৰাত সহায় কৰে, সেয়েহে ইয়াত স্বাস্থ্যকৰ বস্তু অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়। প্ৰটিন আৰু ফাইবাৰযুক্ত খাদ্য আমি খাব লাগে। উদাহৰণ স্বৰূপে তিয়াই থোৱা অটছ আৰু চিয়া গুটিৰ পুডিং, কণী, পনীৰ-গ্ৰাম চালাড, দাইল, কল, গাখীৰ আদি।ব্ৰেকফাষ্টত অতিৰিক্ত তেল আৰু মছলা খোৱাৰ পৰা বিৰত থাকিব লাগে।

Latest News