ঈদ মোবাৰক: এইদৰে আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিতৰৰ শুভেচ্ছা…
Eid Ul Fitr 2025 : অহা ৩১ মাৰ্চ বা ১ এপ্ৰিলত ঈদ-উল-ফিতৰ উৎসৱ পালন কৰা হ’ব। এই বিশেষ দিনটোত মিঠাই বিতৰণ কৰাৰ উপৰিও আলিংগন কৰি ইজনে সিজনক শুভেচ্ছা জনায়। কিন্তু যিসকল লোক দূৰত আছে বা আপোনজনৰ লগত নাই তেওঁলোকে এই উক্তি, মেছেজ বা ষ্টেটাছ প্ৰেৰণ কৰি আপোনজনক ঈদৰ শুভেচ্ছা জনাব পাৰে।

Eid 2025 Wishes: পবিত্ৰ ৰমজান মাহৰ পিছত ছাৱাল আৰম্ভ হয়। হিজৰী পঞ্জিকা অনুসৰি ছাৱাল মাহৰ প্ৰথম দিনটোত ইছলাম ধৰ্মৰ লোকসকলে ঈদ-উল-ফিতৰ পালন কৰে। ইছলামিক পঞ্জিকাত ৰমজান (Ramadan 2025) বছৰৰ নৱম মাহ বুলি গণ্য কৰা হয়। আচলতে প্ৰতিমাহে জোন ওলোৱাৰ লগে লগে নতুন মাহ আৰম্ভ হয় আৰু অস্ত যোৱাৰ লগে লগে শেষ হয়। ছাৱালৰ চন্দ্ৰ দৰ্শনৰ পিছত ঈদ পালন কৰা হয়। মুছলমান সমাজত বছৰত দুবাৰকৈ ঈদ পালন কৰা হয় য’ত ঈদ-উল-ফিতৰ আৰু ঈদ-ঊল-আজহাৰ নাম অন্তৰ্ভুক্ত আছে।
ঈদ-উল-ফিতৰ সুখৰ ভাগ-বতৰা কৰাৰ দিন। এই দিনটোতে ধনী-দুখীয়া সকলোৱে একেলগে নামাজ আদায় কৰে আৰু ইজনে সিজনক সাৱটি ধৰি সম্ভাষণ জনায়। কোৱা হয় এই উৎসৱত ধনী আৰু দুখীয়াৰ মাজত কোনো ব্যৱধান নাথাকে। প্ৰতিজন মুছলমানে ঈদৰ আনন্দত একেলগে অংশগ্ৰহণ কৰে। নতুন কাপোৰ পৰিধান কৰি, মিঠাই বিতৰণ কৰি, সাৱটি ধৰি শুভেচ্ছা জ্ঞাপন কৰি উদযাপন কৰা হয় এই উৎসৱ। আপুনিও এই উপলক্ষে আপোনজনক বিশেষ বাৰ্তা বা শুভেচ্ছা প্ৰেৰণ কৰি উৎসৱটো পালন কৰক।
ঈদ-উল-ফিতৰ ২০২৫
ঈদ পালনৰ মূল কাৰণ হ’ল ৰমজানত পালন কৰা ৰোজা। আল্লাহৰ ইবাদত সম্পূৰ্ণ হোৱাৰ উদযাপনৰ বাবে এই ঈদ পালন কৰা হয়। এইবাৰ এই উৎসৱ ৩১ মাৰ্চ বা ১ এপ্ৰিলত পালন কৰা হ’ব। ঈদৰ দিনা মিঠাই বিতৰণ কৰা হয় আৰু ইজনে সিজনক সাৱটি ধৰি অভিনন্দন জনোৱা হয়। অৱশ্যে কিবা কাৰণত আপোনজনৰ পৰা আঁতৰত থকা লোকসকলে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি উৎসৱৰ শুভেচ্ছা জনাব পাৰে।
ঈদ-উল-ফিতৰৰ শুভেচ্ছা
- ঈদৰ এই পবিত্ৰ ক্ষণত সমাজত সকলো শ্ৰেণীৰ লোকৰ মাজত ঐক্য ,শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী হওঁক তাৰেই কামনা কৰিলোঁ৷
- আপোনাৰ প্ৰতিটো ইচ্ছা পূৰণ হওক, আপোনাৰ ভাগ্য ইমানেই উজ্জ্বল হওক, আমিন কোৱাৰ আগতেই আপোনাৰ প্ৰতিটো প্ৰাৰ্থনা গ্ৰহণ হওক!ঈদৰ শুভেচ্ছা জনালোঁ।
- জীৱন আনন্দৰে উপচি পৰক, আপোনাৰ সকলো সমস্যা সমাধান হওক, আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ ঈদৰ শুভেচ্ছা।
- আল্লাহ তালাই আপোনাৰ জীৱনৰ প্ৰতিটো কামনা, প্ৰতিটো ইচ্ছা, প্ৰতিটো সুখ পূৰণ কৰক!! শুভ ঈদ।
- আল্লাহে আপোনাক বহুত সুখ আৰু সমৃদ্ধি প্ৰদান কৰক। ঈদৰ এই পবিত্ৰ মুহূৰ্তত আপোনাৰ সুস্বাস্থ্য, ভাগ্য আৰু বহু সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।
- এই ঈদে সকলো জাতি-ধৰ্ম, জনগোষ্ঠীৰ একতা আৰু ভ্ৰাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক মজবুত কৰক । তাৰেই কামনাৰে ঈদ মোবাৰক।
- ঈদৰ বিশেষ দিনটোৱে আপোনাৰ লগতে পৰিয়ালৰ লোকৰ মন আনন্দ আৰু শান্তিৰে ভৰাই তোলক। ঈদৰ শুভেচ্ছা জনালোঁ।
- সৰ্বশক্তিমান আল্লাহৰ ৰহমতত পৰিয়ালৰ সকলো দুখ-কষ্ট নাইকিয়া হৈ যাওঁক। ঘূৰি আহক সুখ আৰু শান্তি। Happy Eid 2025!
- এই পবিত্ৰ ঈদে সমাজলৈ কঢ়িয়াই আনক শান্তি আৰু সমৃদ্ধিৰ বতৰা। সকলোলৈ ঈদ-উল-ফিতৰৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
- ঈদে সকলোৰে জীৱনত কঢ়িয়াই আনক শান্তি, সম্প্ৰীতি,একতা আৰু ভাতৃত্ববোধ, তাৰে কামনা কৰিলো।