শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শীতকালত স্বাস্থ্যৰ বাবে আশীৰ্বাদ তুলসীঃ প্ৰতিদিনে খাওক তুলসীৰ পাত, লাভ কৰিব অনেক উপকাৰিতা

দৈনিক তুলসী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো বহু উপকাৰ পোৱা যায়। বিশেষকৈ শীতকালত তুলসীয়ে আপোনাৰ শৰীৰ ভিতৰৰ পৰা শক্তিশালী আৰু সুস্থ কৰি ৰাখে। সেয়ে শীতকালত প্ৰতিদিনে চাৰিখিলাকৈ তুলসীৰ পাত খাব লাগে। জানো আহক ইয়াৰ কিছু স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে।

শীতকালত স্বাস্থ্যৰ বাবে আশীৰ্বাদ তুলসীঃ প্ৰতিদিনে খাওক তুলসীৰ পাত, লাভ কৰিব অনেক উপকাৰিতা
তুলসীৰ আছে অনেক উপকাৰিতা
monjit-dutta
Monjit Dutta | Published: 11 Jan 2025 18:03 PM

শীতকালত সাধাৰণতে স্বাস্থ্যজনিত বহুতো সমস্যাৰ সৃষ্টি হয়। এই সময়ছোৱাত ঠাণ্ডা বতাহৰ লগতে অন্যান্য কাৰণত মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে প্ৰায়ে চৰ্দি, কাহ, জ্বৰ আদি ৰোগে দেখা দিয়ে। শীতকালৰ এনে সমস্যাৰ পৰা সকাহৰ ক্ষেত্ৰত আপোনাৰ বাবে আশীৰ্বাদস্বৰূপ হৈ পৰিব পাৰে তুলসী। আয়ুৰ্বেদত তুলসীক একপ্ৰকাৰে ‘বনৌষধিৰ ৰাণী’ হিচাপে বিবেচনা কৰা হয়। ধৰ্মীয় গুৰুত্বৰ লগতে ঔষধি গুণৰ বাবেও ভাৰতীয় সমাজত তুলসীক এক বিশেষ স্থান দি অহা হৈছে।

দৈনিক তুলসী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো বহু উপকাৰ পোৱা যায়। বিশেষকৈ শীতকালত তুলসীয়ে আপোনাৰ শৰীৰ ভিতৰৰ পৰা শক্তিশালী আৰু সুস্থ কৰি ৰাখে। সেয়ে শীতকালত প্ৰতিদিনে চাৰিখিলাকৈ তুলসীৰ পাত খাব লাগে। জানো আহক ইয়াৰ কিছু স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে-

১/ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

তুলসীৰ পাতত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু জিংক থাকে। সেয়েহে তুলসীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। শীতকালত তুলসীয়ে জ্বৰ-চৰ্দি, ডিঙিৰ বিষৰ দৰে সমস্যাৰ পৰা ৰক্ষা কৰে।

২/ চৰ্দি আৰু কাহৰ পৰা উপশম

তুলসী খালে কফৰ সমস্যাৰ পৰা উপশম পাব। ইয়াৰ এন্টিবায়টিক আৰু এন্টি-ইনফ্লেমেটৰী গুণে ডিঙিৰ বিষ আৰু কাহ নিৰাময়ত সহায় কৰে। দৈনিক তুলসী খালে কাহ আৰু চৰ্দিৰ পৰা উপশম পোৱা যায়।

৩/ ডিটক্স হিচাপে কাম কৰে

তুলসীৰ পাতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ই শৰীৰৰ ভিতৰৰ পৰা পৰিষ্কাৰ কৰি ছালখন উজ্জ্বল কৰি তোলে। গতিকে দৈনিক চাৰিটা তুলসীৰ পাত খাব লাগে।

৪/ হজম শক্তি উন্নত কৰে

তুলসীৰ পাতে পাচনতন্ত্ৰ শক্তিশালী কৰে। শীতকালত মানুহে প্ৰায়ে পাচনতন্ত্ৰৰ সমস্যাত ভুগিবলগীয়া হয়, এনে পৰিস্থিতিত তুলসী খোৱাটো অতি উপকাৰী।

৫/ মানসিক চাপ কমোৱাত সহায়ক

তুলসীক প্ৰাকৃতিক এন্টি-ডিপ্ৰেছন বুলি গণ্য কৰা হয়। তুলসী খালে শীতকালত ঋতুভিত্তিক কিছুমান মানসিক বিকাৰ বা মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে।

৬/ হৃদযন্ত্ৰৰ বাবে উপকাৰী

তুলসীৰ এন্টিঅক্সিডেন্ট গুণ আছে, যি ৰক্তচাপ আৰু কলেষ্টৰল নিয়ন্ত্ৰণ কৰে। লগতে ই হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাতো সহায় কৰে। গতিকে তুলসীৰ পাত শীতকালত দৈনিক খোৱাটো আপোনাৰ বাবে নিতান্তই প্ৰয়োজনীয়।

৭/ ছাল আৰু চুলিৰ বাবে উপকাৰী

দৈনিক তুলসী খালে ছালখন সুস্থ আৰু উজ্জ্বল হয়। ইয়াৰ এন্টি-বেক্টেৰিয়েল গুণে ছালৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও ই চুলি সৰাত বাধা দিয়ে আৰু লগতে চুলিকো সুস্থ কৰি তোলে।

প্ৰতিদিনে পুৱা খালী পেটত চাৰিটা সতেজ তুলসীৰ পাত কুহুমীয়া পানীৰ সৈতে খাব লাগে। তুলসীৰ পাত পানীত সিজাই চাহৰ দৰেও খাব পাৰি। তদুপৰি মৌৰ লগত তুলসী সেৱন কৰিলেও ইয়াৰ উপকাৰিতা বৃদ্ধি পায়। অৱশ্যে মনত ৰাখিব যে তুলসীৰ পাত চোবাই খোৱা উচিত নহয়। তুলসী চোবাই খালে ইনামেল অৰ্থাৎ দাঁতৰ ওপৰৰ তৰপটোৰ ক্ষতি হয়।

Latest News