শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অত্যাধিক মিঠা খোৱাৰ অভ্যাস দূৰ কৰিব বিচাৰিছে নেকি? এই টিপছ অনুসৰণ কৰক…

Sugar Addiction Control Tips: মিঠা খাদ্য সামগ্ৰিক স্বাস্থ্য আৰু ফিটনেছৰ বাবে ক্ষতিকাৰক। বগা চেনীক মিঠা বিষ বুলিও কোৱা হয়। মিঠা খাদ্যৰ প্ৰতি আসক্তিয়ে আপোনাক বহুতো ৰোগৰ ভুক্তভোগী কৰি তুলিব পাৰে। অত্যাধিক চেনী সেৱন বা ইয়াৰ পৰা তৈয়াৰ কৰা বস্তুৰ ফলত মেদবহুলতা হয়। ইয়াৰ ফলত ডায়েবেটিচ, হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ হয়।

অত্যাধিক মিঠা খোৱাৰ অভ্যাস দূৰ কৰিব বিচাৰিছে নেকি? এই টিপছ অনুসৰণ কৰক…
অত্যাধিক মিঠা খোৱাৰ অভ্যাস দূৰ কৰিব বিচাৰিছে নেকি?
trishna-kalita
Trishna Kalita | Published: 19 Jan 2025 18:37 PM

চাহ আৰু কফিৰ লগত সদায় চেনী ব্যৱহাৰ কৰৰ ইয়াৰ উপৰিও কিছুমান লোকে মিঠাই খাই খুব ভাল পায়। কিন্তু আমি জানো যে অত্যাধিক চেনী খালে বহুতো ৰোগৰ ভুক্তভোগী কৰি তুলিব পাৰে। যদি আপোনাৰো মিঠা খাদ্যৰ প্ৰতি আসক্তি আছে, তেন্তে ইয়াৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব লাগে জানি লওক।

মিঠা খাদ্য সামগ্ৰিক স্বাস্থ্য আৰু ফিটনেছৰ বাবে ক্ষতিকাৰক। বগা চেনীক মিঠা বিষ বুলিও কোৱা হয়। মিঠা খাদ্যৰ প্ৰতি আসক্তিয়ে আপোনাক বহুতো ৰোগৰ ভুক্তভোগী কৰি তুলিব পাৰে। অত্যাধিক চেনী সেৱন বা ইয়াৰ পৰা তৈয়াৰ কৰা বস্তুৰ ফলত মেদবহুলতা হয়। ইয়াৰ ফলত ডায়েবেটিচ, হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ হয়। ইয়াৰ উপৰিও অত্যাধিক মিঠাই খোৱাৰ ফলত দাঁত ক্ষয় হয়। অত্যাধিক মিঠা খোৱাৰ প্ৰভাৱ ছালতো দেখা যায়। ইয়াৰ ফলত আপোনাক অকালতে বয়সীয়াল যেন দেখিব পাৰে। বিশেষকৈ যিসকলৰ ওজন ইতিমধ্যে বেছি তেওঁলোকে মিঠাইৰ পৰা আঁতৰি থাকিব লাগে।

ভাৰতীয় লোকৰ ঘৰত যিকোনো শুভ অনুষ্ঠান মিঠাইৰে উদযাপন কৰা হয়। চেনী সীমিত পৰিমাণত গ্ৰহণ কৰাটো সঠিক বুলি কোৱা হয়। মিঠাই খোৱাৰ ফলত শৰীৰত চৰ্বি জমা হয়। লগতে হাড়ৰ সৈতে সম্পৰ্কিত সমস্যাই দেখা দিয়ে। আপুনি মিঠা খাদ্য খোৱা আসক্তিৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰে জানো আহক।

খাদ্য পৰা চেনীৰ পৰিমাণ কেনেদৰে হ্ৰাস কৰিব?

