Raw Milk Side Effects : গৰু-ম’হৰ গাখীৰ কিয় কেঁচাকৈ খাব নালাগে ? জানক ইয়াৰ পাৰ্শ্বক্ৰিয়া কি…?
বিশেষজ্ঞসকলৰ মতে, গৰু, ম’হ বা ছাগলীৰ পৰা পোৱা কেঁচা গাখীৰত ক্ষতিকাৰক বীজাণু বা বেক্টেৰিয়া থাকে যাৰ ফলত বহু গুৰুতৰ ৰোগৰ আশংকা থাকে। এই প্ৰতিবেদনৰ জৰিয়তে কেঁচা গাখীৰৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানোঁ আহক ।
শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক গাখীৰ আৰু কণী খোৱাটো অতি প্ৰয়োজন । গাখীৰ আৰু কণীয়ে শৰীৰত প্ৰয়োজনী কেইবাটাও উপাদানৰ অভাৱ পূৰণ কৰে । গাখীৰ আৰু কণীয়ে শৰীৰত কেলচিয়ামৰ যোগান কৰে আৰু হাড়বোৰ মজবুত কৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে। কণী নাখালেও প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক গাখীৰ খাবলৈ দিয়ে । গাখীৰত কেলচিয়াম থাকে যিয়ে আমাৰ হাড়বোৰ শক্তিশালী আৰু সুস্থ কৰি ৰাখে।
মনকৰিবলগীয়া যে, গাখীৰ গৰম কৰি খোৱাটো অতি প্ৰয়োজন । কিন্তু বহুতে গাখীৰ কেঁচাকৈ খায় আৰু তেওঁলোকৰ মতে কেঁচা গাখীৰ স্বাস্থ্যৰ বাবে অধিক উপকাৰী । বিশেষজ্ঞ মতে, পেষ্টুৰাইজ নকৰা গাখীৰ খালে আমাৰ স্বাস্থ্যৰ উপকাৰৰ পৰিৱৰ্তে ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকে । বিশেষজ্ঞসকলৰ মতে, গৰু, ম’হ বা ছাগলীৰ পৰা পোৱা কেঁচা গাখীৰত ক্ষতিকাৰক বীজাণু বা বেক্টেৰিয়া থাকে যাৰ ফলত বহু গুৰুতৰ ৰোগৰ আশংকা থাকে। এই প্ৰতিবেদনৰ জৰিয়তে কেঁচা গাখীৰৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানোঁ আহক ।
ৰোগৰ আশংকা
গ্ৰামাঞ্চলত মানুহে ম’হ বা গৰুৰ গাখীৰ খোৱাৰ বাবে ব্যৱহাৰ কৰে। কিন্তু এই গাখীৰ পোনপটীয়াকৈ বা কেঁচাকৈ খালে স্বাস্থ্যৰ বহু ক্ষতি হ’ব পাৰে। কেঁচা গাখীৰত বীজাণু বা বেক্টেৰিয়া থাকিব পাৰে । গৰু-ম’হৰ গাখীৰ কেঁচাকৈ খালে বাতবিষ, ডায়েৰিয়া বা পানীলগাৰ দৰে সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়।
গৰ্ভাৱস্থাত কেঁচা গাখীৰ ক্ষতিকাৰক
কেঁচা গাখীৰ গৰ্ভাৱস্থাৰ বাবেও উপকাৰী নহয়, কাৰণ ইয়াত লিষ্টেৰিয়া মনোচাইট’জেনছ বেক্টেৰিয়া থাকে, যাৰ ফলত লিষ্টেৰিয়াছিছ নামৰ সংক্ৰমণ হয়। গৰ্ভৱতী মহিলা আৰু নৱজাতক উভয়ৰে বাবে ই বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। কেঁচা গাখীৰ খোৱাৰ ফলত গৰ্ভপাত, অকাল প্ৰসৱ বা আনকি শিশু আৰু মাতৃৰ জীৱনলৈও বিপদ আহিব পাৰে।
বাৰ্ড ফ্লুৰ হোৱাৰ সম্ভাৱনা
কেঁচা গাখীৰত বহুতো ক্ষতিকাৰক বীজাণু থাকে, তাৰ ভিতৰত এটা হ’ল HPAI A (H5N1) । যিয়ে বাৰ্ড ফ্লু সৃষ্টি কৰে। যদিও গাখীৰৰ পৰা বাৰ্ড ফ্লু হোৱাটো অতি কঠিন, তথাপিও আমি গাখীৰৰ পৰা তৈয়াৰী চাহ বা ইয়াৰ পৰা তৈয়াৰী আন বস্তু খোৱাৰ সময়ত সাৱধান হোৱা উচিত।
এচিডৰ মাত্ৰা বৃদ্ধি পায়
গাখীৰ সিজোৱা বা পেষ্টুৰাইজ কৰাৰ আগতে কেঁচা গাখীৰ সেৱন কৰিলে শৰীৰত এচিডৰ উৎপাদন বৃদ্ধি পাব পাৰে যাৰ ফলত পেটৰ লগত জড়িত ৰোগ বা সমস্যাই সৃষ্টি হ’ব পাৰে । কেঁচা গাখীৰ খালে পেটৰ বিষ বা এচিডিটি সমস্যা আৰম্ভ হয়। মনত ৰাখিব যে, শৰীৰত থকা এচিডৰ মাত্ৰা সদায় নিয়ন্ত্ৰণত ৰাখিব লাগে।