Uruka special food: আজি উৰুকা, নিশা উদৰ পূৰাই এসাঁজ খাওক এইসমূহ ব্যঞ্জনেৰে

ভোগালী মানেই ভিন্ন প্ৰাকাৰৰ খাদ্য়ৰ সমাহাৰ। আজি উৰুকা, আজিৰে পৰা প্ৰজিজনৰ অসমীয়াৰ ঘৰতে পাব পৰম্পৰাগত খাদ্য বা পিঠা, লাড়ু, সান্দহ, দৈ-চিৰা ইত্যাদি। কেৱল এয়াই নহয়, আজি নিশা সকলোৱে বিভিন্ন ব্যঞ্জনেৰে লগে-ভাগে খাব এসাঁজ।

Uruka special food: আজি উৰুকা, নিশা উদৰ পূৰাই এসাঁজ খাওক এইসমূহ ব্যঞ্জনেৰে

নিশা উদৰ পূৰাই এসাঁজ খাওক এইসমূহ ব্যঞ্জনেৰে

Published: 

13 Jan 2025 09:00 AM

আজি হেঁপাহৰ ভোগালী বিহুৰ উৰুকা। ৰাজ্যৰ চৌদিশে উৰুকাৰ নিশা লগে–ভাগে এসাঁজ খাবলৈ চলিছে ব্যাপক প্ৰস্তুতি। প্ৰতিজন অসমীয়া ব্যস্ত ভোগালীৰ আনন্দত। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা বজাৰসমূহত উভৈনদী হৈ পৰিছে বিভিন্ন মাছ। ভোগালীৰ উৰুকাত আটাইতকৈ ডাঙৰ মাছটো কিনিবলৈ হেতাওপৰা লাগিছে ৰাইজৰ। ভোগালী বিহু বুলি ক’লে সকলোৰে ইচ্ছা বজাৰৰ চকুত লগা মাছটো ক্ৰয় কৰাৰ। প্ৰতিখন বজাৰতে ভৰি পৰিছে ৰৌ, আঁৰি, ভকুৱা, চিতল, বৰালী লগতে বিভিন্ন প্ৰজাতিৰ মাছ।

ভোগালী মানেই ভিন্ন প্ৰাকাৰৰ খাদ্য়ৰ সমাহাৰ। আজি উৰুকা, আজিৰে পৰা প্ৰজিজনৰ অসমীয়াৰ ঘৰতে পাব পৰম্পৰাগত খাদ্য বা পিঠা, লাড়ু, সান্দহ, দৈ-চিৰা ইত্যাদি। কেৱল এয়াই নহয়, আজি নিশা সকলোৱে বিভিন্ন ব্যঞ্জনেৰে লগে-ভাগে খাব এসাঁজ। আপুনিও যদি ৰান্ধি ভাল পায় তেন্তে আজি নিশা এই সোৱাদযুক্ত খাদ্যসমূহ প্ৰস্তুত কৰিব।

উৰুকাৰ নিশা এইসমূহ ব্যঞ্জনেৰে খাওক হেঁপাহেৰে এসাঁজ

বিলাহীৰ সৈতে মাছ

মাছৰ সৈতে বিলাহী ৰান্ধিবলৈ মাছৰ টুকুৰাবোৰ প্ৰথমে ভাজি লওক। তাৰ পিছত আলু সিজাই লওক আৰু ইয়াৰ পিছত তেলত পিঁ‌য়াজ, নহৰু, কেঁচা জলকীয়া আদি দি বিলাহীখিনি দি ভাজি লও। তাৰ পিছত সিজাই থোৱা আলুখিনি দি অলপ ভাজি পানী দি দিয়ক। এতিয়া ইয়াত ভজা মাছখিনি যোগ কৰি উতলিবলৈ দিয়ক। এনেদৰে কিছুসময় উতলোৱাৰ পিছত বিলাহীৰ সৈতে মাছ ভাতৰ সৈতে পৰিৱেশন কৰিব পাৰে।

