শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Eid Wishes: ঈদে কঢ়িয়াই আনক ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা…বন্ধু অথবা প্ৰিয়জনক জনাওক ঈদৰ শুভেচ্ছা

আজি সমগ্ৰ দেশত উদযাপন কৰা হ'ব ঈদ-উল-ফিতৰ।  ঈদ এক অতি বিশেষ আৰু সুখৰ উৎসৱ, যিটো সমগ্ৰ বিশ্বৰ মুছলমানসকলে অতি উৎসাহেৰে পালন কৰে। এই উৎসৱ ৰমজান মাহৰ শেষৰ পিছত পালন কৰা হয়। এই পবিত্ৰ দিনটোত আপুনিও WhatsApp মেছেজৰ জৰিয়তে আমাৰ পৰা দূৰৈত থকা আপোনজনলৈ ঈদৰ আন্তৰিক শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।

Eid Wishes: ঈদে কঢ়িয়াই আনক ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা…বন্ধু অথবা প্ৰিয়জনক জনাওক ঈদৰ শুভেচ্ছা
ঈদৰ শুভেচ্ছা
trishna-kalita
Trishna Kalita | Published: 31 Mar 2025 07:17 AM

ঈদ কেৱল এক সাধাৰণ উৎসৱ নহয় বৰঞ্চ সুখ, প্ৰেম আৰু ভাতৃত্ববোধৰ উদযাপন। আজিৰ দিনটোত মানুহে সকলো ক্ষোভ পাহৰি ইজনে সিজনক সাৱটি ধৰে, নিজৰ মৰম-চেনেহ প্ৰকাশ কৰি নিজৰ সম্পৰ্ক অধিক মজবুত কৰি তোলে। পবিত্ৰ ৰমজান মাহৰ অন্ত পৰাৰ পিছত ঈদ-উল-ফিতৰ উৎসৱ পালন কৰা হয়। য’ত ইছলামধৰ্মী লোকসকলে ৩০ দিন ৰোজা ৰাখি আল্লাহৰ ইবাদত কৰে আৰু তাৰ পিছত ঈদৰ নামাজ আদায় কৰে। ৰমজানৰ শেষ ৰোজা অৰ্থাৎ নিশা জোন দেখাৰ লগে লগে ঈদৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই উপলক্ষে আজি সমগ্ৰ দেশত উদযাপন কৰা হ’ব ঈদ।

কিয় ঈদ পালন কৰা হয়?

ঈদ এক অতি বিশেষ আৰু সুখৰ উৎসৱ, যিটো সমগ্ৰ বিশ্বৰ মুছলমানসকলে অতি উৎসাহেৰে পালন কৰে। এই উৎসৱ ৰমজান মাহৰ শেষৰ পিছত পালন কৰা হয়। ইছলামত ৰমজানক অতি পবিত্ৰ মাহ বুলি গণ্য কৰা হয়, য’ত মানুহে ৰোজা ৰাখে, আল্লাহৰ ইবাদত কৰে আৰু ভাল কামত অংশগ্ৰহণ কৰে। যেতিয়া এই মাহ শেষ হয় আৰু ছাৱাল মাহৰ চন্দ্ৰ দেখা যায়, তেতিয়া পিছদিনা ঈদ-উল-ফিতৰ পালন কৰা হয়।

ঈদ উদযাপনৰ উদ্দেশ্য হৈছে আল্লাহক ধন্যবাদ আৰু আৰ্তজনক সহায় কৰা। এই দিনটোত ৰাতিপুৱা ঈদৰ নামাজ পঢ়া হয়, তাৰ পিছত মানুহে ইজনে সিজনক সাৱটি ধৰি “ঈদ মুবাৰক” বুলি কয়। ঈদৰ আগতে “ফিতৰা” দুখীয়াক দিয়া হয়, যাতে তেওঁলোকেও উৎসৱৰ আনন্দত অংশ ল’ব পাৰে। এই দিনটোত ঘৰতে বিশেষ মিঠা ব্যঞ্জন প্ৰস্তুত কৰা হয়, তাৰ ভিতৰত চেৱাই আটাইতকৈ বিশেষ। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে এই উৎসৱ পালন কৰা হয়, যাৰ ফলত পাৰস্পৰিক প্ৰেম আৰু ভাতৃত্ববোধ বৃদ্ধি পায়।

এই দিনটোত মানুহে ইজনে সিজনক সাৱটি ধৰি অভিনন্দন জনায়। গতিকে, এই পবিত্ৰ দিনটোত আপুনিও WhatsApp মেছেজৰ জৰিয়তে আমাৰ পৰা দূৰৈত থকা আপোনজনলৈ ঈদৰ আন্তৰিক শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে। ইয়াৰ উপৰিও যদি আপোনাৰ বন্ধু-বান্ধৱী, পৰিয়াল বা কোনো বিশেষ ব্যক্তিলৈ ঈদৰ শুভেচ্ছা প্ৰেৰণ কৰিব বিচাৰে, তেন্তে আমি ইয়ালৈ লৈ আহিছো আপোনাৰ বাবে উত্তম উক্তি আৰু শুভেচ্ছাবাৰ্তা যিবোৰ আপুনি যিকোনো ব্যক্তিলৈ প্ৰেৰণ কৰিব পাৰে আৰু তেওঁলোকক বেলেগ ধৰণেৰে ‘ঈদ মুবাৰক’ শুভেচ্ছা জনাব পাৰে।

ঈদৰ শুভেচ্ছা

  1. ঈদে কঢ়িয়াই আনক ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা, সমূহ ইছলামধৰ্মী ভাতৃ-ভগ্নীলৈ পবিত্ৰ ঈদ-উল-ফিতৰ শুভেচ্ছা
  2. এই ঈদে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা। সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজ তথা অসমবাসীলৈ ঈদৰ শুভেচ্ছা..
  3. এই ঈদে সকলোৰে মাজত মিলন আৰু মৰমৰ বান্ধোন দৃঢ় কৰক তাৰেই কামনাৰে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ!
  4. ঈদে কঢ়িয়াই আনক ভাতৃত্ববোধ আৰু মৰম-চেনেহৰ বাৰ্তা ৷ আল্লাহে পূৰ্ণ কৰক সকলোৰে মনৰ আশা আকাংশা ৷ ঈদ মোবাৰক!
  5. এই পবিত্র ঈদ-উল-ফিতৰৰ দিনটোত সকলোৰে মাজত সমন্বয়, একতা, তথা ভাতৃত্বৰ এনাজৰী টনকিয়াল হওঁক। মহান আল্লাহৰ ওচৰত সকলোৰে মংগলৰ বাবে দোৱা কৰিলো।
  6. সকলোকে পবিত্ৰ ঈদৰ শুভেচ্ছা যাচিলোঁ ৷  শান্তি-শৃংখলা বজায় ৰাখি আনন্দ-উছাহেৰে ঈদ পালন কৰক ৷ ঈদ মোবাৰক!

 

লগতে পঢ়ক: কিয় আৰু কিদৰে পালন কৰা হয় ঈদ-উল-ফিতৰ? ঈদত আদায় কৰা নামাজৰ গুৰুত্ব কিমান? সবিশেষ জানক