গ্ৰীষ্মকালত বাৰে বাৰে এচিডিটিয়ে আমনি কৰে নেকি? তেন্তে আয়ুৰ্বেদিক ঔষধে সহায় কৰিব
Summer Acidity Problem: গৰম আৰু আৰ্দ্ৰতা বৃদ্ধিৰ লগে লগে মানুহৰ পাচনতন্ত্ৰতো প্ৰভাৱ পৰে, যাৰ ফলত এচিডিটিৰ দৰে সমস্যা বহু পৰিমাণে বৃদ্ধি পায়। যদি আপুনিও একেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তেন্তে বিশেষজ্ঞসকলে দিয়া কিছুমান আয়ুৰ্বেদিক টিপছ মানি চলিব পাৰে।

Acidity in Summers: আজিকালি প্ৰায়ভাগ লোকৰে গেছৰ সমস্যা বৃদ্ধি হৈছে। বিশেষকৈ, গ্ৰীষ্মকালত এই সমস্যা বহুত বাঢ়ি যায়। আৰ্দ্ৰতা বৃদ্ধি হোৱাৰ লগে লগে হজম শক্তিও প্ৰভাৱিত হয়। এচিডিটিৰ বাবে অস্বস্তি, বুকু জ্বলা-পুৰা কৰা আৰু পেট বেয়া হোৱা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে ক্ষেত্ৰত হজম শক্তি দুৰ্বল হোৱাৰ বাবে খোৱা বা সেৱন কৰা যিকোনো বস্তুৰ ক্ষেত্ৰত অসুবিধা হ’ব পাৰে।
আয়ুৰ্বেদ বিশেষজ্ঞৰ মতে, গৰমৰ দিনত পেটৰ বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। বহু সময়ত খাদ্য খোৱাৰ ক্ষেত্ৰত অসাৱধানতাৰ বাবে খাদ্য বিষক্ৰিয়াৰ সমস্যাও দেখা দিয়ে। গতিকে খাদ্যত দৈ নিশ্চয় অন্তৰ্ভুক্ত কৰক। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’বায়’টিক থাকে আৰু লগতে পেট শীতল কৰি ৰাখে। কিন্তু যদি আপুনি বাৰে বাৰে এচিডিটিৰ সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপুনি কিছুমান আয়ুৰ্বেদিক টিপছ মানি চলিব পাৰে।
জিৰা আৰু ধনীয়া পানী
জিৰা আৰু ধনীয়া দুয়োবিধেই হজম শক্তি উন্নত কৰে। ইয়াৰ ফলত এচিডিটি হ্ৰাস পায়। এই দুটা মিহলাই পানী খালে পেটত শীতলতা পোৱা যায়। কোষ্ঠকাঠিন্য, পেট ফুলা আৰু পেটৰ বিষৰ বাবেও ই অতি ফলপ্ৰসূ। এগিলাচ পানীত ১ চামুচ জিৰা আৰু ১ চামুচ ধনীয়া দি উতলাই লওক। তাৰ পিছত ঠাণ্ডা কৰি পান কৰক।
নাৰিকল পানী
এচিডিটি দূৰ কৰাত নাৰিকল পানী অতি ফলপ্ৰসূ। ই পাচনতন্ত্ৰ শান্ত কৰে। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়াও দ্ৰুত হয়। ওজন কমাবলৈও নাৰিকল পানী অতি উপকাৰী বুলি গণ্য কৰা হয়। প্ৰতিদিনে এটাকৈ নাৰিকল পানী খালে এচিডিটিৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।
জিৰা আৰু গুড়
জিৰা সেৱনে পেটৰ এচিডিটি কমোৱাত সহায় কৰে। গুড়ৰ লগত খালে পেটত গেছ আৰু এচিডিটিৰ সমস্যা কমি যায়। ১ চামুচ জিৰা আৰু গুড়ৰ সৰু টুকুৰা খাওক, ইয়াৰ দ্বাৰাও গেছৰ পৰা সোনকালে সকাহ পোৱা যায়।