প্ৰদূষণৰ বাবে চকুৰ সমস্যাত ভুগিছে নেকি? এই টিপছ অনুসৰণ কৰক…

বায়ু প্ৰদূষণে কেৱল হাঁওফাঁওতে নহয় চকুৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। আপোনাৰ চকুক প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিবলৈ আৰু মৃদু লক্ষণবোৰৰ পৰা সকাহ দিবলৈ আপুনি কিছুমান সহজ পৰামৰ্শ অনুসৰণ কৰিব পাৰে।

প্ৰদূষণৰ বাবে চকুৰ সমস্যাত ভুগিছে নেকি? এই টিপছ অনুসৰণ কৰক...

প্ৰদূষণৰ বাবে চকুৰ সমস্যাৰ বাবে এই টিপছ অনুসৰণ কৰক...

Published: 

20 Nov 2024 17:03 PM

ঠাণ্ডা বৃদ্ধি হৈ অহাৰ লগে লগে বায়ু প্ৰদূষণৰ স্তৰ বৃদ্ধি পাই। প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাসৰ সমস্যা বৃদ্ধি হয় আৰু ইয়াৰ বাবে মানুহে মুখত মাস্ক ব্যৱহাৰ কৰে। শ্বাস-প্ৰশ্বাসৰ লগতে বায়ু প্ৰদূষণে চকুৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। বায়ুত থকা বিষাক্ত পদাৰ্থৰ ফলত চকুত ৰঙা পৰা, পানী ওলোৱা, খজুৱতি, জ্বলা-পোৰা, শুষ্কতা আদি সমস্যা দেখা দিবলৈ আৰম্ভ কৰে। এইবোৰৰ পৰা দূৰত থাকিবলৈ আপুনি বাহিৰলৈ যাওতে চশমা ব্যৱহাৰ কৰিব পাৰে। ই আপোনাৰ ইউভি ৰশ্মিৰ ফলত হোৱা চকুৰ ক্ষতিৰ পৰাও সুৰক্ষিত ৰাখিব।

চকু হৈছে শৰীৰৰ এক অতি সূক্ষ্ম আৰু সংবেদনশীল অংশ, সেয়েহে চকুৰ বিশেষ যত্ন লোৱা প্ৰয়োজন। বায়ুত মিহলি হৈ থকা বিষাক্ত পদাৰ্থৰ ক্ষতি প্ৰতিহত কৰিবলৈ চশমা পিন্ধিব লাগে। ইয়াৰ বাহিৰেও যদি কিছুমান সামান্য লক্ষণৰ পৰা সকাহ পাবলৈ কিছুমান সৰল পৰামৰ্শ অনুসৰণ কৰিব পাৰে।

শীতল সেক

যদি আপুনি চকুত অতি ভাগৰ অনুভৱ কৰে বা বিষ অনুভৱ কৰে, তেনে সময়ত শীতল সেক দিলে যথেষ্ট সকাহ পোৱা যায়। ইয়াৰ বাবে বজাৰৰ পৰা আই পেড ক্ৰয় কৰিব পাৰে। যিবোৰ আপুনি শোৱাৰ অলপ আগতে পিন্ধিব পাৰে। ইয়াৰ উপৰিও, পৰিষ্কাৰ কাপোৰৰ টুকুৰা পানীত তিয়াই কিছু সময় চকুৰ ওপৰত ৰাখিলেও ইয়াৰ পৰা সকাহ পোৱা যায়।

পৰিচ্ছন্নতা

প্ৰদূষণৰ ফলত খজুৱতি, চকুৰ ৰঙা পৰাৰ দৰে সামান্য লক্ষণে দিয়ে, এই ক্ষেত্ৰত পৰিচ্ছন্নতাৰ বিশেষ যত্ন ল’ব। আপোনাৰ হাত ধুই থাকিব, কিয়নো যদি বেক্টেৰিয়া হাতৰ জৰিয়তে চকুলৈ যায় এই সমস্যা বৃদ্ধি হ’ব পাৰে। লগতে চকুত বাৰে বাৰে ঘঁহা বা স্পৰ্শ নকৰিবলৈ চেষ্টা কৰিব।

পানী ছটিয়াব

যদি আপুনি বাহিৰৰ পৰা ঘৰলৈ আহিছে , তেন্তে চকু পৰিষ্কাৰ কৰিবলৈ পানী ছটিয়াওক। আপুনি কামৰ মাজত ভাগৰুৱা অনুভৱ কৰিলে নৰ্মেল পানীৰে চকু ধুই দিব। এই ৰুটিন নিয়মীয়াকৈ অনুসৰণ কৰক।

স্বাস্থ্যকৰ খাদ্য, শৰীৰ হাইড্ৰেটেড কৰি ৰাখিব

প্ৰদূষণৰ মাজত চকুৰ লগতে গোটেই শৰীৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ ভাল খাদ্য খাব। ভিটামিন চি, প্ৰ’টিন, ভিটামিন এ, ফাইবাৰ সমৃদ্ধ বস্তুক আহাৰত স্থান দিয়ক। লগতে, শৰীৰটো হাইড্ৰেটেড ৰাখিব। ইয়ে আপোনাক চকুৰ শুষ্কতাৰ সমস্যাৰ পৰা ৰক্ষা কৰিব।

মনত ৰাখিব

প্ৰদূষণ বা কোনো কাৰণত চকুত কোনো সমস্যা থাকিলে চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত। যদি চকুত ৰঙা পৰা, বিষ, জ্বলা-পোৰা, খজুৱতি আদিৰ সমস্যাই অলপ আমনি কৰে, তেনেহ’লে তৎক্ষণাৎ চকু পৰীক্ষা কৰাটো ভাল।

শীতকালত এলোভেৰা জেলে ছালৰ কি কি সমস্যা দূৰ কৰে ? জানক ইয়াৰ উপকাৰিতা...
কিডনীত পাথৰ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে ? জানক
IPL Auctionত কোনজন খেলুৱৈক অধিক দৰত ক্ৰয় কৰা হৈছিল?
শীতকালত মুখত লগাওক নাৰিকল তেল, আছে একাধিক লাভালাভ!