সঘনাই কাহ হৈ থাকে নেকি ? ই টিবিৰ লক্ষণ হ’ব পাৰে…
টিবিৰ আটাইতকৈ ডাঙৰ লক্ষণ হ’ল স্থায়ী কাহ । কিন্তু দেখা যায় যে, এই সমস্যা প্ৰায় সংখ্যক লোকে আওকাণ কৰে। স্থায়ী কাহ হ’ল পালমোনাৰী(Pulmonary) টিবিৰ লক্ষণ।

২০২৪ চনত প্ৰকাশ পোৱা গ্ল’বেল টিউবাৰক্লুচিচ ৰিপ’ৰ্টত দেখা গৈছে যে, ২০১৫ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ভাৰতত টিবি ৰোগীৰ সংখ্যা ১৭.৭% হ্ৰাস পাইছে। যদিও টিবি ৰোগীৰ সংখ্যা কমি আহিছে, কিন্তু এই ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা নাই। এতিয়াও প্ৰতিদিনে টিবি ৰোগী পঞ্জীয়ন হৈ আছে। লক্ষণসমূহ চিনাক্ত নোপোৱাটো এই ৰোগৰ এক ডাঙৰ সমস্যা। টিবিৰ আটাইতকৈ ডাঙৰ লক্ষণ হ’ল স্থায়ী কাহ । কিন্তু দেখা যায় যে, এই সমস্যা প্ৰায় সংখ্যক লোকে আওকাণ কৰে। স্থায়ী কাহ হ’ল পালমোনাৰী টিবিৰ লক্ষণ।
বিশ্বৰ সকলো টিবি আক্ৰান্ত ৰোগীৰ ভিতৰত ২৫ শতাংশই কেৱল ভাৰতৰ। ইয়াৰ ভিতৰত অধিকাংশ ৰোগী পালমোনাৰী টিবি ৰোগত আক্ৰান্ত। ইয়াৰ বাহিৰেও দ্বিতীয়টো হ’ল এক্সট্ৰাপালমোনাৰী টিবি। ইয়াত হাওঁফাওঁৰ বাহিৰেও অন্য অংগত টিবি সংক্ৰমণ হয়। হাওঁফাওঁৰ টিবিৰ আটাইতকৈ ডাঙৰ লক্ষণ হ’ল সঘনাই কাহ হোৱা। এইচ আই ভি বা ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ টিবি হোৱাৰ সম্ভাৱনা সৰ্বাধিক।
এপ’ল’ স্পেকট্ৰা হাস্পতালৰ পালমোন’লজিষ্ট ডাঃ প্ৰীতপল কৌৰে কয় যে, সঘনাই কাহ হোৱাটো টিবিৰ এটা প্ৰধান লক্ষণ, কিন্তু মানুহে ইয়াক আওকাণ কৰে। যদি কাৰোবাৰ তিনি সপ্তাহতকৈ অধিক সময় অবিৰতভাৱে কাহ হয়, তেন্তে নিশ্চিতভাৱে টিবিৰ পৰীক্ষা কৰাব লাগে। ডাঃ কৌৰে লগতে কয় যে, টিবি বায়ুৰ জৰিয়তে বিয়পে। ই এজন ব্যক্তিৰ পৰা আন এজনলৈ সংক্ৰমিত কৰে। কাহত তেজ ওলোৱা, ওজন কমি যোৱা, ৰাতি ঘাম ওলোৱা, ভাগৰুৱা অনুভৱ কৰা আৰু ভোক কমি যোৱা আদিও টিবি ৰোগৰ লক্ষণ। যদি এই সমস্যা হয় তেন্তে ইয়াক পৰীক্ষা কৰাওক। যদি পৰীক্ষাত টিবি ধৰা পৰে তেন্তে আতংকিত হোৱাৰ প্ৰয়োজন নাই।
টিবিৰ বিনামূলীয়া চিকিৎসাৰ সুবিধাও চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হয়। সাধাৰণতে টিবি বিৰোধী ঔষধেৰে ছমাহ বা তাতকৈ অধিক সময়ৰ বাবে চিকিৎসা কৰা হয়, যিটো চিকিৎসকৰ পৰামৰ্শ অনুসৰি সম্পূৰ্ণ কৰিব লাগিব। যদি ঔষধ সেৱন কৰাটো এৰি দিয়ে, তেন্তে পুনৰ এই ৰোগ হ’ব পাৰে।