পাতত দিয়া মাছ

প্ৰথমতে সৰু মাছ ধুই চাফা কৰি ল’ব। ইয়াৰ পিছত তাত আদা জলকীয়া আৰু নিমখ দি ভালকৈ অলপ সময় থৈ দিয়ক। ইয়াৰ পিছত কলপাত কাটি জুইত লেৰেলাই লৈ মাছখিনি মেৰিয়াই তপত ফুটছাই আৰু আঙঠাৰ তলত দি পাতত দিয়া মাছ প্ৰস্তুত কৰা হয়। আধুনিক কালত তাৱা বা কেৰাহীত খোলাত দিও পাতত দিয়া খাদ্য ৰন্ধা হয়।

মিচিং লোকসকলে কলপাতৰ সলনি তৰাগছৰ পাতেৰে মেৰিয়াইয়ো পাতত দিয়া খাদ্য প্ৰস্তুত কৰে। পাতত দিয়া খাদ্য আমিষ বা নিৰামিষ দুয়োপ্ৰকাৰৰ হ’ব পাৰে। ভাৰতৰ অন্যান্য প্ৰান্ত বা এছিয়া আৰু অন্য মহাদেশৰ বিভিন্ন অঞ্চলত কলপাতেৰে মাছ বা মাংস মেৰিয়াই ভাপত দি সিজোৱা হয়। ইয়াৰ পৰিৱৰ্তে অসমত সাধাৰণতে ভাপত দিয়াৰ সলনি কলপাতৰ টোপোলা বান্ধি জুইত পুৰি পাতত দিয়া খাদ্য প্ৰস্তুত কৰা হয়। গুজৰাটী ৰন্ধনশৈলীতো পাতত দিয়া পদ্ধতিৰ প্ৰয়োগ দেখা যায়।

অমিতাৰ সৈতে ছাগলীৰ মাংস

প্ৰথমে আপোনাক লাগিব ছাগলী মাংস আধা কেজি আৰু এটা অমিতা আৰু আলু। প্ৰয়োজন অনুসৰি আপুনি ছাগলী মাংস ল’ব পাৰে। প্ৰথমে এটা বাটিত ধনিয়াৰ গুড়ি, গৰম মছলা গুড়ি, জলকীয়াৰ গুড়ি, জাইফলৰ গুড়ি একেলগে মিহলাই পেষ্ট তৈয়াৰ কৰি লওক। এতিয়া কটা পিঁয়াজখিনি কেৰাহীত তেলত ভাজি লওক আৰু তাত ছাগলী মাংস, অমিতা,জলকীয়াৰ গুৰি আৰু আদা-নহৰুৰ পেষ্ট দিব। তাত পৰ্যাপ্ত পৰিমাণ অনুসৰি নিমখ দিব। একেদৰে পানী দি শুকাই যোৱালৈকে ৰান্ধি থাকিব । পানী শুকাই গ’লে ধনিয়াৰ পাত দিব । ইয়াৰ পিছতে আপুনি সহজ পদ্ধতিৰে ঘৰতে ৰন্ধা ছাগলী মাংসৰ ৰেচিপি সোৱাদ ল’ব পাৰিব ।

হাঁহ আৰু কোমোৰা

হাঁহৰ মাংসখিনিত এচামুচ তেল, নিমখ , হালধি, নহৰু-আদা, গুড়ি মচলা, অলপ কুটা পিঁয়াজ সানি এঘণ্টামান থৈ দিব। তাৰ পিছত এটা কেৰাহীত তেল গৰম কৰি পিঁয়াজ আৰু তেজপাত দি ভালকৈ ভাজি পিঁয়াজ কোমল হোৱাৰ পিছত মাংসখিনি দি দহ মিনিটমান ভাজি ঢাকোন লগাই দিয়ক। পিছত জুই কমাই বিশ মিনিটমান ভাজি বাকী থকা মচলা সমূহ দি ভালদৰে লৰাই কোমোৰা টুকুৰা কেইটা দি অকণমান নিমখ দি কম জুইত ঢাকোন দি আধা ঘণ্টা ভাজিব লাগিব। মাজে মাজে লৰাই থাকি কোমোৰা সম্পূৰ্ণ গলি গলে একাপমান পানী দি উতলাই ঘন হোৱাত অকণমান গৰম মচলা দি নমাই দিব।

