ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত নেমু আৰু মৌ কিমান উপকাৰী ? কোনসকল লোকে খাব নালাগে ? জানক

কোৱা হয় যে, নেমু আৰু মৌৱে ওজন কমোৱাত সহায় কৰে । কিছুমান গৱেষণা আলোচনীটো এই বিষয়ত প্ৰকাশ পাইছে। এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক মৌ আৰু নেমু খালে ওজন হ্ৰাস কৰাত সহায়ক হয়নে ?

ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত নেমু আৰু মৌ কিমান উপকাৰী ? কোনসকল লোকে খাব নালাগে ? জানক

নেমু

Published: 

23 Feb 2025 07:02 AM

ওজন হ্ৰাস কৰাটো এটা ডাঙৰ সমস্যা । প্ৰতিজন লোকে ওজন হ্ৰাস কৰিবলৈ অধিক চেষ্টা কৰে । এই ক্ষেত্ৰত বহু লোক সফল হয় আৰু বহু লোকে চেষ্টা কৰিও আশা কৰা ধৰণে সফল নহয় । কোৱা হয় যে, নেমু আৰু মৌৱে ওজন কমোৱাত সহায় কৰে । কিছুমান গৱেষণা আলোচনীটো এই বিষয়ত প্ৰকাশ পাইছে। এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক মৌ আৰু নেমু খালে ওজন হ্ৰাস কৰাত সহায়ক হয়নে ?

নেমু আৰু মৌ ওজন কিমান উপকাৰী ?

মৌত বহু ধৰণৰ বায়’এক্টিভ থাকে। ইয়াত এন্টিঅক্সিডেন্ট আৰু এমিনো এচিড থাকে, যিয়ে ওজন কমোৱাত সহায় কৰে। নেমুত এন্টিঅক্সিডেন্ট, চাইট্ৰিক এচিডো থাকে। নেমুৰ পানী খালে শৰীৰ হাইড্ৰেটেড হৈ থাকে আৰু লগতে বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ হয়। নেমুত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে প্ৰদাহ আৰু অক্সিডেটিভ ষ্ট্ৰেছ কমোৱাত সহায় কৰে। ইয়াৰ ফলত ওজন হ্ৰাস কৰাত সহায়ক হয় । এই কাৰণেই নেমুৰ ৰস আৰু মৌ ওজন কমোৱাৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।

নেমু আৰু মৌ সকলোৰে বাবে উপযোগী নে?

ডাঃ যুগল কিশোৰে কয় যে, এই নেমু আৰু মৌ সকলো মানুহৰ বাবে উপযোগী নহয়। কাৰণ যদি কোনো ব্যক্তিৰ এচিড ৰিফ্লাক্সৰ সমস্যা থাকে আৰু তেওঁ নেমুৰ পানী খাই, তেন্তে ই তেওঁৰ শৰীৰত ক্ষতি কৰিব পাৰে । নেমু আৰু মৌৱে এচিড ৰিফ্লাক্সৰ সমস্যা বৃদ্ধি কৰিব পাৰে। কিছুমান মানুহৰ টেঙা বস্তুৰ প্ৰতিও এলাৰ্জী হয়, কিন্তু তেওঁলোকে এই কথা নাজানে। এনে লোকৰ ওপৰতো নেমুৰ পানী খালে বিশেষ প্ৰভাৱ নপৰে। ডাঃ কিশোৰে বুজাইছে যে, এজন ব্যক্তিৰ মেদবহুলতাৰ লগত জড়িত কোনো গুৰুতৰ ৰোগ থাকিলেও নেমুৰ পানী তেওঁৰ বাবে উপযুক্ত নহয়।

নেমুৰ পানী খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক

বাতবিষ বা দাঁতৰ সমস্যা হ’লেও নেমুৰ পানী খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াক খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক আৰু নিজাববীয়াকৈ এই খাদ্যাভ্যাস গ্ৰহণ নকৰিব ।

আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...