Eid wishes 2025: পবিত্ৰ ঈদে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ আৰু শান্তি… আপোনজনক এনেদৰে জনাওক ঈদৰ শুভেচ্ছা
চৌদি আৰৱত ২৯ মাৰ্চ অৰ্থাৎ আজি ঈদৰ চন্দ্ৰ দেখা গৈছে আৰু এতিয়া ৩০ মাৰ্চ অৰ্থাৎ দেওবাৰে ঈদ পালন কৰা হ’ব। আনহাতে, ভাৰতত ৩০ মাৰ্চত চন্দ্ৰ দেখা যাব আৰু ৩১ মাৰ্চ সোমবাৰে ঈদ-উল-ফিতৰ উদযাপন কৰা হ’ব।

ৰমজান মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে সকলোৱে আনন্দ মনেৰে ঈদ পালন কৰে। ঈদ-উল-ফিতৰ উৎসৱ মুছলমানসকলৰ বাবে সুখ আৰু আশীৰ্বাদৰ দিন। এই বিশেষ দিনটোত মানুহে ইজনে সিজনক সাৱটি ধৰে, নামাজ আদায় কৰে, ইজনে সিজনক ঈদ মুবাৰক বুলি কয়। যদি আপুনিও ঈদৰ শুভেচ্ছা জনাব বিচাৰে তেন্তে ইয়াত থকা শুভেচ্ছা বাৰ্তাৰ পৰা দিব পাৰে।
চৌদি আৰৱত ২৯ মাৰ্চ অৰ্থাৎ আজি ঈদৰ চন্দ্ৰ দেখা গৈছে আৰু এতিয়া ৩০ মাৰ্চ অৰ্থাৎ দেওবাৰে ঈদ পালন কৰা হ’ব। আনহাতে, ভাৰতত ৩০ মাৰ্চত চন্দ্ৰ দেখা যাব আৰু ৩১ মাৰ্চ সোমবাৰে ঈদ-উল-ফিতৰ উদযাপন কৰা হ’ব। প্ৰতি বছৰে চৌদি আৰৱত ভাৰততকৈ এদিন আগতে ঈদ পালন কৰা হয়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল চৌদি আৰৱত ৰমজান এদিন আগতে অৰ্থাৎ ১ মাৰ্চৰ পৰা আৰম্ভ হৈছিল, আনহাতে ভাৰতত ২ মাৰ্চৰ পৰা ৰমজান আৰম্ভ হৈছিল।
ৰমজানৰ পিছত ঈদ-উল-ফিতৰ উৎসৱ মুছলমানসকলৰ বাবে আটাইতকৈ বিশেষ আৰু সুখৰ দিন। এই দিনটোত ৰোজা, প্ৰাৰ্থনা আৰু ধৈৰ্য্যৰ অন্তত সুখ উদযাপনৰ সুযোগ। আজিৰ দিনটোত মানুহে ইজনে সিজনক সাৱটি ধৰি প্ৰেম আৰু ভাতৃত্ববোধৰ বাৰ্তা দিয়ে। ঘৰতে সুস্বাদু খাদ্য প্ৰস্তুত কৰা হয়, অতিথিসকলক বিভিন্ন মিঠাইৰে আদৰণি জনোৱা হয়। ঈদৰ দিনা শিশু বা প্ৰাপ্তবয়স্ক হওক সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে সিজনক সাৱটি ধৰি ঈদ মুবাৰক বুলি কয়।
এই দিনটোত কেৱল পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সুখৰ ভাগ হোৱাই নহয়, আৰ্তজনক সহায় কৰিও আশীৰ্বাদ লোৱা হয়। যদি আপুনিও এই দিনটোত আপোনজনক বিশেষ ধৰণেৰে ঈদৰ শুভেচ্ছা জনাব পাৰে।
- ঈদৰ চন্দ্ৰই সুখৰ বাৰ্তা কঢ়িয়াই আনিছে, ঈদৰ এই বিশেষ দিনটো সকলোৰে ভাল হওক।
- ঈদ মোবাৰক ! পবিত্ৰ ঈদ উৎসৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ আৰু শান্তিৰ বতৰা ৷
- ঈদৰ এই পৱিত্ৰ ক্ষণত সকলোৰে মাজত যেন প্ৰেম, সহানুভূতি, ভাতৃত্বৰ এনাজৰীডাল টানকৈ বান্ধ খাই পৰক সেই আশাৰে…সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
- আপোনাৰ জীৱনত সুখ এনেকৈ থাকক, প্ৰতিদিনে নতুন ভাল খবৰ লাভ কৰক, আপোনাৰ জীৱনতো ঈদৰ চন্দ্ৰৰ দৰে উজ্জ্বল হওক। ঈদৰ মোবাৰক।
- ঈদৰ এই পৱিত্র ক্ষণত সকলোয়ে প্রেম,মহানুভূতি আৰু ভাতৃত্বৰ এনাজৰীৰে যেন বান্ধ খাওক। তাৰেই কামনাৰে সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
- সমূহ অসমবাসীলৈ পৱিত্র ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছো পৱিত্ৰ ঈদে সকলোৰে শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব।