প্ৰি-ডায়েবেটিছত শৰীৰত কি কি লক্ষণে দেখা দিয়ে ? কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?
ডায়েবেটিছ হোৱাৰ আগতে এজন ব্যক্তি প্ৰি-ডায়েবেটিছ পৰ্যায়ত থাকে, অৰ্থাৎ ডায়েবেটিছৰ আগৰ অৱস্থা । চিকিৎসকে কয় যে, প্ৰি-ডায়েবেটিছৰ কিছুমান লক্ষণ নিশ্চিতভাৱে দেখা যায়। এইবোৰ চিনাক্ত কৰি সময়মতে নিয়ন্ত্ৰণ কৰিলে আগতীয়াকৈ এই ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। প্ৰি-ডায়েবেটিছত কোনবোৰ লক্ষণ দেখা যায় ?

প্ৰতি বছৰে ডায়েবেটিছৰ আশংকা বৃদ্ধি পাবলৈ ধৰিছে । ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে দ্ৰুতগতিত এই ৰোগৰ আশংকা বৃদ্ধি পাবলৈ ধৰিছে । ডায়েবেটিছ হোৱাৰ আগতে এজন ব্যক্তি প্ৰি-ডায়েবেটিছ পৰ্যায়ত থাকে, অৰ্থাৎ ডায়েবেটিছৰ আগৰ অৱস্থা । চিকিৎসকে কয় যে, প্ৰি-ডায়েবেটিছৰ কিছুমান লক্ষণ নিশ্চিতভাৱে দেখা যায়। এইবোৰ চিনাক্ত কৰি সময়মতে নিয়ন্ত্ৰণ কৰিলে আগতীয়াকৈ এই ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।
প্ৰি-ডায়েবেটিছত কোনবোৰ লক্ষণ দেখা যায় ?
প্ৰি-ডায়েবেটিছত ক্লান্তি এটা সাধাৰণ লক্ষণ। কিয়নো শৰীৰত চুগাৰৰ পৰিমাণ বেছি হ’লে শক্তিৰ অভাৱ হ’ব পাৰে।
ওজন বৃদ্ধি হোৱাটো প্ৰি-ডায়েবেটিছৰ এটা সাধাৰণ লক্ষণ, কিয়নো শৰীৰত চুগাৰৰ পৰিমাণ বেছি হ’লে ওজন বৃদ্ধি হ’ব পাৰে। যদি আপোনাৰ ওজন বৃদ্ধি পাইছে তেন্তে আপোনাৰ চুগাৰৰ মাত্ৰা পৰীক্ষা কৰক। ইয়াৰ বাবে দিনটোত কমেও দুবাৰকৈ চুগাৰৰ মাত্ৰা পৰীক্ষা কৰিব লাগে। যদি বৃদ্ধি পায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।
যদি আপুনি অধিক পিয়াহ অনুভৱ কৰে আৰু সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যা হয়, তেন্তে এইটোও শৰীৰত প্ৰি-ডায়েবেটিছৰ লক্ষণ। শৰীৰত চুগাৰৰ মাত্ৰা বাঢ়ি যোৱাৰ বাবে এজনে লোকে অধিক পিয়াহ অনুভৱ কৰে। ইয়াৰ ফলত প্ৰস্ৰাৱও বেছি হয়।
ছালৰ সমস্যা হৈছে প্ৰি-ডায়েবেটিছৰ সাধাৰণ লক্ষণ। যদি আপুনি এনে লক্ষণ দেখা পাইছে তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক। এই বিষয়ত অসাৱধান নহ’ব। কাৰণ এই লক্ষণসমূহ আওকাণ কৰি চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ নকৰিলে অতি সোনকালে ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’ব পাৰে।
প্ৰি-ডায়েবেটিছ কেনেকৈ নিয়ন্ত্ৰণ কৰিব ?
যদি প্ৰি-ডায়েবেটিছৰ লক্ষণ আপোনাৰ শৰীৰত দেখা যায় তেন্তে প্ৰথমে আপোনাৰ খাদ্যাভ্যাস সলনি কৰক। খাদ্যৰ পৰা মিঠাই, আটা আৰু ফাষ্ট ফুড আঁতৰাই দিয়ক। খাদ্যত প্ৰটিন আৰু ভিটামিন অন্তৰ্ভুক্ত কৰক। দাইল খাব পাৰে। খাদ্যত সেউজীয়া শাক-পাচলি আৰু ফল-মূল অন্তৰ্ভুক্ত কৰক। প্ৰতিদিনে কমেও আধা ঘণ্টা ব্যায়াম কৰক আৰু মানসিক চাপ নিয়ন্ত্ৰণ কৰক ।