কামৰ সময়ত লগত ৰাখক এই তিনিবিধ খাদ্যবস্তুঃ অটুট থাকিব দেহৰ শক্তি
সাধাৰণতে অধিকাংশ লোকে কামৰ মাজত চিপচ বা তেনে আন স্নেকচ খোৱা পৰিলক্ষিত হয়। কিন্তু এইধৰণৰ খাদ্যসমূহ আমাৰ দেহৰ বাবে কোনোপ্ৰকাৰেই উপযোগী নহয়। গতিকে কাৰ্যালয়ৰ কামৰ সময়খিনিত নিজকে দৈহিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ দৈনিক কিছু স্বাস্থ্যকৰ খাদ্য বস্তু লগত লৈ যাব পাৰে।
সাম্প্ৰতিক সময়ত ব্যস্ত জীৱনশৈলীয়ে অধিকাংশ লোককে দিনৰ ভাগত কৰি তোলে ভাগৰুৱা। বিশেষকৈ কাৰ্যালয়ত বহি কাম কৰি থকাৰ সময়ত মানসিক অৱসাদে আৱৰি ধৰাৰ বাবে এনেদৰে ভাগৰুৱা যেন অনুভৱ কৰা যায়। তেনে সময়ত কামৰ মাজতে কিছুমান খাদ্য গ্ৰহণ কৰিলে এই খাদ্যসমূহে শৰীৰৰ বাবে ইন্ধনৰ দৰে কাম কৰে। এই খাদ্যসমূহে দেহৰ শক্তি বজাই ৰখাত সহায় কৰাৰ বাবে কাৰ্যালয়ৰ কামৰ হেঁচাই আনি দিয়া অৱসাদো অনুভৱ নহয়। সাধাৰণতে অধিকাংশ লোকে কামৰ মাজত চিপচ বা তেনে আন স্নেকচ খোৱা পৰিলক্ষিত হয়। কিন্তু এইধৰণৰ খাদ্যসমূহ আমাৰ দেহৰ বাবে কোনোপ্ৰকাৰেই উপযোগী নহয়।
এইধৰণৰ অস্বাস্থ্যকৰ খাদ্যই কেৱল অৱসাদ বৃদ্ধি কৰাই নহয়, ব্যক্তিৰ স্বাস্থ্যৰো বহু ক্ষতিও কৰে। অৰ্থাৎ কামৰ সময়ত দেহত শক্তি দিয়াৰ পৰিৱৰ্তে এইধৰণৰ খাদ্যই অৱসাদ তথা এলাহ ভাৱহে বৃদ্ধি কৰে। এই খাদ্যসমূহে দেহত অতিৰিক্ত কেলৰিৰ যোগান ধৰাৰ লগতে এনে খাদ্যসমূহত চেনি আৰু নিমখো বেছিকৈ থাকে। ইয়াৰ ফলত ব্যক্তিৰ সামগ্ৰিক স্বাস্থ্য নষ্ট হোৱাৰ লগতে মেদবহুলতাও বৃদ্ধি পায়।
গতিকে কাৰ্যালয়ৰ কামৰ সময়খিনিত নিজকে দৈহিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ দৈনিক কিছু স্বাস্থ্যকৰ খাদ্য বস্তু লগত লৈ যাব পাৰে। এনেধৰণৰ খাদ্য গ্ৰহণ কৰিলে দেহৰ শক্তি বজাই ৰখাই নহয়, ব্যক্তিৰ সামগ্ৰিক স্বাস্থ্যও উপকৃত হ’ব।
কাৰ্যালয়ৰ কামৰ সময়ত গ্ৰহণ কৰিব পৰা এনে স্বাস্থ্যসন্মত খাদ্যৰ ভিতৰত শুকান ফল অন্যতম। গতিকে কাৰ্যালয়লৈ আপুনি শুকান খেজুৰ, কিচমিচ আদি লগত লৈ যাব পাৰে। এইদৰে দৈনিক শুকান ফল খোৱাৰ অভ্যাসৰ দ্বাৰা শৰীৰত থকা পুষ্টিকৰ উপাদানৰ অভাৱ পূৰণত সহায় হ’ব।
স্বাভাৱিকতেই কাৰ্যালয়লৈ যোৱাৰ সময়ত লগত একেলগে বহু ফল-মূল নিয়াটো কঠিন। আন তেনে ফল-মূলৰ পৰিৱৰ্তে এটা বা দুটা আপেল লগত লৈ যাব পাৰে। আপেলত ফাইবাৰ, ভিটামিন চি, পটাছিয়াম, আৰু বহুতো এন্টিঅক্সিডেন্ট থাকে। গতিকে ভোক নিয়ন্ত্ৰণৰ লগ্যতে দেহত শক্তি বৰ্ধনৰ বাবেও সহায়ক হ’ব আপেল।
কামৰ সময়ত বাদামো আপোনাৰ বাবে স্বাস্থ্যকৰ আৰু শক্তিবৰ্ধক খাদ্য হিচাপে বিবেচিত হ’ব। আলমণ্ড, আখৰোট, কাজু আদিৰ সঠিক মিশ্ৰণ কৰি প্ৰতিদিনে কাৰ্যালয়লৈ লৈ যাব পাৰে। চিপচ, চানা আদি খাদ্যৰ পৰিৱৰ্তে বাদাম আপোনাৰ বাবে স্বাভাৱিকতেই অধিক ফলপ্ৰসু খাদ্য হিচাপে বিবেহিত হ’ব।