প্ৰটিনো হ’ব পাৰে দেহত ইউৰিক এচিড বৃদ্ধিৰ কাৰণ! বিশেষজ্ঞই কি কয় চাওক
শৰীৰত পুষ্টিকৰ উপাদানসমূহৰ অভাৱৰ বাবে বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। পিছে কেৱল পুষ্টিকৰ উপাদানৰ অভাৱেই নহয়, শৰীৰত এই উপাদানসমূহৰ পৰিমাণ অধিক হ’লেও স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। শৰীৰত অতিৰিক্ত প্ৰটিনে ইউৰিক এচিডৰ সমস্যা বৃদ্ধি কৰে বুলি যথেষ্ট চৰ্চা হোৱা দেখা যায়। এই বিষয়ত বিশেষজ্ঞই কি কয় চাওক।
আমাৰ সুস্বাস্থ্যৰ অন্যতম আধাৰ হৈছে খাদ্য। খাদ্যৰ জৰিয়তে আমাৰ দেহে ভিটামিন, খনিজ পদাৰ্থ আৰু প্ৰটিনৰ দৰে পুষ্টিকৰ উপাদান আহৰণ কৰে। এই পুষ্টিকৰ উপাদানসমূহে আমাৰ শৰীৰ সুস্থ, সবল আৰু নিৰোগী কৰি তোলে। শৰীৰত পুষ্টিকৰ উপাদানসমূহৰ অভাৱৰ বাবে বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। পিছে কেৱল পুষ্টিকৰ উপাদানৰ অভাৱেই নহয়, শৰীৰত এই উপাদানসমূহৰ পৰিমাণ অধিক হ’লেও স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।
বহুসময়ত শুনা যায় যে শৰীৰত অতিৰিক্ত প্ৰটিন থাকিলে ইউৰিক এচিডৰ সমস্যা বৃদ্ধি পায়। এই বিষয়ত যথেষ্ট চৰ্চা হোৱা দেখা যায় যদিও অধিকাংশ লোকেই ভালদৰে এই বিষয়ে জ্ঞাত নহয়। বিশেষজ্ঞসকলে এই সন্দৰ্ভত মতামত আগবঢ়াইছে। পুষ্টিবিদ নমামী আগৰৱালাই উল্লেখ কৰা মতে কিছুমান পৰিস্থিতিত অতিৰিক্ত প্ৰটিনৰ বাবে ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায়।
বিশেষজ্ঞসকলে উল্লেখ কৰা মতে ইয়াৰ কাৰণ কাৰ্ব’হাইড্ৰেট আৰু পৰিশোধিত চেনী। যদি আপোনাৰ খাদ্যত এই দুটাৰ পৰিমাণ বেছি হয়, তেতিয়া শৰীৰত ইউৰিক এচিড বৃদ্ধি পাব। খাদ্যত কাৰ্ব’হাইড্ৰেট বা পৰিশোধিত চেনী অধিক গ্ৰহণ কৰিলে শৰীৰত অতিৰিক্ত ইনচুলিন উৎপাদন হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাবে বৃক্কই শৰীৰৰ পৰা ইউৰিক এচিড সঠিকভাৱে আঁতৰাব নোৱাৰে, যাৰ ফলত ইউৰিক এচিডৰ পৰিমাণ সৃষ্টি হয়।
অৱশ্যে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ প্ৰটিন হ্ৰাস কৰা উচিত নহয়। শৰীৰত প্ৰটিন হ্ৰাস পোৱাৰ বাবে বহু সমস্যাৰ সৃষ্টি হয়। যদি আপোনাৰ ইউৰিক এচিডৰ সমস্যা আছে, তেতিয়া ডায়েটিচিয়ানৰ পৰা সঠিক ডায়েট প্লেন গ্ৰহণ কৰা উচিত আৰু সেই অনুসৰি ডায়েট বজাই ৰখাটো প্ৰয়োজনীয়। উল্লেখ্য যে ইউৰিক এচিড হৈছে শৰীৰত থকা অপ্ৰয়োনীয় পদাৰ্থ। খাদ্য হজমৰ পিছত ইউৰিক এচিড গঠন হয়।
পিউৰিন সমৃদ্ধ খাদ্য খালে বৃক্কই সেই খাদ্য সঠিকভাৱে ফিল্টাৰ কৰিব নোৱাৰে আৰু এনে পৰিস্থিতিত ইউৰিক এচিড শৰীৰৰ পৰা নিষ্কাষণ কৰিব নোৱাৰি। শৰীৰত ইয়াৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে গাঁঠিৰ বিষৰ সমস্যা হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে, শৰীৰত ইউৰিক এচিড বৃদ্ধি হ’লে ভিটামিন চি অতি উপকাৰী। কমলা, আনাৰস আৰু নেমু আদি ভিটামিন চি থকা বস্তুবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।