পানী সলনি হ’লে চুলি সৰাৰ সমস্যা হয় নেকি ? এই সমস্যা দূৰ কৰিবলৈ কি কৰিব ? জানক
বহুতে বিশ্বাস কৰে যে, পানী সলনি হ'লে চুলি সৰাৰ সমস্যা সৃষ্টি হয় । প্ৰকৃতে পানী হ'লে চুলি সৰিবলৈ আৰম্ভ কৰে নেকি ? এই সমস্যা সন্মুখীন হ'লে কি কৰিব ? জানক
মানুহৰ চুলি সৰা সমস্যা একেবাৰে সাধাৰণ হৈ পৰিছে । যুৱক-যুৱতীৰ পৰা বয়সীয়াল সকললৈকে সকলোৱে এই সমস্যাৰ সন্মুখীন হয় । বহু সময়ত এই সমস্যাই মানুহৰ মনত মানসিক চাপৰো সৃষ্টি কৰে । উল্লেখ্য যে, চুলি সৰা সমস্যা বহু কাৰণত সৃষ্টি হয় । ভিটামিনৰ অভাৱৰ ফলতো এই সমস্যা সৃষ্টি হয় ।
কিন্তু বহুতে বিশ্বাস কৰে যে, কৰ্মসূত্ৰে ঠাই সলনি কৰা বা ব্যৱসায়িক কামত এঠাইৰ পৰা ঠাইলৈ যোৱা বা যিকোনো কাৰণত ঠাই সলনি কৰাৰ ফলত পানী সলনি হয় । ইয়াৰ ফলতে চুলি সৰা সমস্যা সৃষ্টি হয় বুলি বিশ্বাস কৰা হয় । ঠাই ভেদে সলনি হোৱাৰ পানীৰে গা ধোৱাৰ ফলতে চুলি সৰা আৰম্ভ কৰে বুলি কোৱা হয় । প্ৰকৃতে এই কথা সঁচা নে ?
পানী সলনি কৰিলে চুলি সৰা সমস্যা হয় নেকি?
শ্ৰীবালাজী একচন মেডিকেল ইনষ্টিটিউটৰ ছালৰ বিশেষজ্ঞৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ বিজয় সিংঘলে কয় যে, চুলি দুৰ্বল হোৱা আৰু সৰাৰ কাৰণ হয়তো পানীৰ পৰিৱৰ্তন নহয় বৰঞ্চ পানীৰ মানদণ্ড বেয়া। নিম্নমানৰ পানী চুলি সৰা বা দুৰ্বল হোৱাৰ এটা প্ৰধান কাৰণ হ’ব পাৰে। যদি পানীত অত্যাধিক পৰিমাণৰ ক্ল’ৰিন, কেলচিয়াম আৰু মেগনেছিয়ামৰ দৰে কঠিন ধাতু বা মলি থাকে তেন্তে ই চুলি আৰু মূৰৰ ছালৰ ক্ষতি কৰিব পাৰে। এনে পানীৰে চুলি ধুলে মূৰৰ ছালৰ পৰা আৰ্দ্ৰতা আঁতৰাই চুলি শুকান কৰিব পাৰে। ইয়াৰ বাবে চুলিবোৰ দুৰ্বল হৈ সৰিবলৈ আৰম্ভ কৰে।
এই সমস্যা কেনেকৈ দূৰ কৰিব ?
- পানী বিশুদ্ধ কৰিবলৈ ফিল্টাৰ ব্যৱহাৰ কৰক। ইয়াৰ ফলত পানীৰ মান উন্নত হ’ব আৰু চুলিৰ কোনো ক্ষতি নহয়।
- চুলিৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ মইশ্ব’ৰাইজাৰযুক্ত চেম্পু আৰু কণ্ডিচনাৰ ব্যৱহাৰ কৰিব লাগে। এনে কৰিলে চুলি শুকান হোৱাৰ পৰা ৰক্ষা পৰিব।
- সপ্তাহত এবাৰ নাৰিকল, আমলা বা আলমণ্ড তেলেৰে মূৰ মালিচ কৰিব লাগে। এনে কৰিলে চুলিৰ গুৰিটো শক্তিশালী হয় আৰু মূৰৰ ছালখন আৰ্দ্ৰ হৈ থাকে।
- চুলি শক্তিশালি কৰিবৰ বাবে প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ খাদ্য খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক।
- যদি সমস্যাটো বাঢ়িছে, তেন্তে নিশ্চিতভাৱে ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ লওক।