কেৰেলাই সঁচাকৈয়ে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে নে? কি কয় বিশেষজ্ঞই, চাওক….
ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে তেজত চেনি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হ’ব লাগে। এইক্ষেত্ৰত খাদ্য তালিকাৰ ওপৰতো ভালদৰে গুৰুত্ব দিয়া উচিত। সাধাৰণতে আমাৰ অধিকাংশ লোকৰে মনত এটা প্ৰশ্নৰ উদয় হোৱা দেখা যায়, তিতা কেৰেলাই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে নেকি? এই সন্দৰ্ভত স্বাস্থ্য বিশেষজ্ঞসকলে সঠিক মতামত আগবঢ়াইছে।
সাম্প্ৰতিক সময়ত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। এনে পৰিস্থিতিত স্বাস্থ্য সচেতন লোকসকলে নিজকে নিৰোগী কৰি ৰাখিবলৈ যথাসাধ্য স্বাস্থ্য বিধানসমূহ মানি চলে। আনহাতে ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলেও তেজত চেনি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সাৱধান হ’ব লাগে। এইক্ষেত্ৰত খাদ্য তালিকাৰ ওপৰতো ভালদৰে গুৰুত্ব দিয়া উচিত। ডায়েবেটিছ অনুকূল খাদ্য সামগ্ৰীৰে দিনটো আৰম্ভ কৰাটো প্ৰয়োজনীয়। খাদ্যৰ যত্ন ল’লে চেনি নিয়ন্ত্ৰণত থাকে। কিন্তু অত্যধিক ব্যস্ততাৰ বাবে বহুসময়ত অধিকাংশ লোকে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাত অসুবিধাৰ সন্মুখীন হয়।
কিন্তু যিমানদূৰ সম্ভৱ, ডায়েবেটিছ ৰোগীসকলে নিজৰ খাদ্য আৰু পানীয়ৰ বিশেষ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সাধাৰণতে আমাৰ অধিকাংশ লোকৰে মনত এটা প্ৰশ্নৰ উদয় হোৱা দেখা যায়, তিতা কেৰেলাই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে নেকি? এই সন্দৰ্ভত স্বাস্থ্য বিশেষজ্ঞসকলে সঠিক মতামত আগবঢ়াইছে। আয়ুৰ্বেদিক বিশেষজ্ঞ ডাঃ কিৰণ গুপ্তায়ো সাধাৰণ মানুহৰ মনত উদয় হোৱা এই প্ৰশ্ন সন্দৰ্ভত মত প্ৰকাশ কৰিছে।
ডাঃ কিৰণ গুপ্তাৰ মতে, তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ হ’লে সুষম খাদ্য গ্ৰহণ কৰিব লাগিব। সকলো বস্তু সঠিক পৰিমাণত সেৱন কৰি থাকিলেহে তিতা কেৰেলাৰ পৰাও উপকাৰ সাধন হয় বুলি তেওঁ লগতে কয়। ডায়েবেটিছ ৰোগীসকলে তিতা কেৰেলাৰ সতেজ ৰস খাব পাৰে বুলিও তেওঁ জানিবলৈ দিছে। ডাঃ কিৰণ গুপ্তাই উল্লেখ কৰা মতে তিতা কেৰেলা ভাজি খাব নালাগে। ভাজি খালে তিতা কেৰেলাৰ পৰা সকলো পুষ্টিকৰ উপাদান ওলাই যায় বুলি তেওঁ জানিবলৈ দিয়ে।
চিকিৎসকগৰাকীৰ মতে তিতা কেৰেলাই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে, কিন্তু ইয়াৰ লগতে ব্যায়াম আৰু খোজ কঢ়াৰ লগতে সুষম খাদ্যও গ্ৰহণ কৰিব লাগিব। তেওঁ লগতে কয় যে ডায়েবেটিছ ৰোগীসকলে অবিৰতভাৱে তিতা কেৰেলা খালেহে ইতিবাচক ফলাফল দেখা পাব। উল্লেখ্য যে তিতা কেৰেলাৰ স্বাস্থ্য উপকাৰী আন বহু গুণ আছে। ইয়াত ফাইবাৰ, ভিটামিন এ আৰু চি আৰু অন্যান্য পুষ্টিকৰ উপাদান যথেষ্ট পৰিমাণে থাকে।
তিতা কেৰেলাই ওজন নিয়ন্ত্ৰণত সহায় কৰাৰ লগতে ছাল আৰু চুলিৰ ক্ষেত্ৰতো ইতিবাচক ফল প্ৰদান কৰে। এই পাচলিবিধত ভিটামিন চি থাকে আৰু সেয়ে ই ব্যক্তিৰ দে্হৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও উন্নত কৰি তোলে। কেৱল এয়াই নহয়, তিতা কেৰেলাত পলিফিনল থাকে, এই পলিফিলিনে প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে। লগতে এই পাচলিয়ে শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু যকৃতৰ বিষমুক্তকৰণতো সহায় কৰিব পাৰে।
অৱশ্যে কোনো ৰোগ নিৰাময়ৰ বাবে যদি তিতা কেৰেলা সেৱন কৰিব বিচাৰে, তেন্তে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ নকৰাকৈ নিজাকৈ এনে বিধান গ্ৰহণ কৰিলে ইয়াৰ উপকাৰিতাতকৈ অপকাৰিতাৰ সন্মুখীন হোৱাৰহে সম্ভাৱনা বৃদ্ধি পাব পাৰে।