লাই আৰু গাহৰি

লাই শাকৰ সৈতে গাহৰি মাংসৰ আঞ্জাখন ৰান্ধিবলৈ বৰ বেছিকৈ উপকৰণো নালাগে। লাই শাক, গাহৰি মাংস, আলু (প্ৰয়োজন অনুসৰি), পিয়াজ, নহৰু, আদা, জলকীয়া, নিমখ, হালধি লাগিব। কেৰাহি গৰম হোৱাত গাহৰিৰ চৰ্বি থকা মাংস কেইডোখৰ মান দি গাহৰি তেল উলিয়াই ল’ব পাৰে নতুবা সামান্য পৰিমাণে মিঠাতেল দিয়ক। তেল গৰম হ’লে পিয়াজ ৰঙচুৱা হোৱাকৈ ভাজক। কাটি ধুই থোৱা গাহৰি মাংসখিনি দি দিয়ক আৰু সোৱাদ অনুসৰি নিমখ দি ভালদৰে ভাজক। তাৰ পিছত হালধি,আদা-নহৰুৰ খুন্দি থোৱা মিশ্ৰণখিনি দি লৰাই লৰাই ভাজক। লক্ষ্য কৰিব যে মাংসখিনি জুইত জ্বলি নাযায়। মাংসৰ পৰা যেতিয়া নিজে নিজে তেল ওলাবলৈ আৰম্ভ কৰিব তেতিয়া জলকীয়া, আলু, লাই পাত দি দিয়ক আৰু ভাজক। সকলোখিনি সিজাৰ অনুমান পালে জুইৰ পৰা নমাই থওক আৰু গৰম ভাতৰ সৈতে পৰিৱেশন কৰক।

খৰিচা-মাছ বইল

আজিকালি বহুলোকে তেল বা মছলা খোৱা এৰিছে। তেনে লোকসকলে উৰুকাৰ নিশা খৰিচা-মাছ বইল আঞ্জাখন খাব পাৰে। মাছ আৰু খৰিচা বনাবলৈ প্ৰথমে যিকোনো মাছ, খৰিচা, আদা, নহৰু, জলকীয়া, নিমখ, মান ধনীয়া, নগা ধনীয়াৰ পাত, পিয়াঁজ, জালুক লাগিব ৷ কেৰাহিত পৰিমাণ অনুসৰি পানী দিয়ক।খুন্দি থোৱা আদা নহৰু জলকীয়াৰ সংমিশ্ৰণ খিনি, মিহি মিহিকৈ কাটি থোৱা পিয়াঁজ খিনি, কাটি থোৱা বিলাহীখিনি পানীত দি দিয়ক। উতলি সিজিবলৈ অলপ সময় ঢাকোন মাৰি ৰাখক। আধা সিজাৰ উমান পালে মাছৰ টুকুৰাবোৰ দি দিয়ক আৰু সোৱাদ অনুসৰি নিমখ দিয়ক। জলকীয়া দি আকৌ সিজিবলৈ ঢাকোন মাৰি দিয়ক। ৩০ মিনিটৰ পিছত ঢাকোন খুলি চাওক। সিজা যেন অনুমান পালে মান ধনীয়াৰ পাত দি দিয়ক। এনেদৰে হৈ গ’ল আপোনাৰ খৰিচা টেঙাৰ সৈতে মাছৰ আঞ্জা। তাৰপিছত কেৰাহি জুইৰ পৰা নমাই থওক। গৰমে গৰমে ভাতৰ সৈতে পৰিৱেশন কৰক।

 

উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...