যদি আপুনি গোটেই দিনটো কেইবা কাপ চাহ আৰু কফি খাই তেনেহ’লে ইয়াৰ ফলত শৰীৰত যথেষ্ট পৰিমাণৰ চেনী প্ৰবাহ হয়। কেফেইনো এক আসক্তিৰ দৰে যি শৰীৰৰ ক্ষতি কৰে।
এই দুয়োটা বস্তু ত্যাগ কৰাৰ প্ৰক্ৰিয়া ক্ৰমান্বয়ে আৰম্ভ কৰিব লাগে। যদি এতিয়া আপুনি দিনে চাৰি কাপ চাহ বা কফি খাই, তেন্তে ইয়াক এক সপ্তাহত দুই কাপ আৰু পৰৱৰ্তী সপ্তাহত এক কাপলৈ হ্ৰাস কৰক। একেদৰে তৃতীয় বা চতুৰ্থ সপ্তাহৰ পৰা দুদিনৰ মূৰত একাপ খাব। লগতে আগৰ তুলনাত প্ৰতিবাৰেই চাহ আৰু কফিত কম চেনী ব্যৱহাৰ কৰা আৰম্ভ কৰক।

প্ৰ’টিন,ফাইবাৰ সমৃদ্ধ খাদ্য খাব

স্বাস্থ্যকৰ আহাৰ খোৱা কৰক। প্ৰ’টিন, ফাইবাৰ সমৃদ্ধ বস্তু আহাৰত যোগ কৰক। ই আপোনাৰ পেট দীঘলীয়া সময়ৰ বাবে ভৰ্তি ৰাখিব আৰু আপুনি মাজতে কুকিজ, বিস্কুট আদিৰ দৰে অস্বাস্থ্যকৰ বা মিঠা খাদ্য খোৱা পৰিহাৰ কৰিব। কণী, বাদাম, মাছ, চীডছ, পনীৰ আদিৰ দৰে বস্তুবোৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰি।

স্বাস্থ্যকৰ মিঠাইৰ বিকল্প

যদি আপুনি চেনী এৰিব বিচাৰে, আপোনাৰ খাদ্যত কোনো ধৰণেও চেনী যোগ নিদিব। ইয়াৰ পৰিৱৰ্তে আপুনি ফল, ডাৰ্ক চকলেট, ডুমৰু, খেজুৰ আদি খাব লাগে। ইয়াৰ দ্বাৰা আপুনি মিঠাই খোৱাৰ হেঁপাহ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব। ইয়াৰ লগতে মনত ৰাখিব যে আপুনি বজাৰৰ পানীয়, জুইচ আদিও পৰিহাৰ কৰিব লাগে।

চাপ হ্ৰাস কৰাটো গুৰুত্বপূৰ্ণ

বহুলোকে চাপত থাকিলে মিঠা বস্তু খায়। কিন্তু আপোনাৰ এই অভ্যাসে ওজন বৃদ্ধি কৰিব পাৰে আৰু আপুনি অসুস্থ হ’ব পাৰে। ইয়াৰ বাবে দৈনিক ধ্যান কৰাৰ অভ্যাস কৰক। ই আপোনাক কেৱল চাপৰ পৰা আঁতৰাই ৰখাই নহয়, মনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ শক্তিশালী কৰি তুলিব।

এই বস্তুবোৰে মিঠাই এৰাত সহায় কৰিব

মিঠা খোৱাৰ ইচ্ছা হ্ৰাস কৰিবলৈ আপুনি চেনী-মুক্ত চুইংগাম চোবাব পাৰে। অৱশ্যে, চুইংগামৰ সলনি ইলাচী, চফৰ দৰে প্ৰাকৃতিক বস্তু চোবালে অধিক উপকাৰী। এইবোৰে আপোনাক দীঘলীয়া সময়ৰ বাবে ব্যস্ত কৰি ৰাখিব। ইয়াৰ বাহিৰেও দৈনন্দিন ৰুটিনত ব্যায়াম অন্তৰ্ভুক্ত কৰক আৰু পৰ্যাপ্ত পৰিমাণে টোপনি যাব লাগে। প্ৰকৃততে, মিঠাই এৰিবলৈ আপুনি আপোনাৰ মনৰ পৰা ব নিজকে শক্তিশালী কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ।

 

Latest News