জানেনে, অত্যধিক পানীও হ’ব পাৰে দেহৰ ক্ষতিৰ কাৰণ? চাওক এই বিষয়ে

এক সুস্থ-সবল আৰু নিৰোগী শৰীৰৰ বাবে এগৰাকী ব্যক্তিয়ে দিনটোত নিৰ্ধাৰিত পৰিমাণৰ পানী খাব লাগে। কোৱা হয় যে প্ৰতিদিনে পুৱা খালী পেটত পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাশিত হয়। কিন্তু কম পানী খোৱাটো যিদৰে দেহৰ বাবে ক্ষতিকাৰক, একেদৰে বেছিকৈ পানী খালেও দেহৰ বাবে বিপদজনক হ’ব পাৰে। এই বিষয়ে চাওঁ আহক।

জানেনে, অত্যধিক পানীও হ’ব পাৰে দেহৰ ক্ষতিৰ কাৰণ? চাওক এই বিষয়ে

প্ৰতিনিধিত্বমূলক ছবি

Published: 

28 Dec 2024 19:05 PM

পানী প্ৰাণীৰ প্ৰাণ, পানীৰ অবিহনে জীৱৰ প্ৰাণ ৰক্ষা সম্ভৱ নহয়। এক সুস্থ-সবল আৰু নিৰোগী শৰীৰৰ বাবে এগৰাকী ব্যক্তিয়ে দিনটোত নিৰ্ধাৰিত পৰিমাণৰ পানী খাব লাগে। কোৱা হয় যে প্ৰতিদিনে পুৱা খালী পেটত পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাশিত হয়। কিন্তু জোখতকৈ অধিক পানী খালে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাহে বৃদ্ধি পায়। কম পানী খোৱাটো যিদৰে দেহৰ বাবে ক্ষতিকাৰক, একেদৰে বেছিকৈ পানী খালেও দেহৰ বাবে বিপদজনক হ’ব পাৰে। এই বিষয়ে চাওঁ আহক-

শৰীৰত পানীৰ অভাৱক ডিহাইড্ৰেচন বোলা হয় আৰু যদি শৰীৰত অতিৰিক্ত পানী থাকে তেন্তে ইয়াক অভাৰহাইড্ৰেচন বোলা হয়। অভাৰহাইড্ৰেচনৰ দুটা কাৰণ হ’ব পাৰে- অধিক পৰিমাণৰ পানী খোৱাৰ বাবে আৰু দ্বিতীয়তে বৃক্কই অধিক পানী ধৰি ৰাখিবলৈ আৰম্ভ কৰিলে। অভাৰহাইড্ৰেচনৰ বাবে শৰীৰৰ ছডিয়াম কমি যায়। এই অৱস্থাক হাইপোথাৰ্মিয়া বোলা হয়। ইয়াৰ বাহিৰেও তেজত থকা ইলেক্ট্ৰলাইটবোৰ পাতল হৈ পৰে।

যেতিয়া পানী শৰীৰত প্ৰৱেশ কৰে তেতিয়া ই শৰীৰৰ কোষলৈ অক্সিজেন, পুষ্টিকৰ পদাৰ্থ যোগান ধৰাৰ লগতে উষ্ণতা নিয়ন্ত্ৰণৰ কাম কৰে। ইয়াৰ উপৰিও শৰীৰৰ পৰা অপ্ৰয়োজনীয় পদাৰ্থ আঁতৰাবলৈ পানীৰ প্ৰয়োজন হয়, যাৰ সহায়ত বৃক্ক আৰু যকৃতৰ ওপৰত চাপ কমি যায়। তদুপৰি পানীয়ে দেহৰ কোষসমূহ আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে। দেহৰ অপ্ৰয়োজনীয় পদাৰ্থৰ লগতে প্ৰস্ৰাৱৰ জৰিয়তেও শৰীৰৰ পৰা অতিৰিক্ত পানী ওলাই আহে।

কিন্তু যেতিয়া এই কাৰ্য ভালদৰে সম্পন্ন নহয় তেতিয়া দেহত অতিমাত্ৰা জল সঞ্চয় হয় আৰু স্বাস্থ্যৰ ক্ষতি হ’বলৈ আৰম্ভ কৰে। শৰীৰত অতিৰিক্ত পানী থাকিলে প্ৰথম অৱস্থাত বমি, মূৰৰ বিষ, পেশী টানি ধৰা, মূৰ ঘূৰোৱা, অত্যধিক টোপনি অনুভৱ কৰা আদি লক্ষণ দেখা দিয়ে। কেতিয়াবা শৰীৰত অতিমাত্ৰা জল সঞ্চয়ৰ প্ৰাৰম্ভিক লক্ষণবোৰ চিনাক্ত কৰাটো কঠিন হৈ পৰে। ইয়াৰ ফলত দেহৰ অংগসমূহ, বিশেষকৈ ভৰি আৰু হাত ফুলি উঠিব কৰে।

অতিমাত্ৰা পানী খালে বৃক্কত অত্যধিক চাপ পৰে। এনে পৰিস্থিতি দীৰ্ঘদিন ধৰি থাকিলে মগজুৰ কোষবোৰ ফুলি উঠিব পাৰে আৰু স্নায়ুতন্ত্ৰৰ বিসংগতিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। অত্যধিক পানী খোৱাৰ ফলত এনেষমস্যাৰ সন্মুখীন হ’লে, আগতীয়াকৈ উমান লাভ কৰিব পাৰি। কিন্তু যেতিয়া বৃক্কই অধিক পানী জমা কৰিবলৈ আৰম্ভ কৰে তেতিয়া এনে লক্ষণসমূহক আওকাণ কৰা উচিত নহয়।

নতুন বছৰৰ প্ৰথম দিনটোত কৰক এই মন্ত্ৰৰ জপ, ধনেৰে ভৰিব আপোনাৰ ঘৰ!
মেলবৰ্ণ টেষ্টৰ পিছতে অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিলে যশপ্ৰীত বুমৰাহে, স্থান নহ’ল ৰোহিতৰ
দীঘল, ধুনীয়া চুলি বিচাৰে নেকি? তেন্তে এনেদৰে ব্যৱহাৰ কৰক নিম পাত...
বেটাৰৰ বাবে সন্ত্ৰাস বুমৰাহৰ প্ৰতিভা প্ৰথমে কাৰ চকুত ধৰা পৰিছিল!