Winter Nutrition Tips : শীতলকালত কিয় দৈ-মাখন, টেঙা ফল খাব লাগে ? জানক
শীতকালত মানুহে কিছুমান পুষ্টিকৰ খাদ্য এৰাই চলে । খাদ্য বাছনি কৰোঁতে যদি ভুল কৰে তেন্তে শৰীৰত পুষ্টিৰ অভাৱ হ’ব পাৰে। জানো আহক কোনবোৰ খাদ্য মানুহে শীতকালত খোৱাৰ পৰা বিৰত থাকে । কিন্তু এই খাদ্যবোৰ স্বাস্থ্যকৰ ।
বছৰৰ সকলো সময়তে খাদ্যৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন । বতৰৰ পৰিৱৰ্তন হ’লে খাদ্যাভ্যাসৰ ওপৰত আৰু অধিক গুৰুত্ব দিয়া উচিত। সঠিক খাদ্য গ্ৰহণ কৰিলেহে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু স্বাস্থ্যজনিত সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ শৰীৰ সক্ষম হয়। শীতকালত যিবোৰ বস্তু ঠাণ্ডা হয় সেইবোৰ খাদ্য খোৱাৰ পৰা আঁতৰি থাকিব লাগে । কিন্তু পুষ্টিকৰ উপাদান থকা খাদ্যৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন।
খাদ্য আৰু স্বাস্থ্য দুয়োটাৰে সম্পৰ্ক আছে । সেয়েহে ঋতু অনুসৰি খাদ্যৰ তালিকা পৰিৱৰ্তন কৰাটো অতি প্ৰয়োজনীয় । যেনেকৈ গ্ৰীষ্মকালত ঠাণ্ডা খাদ্য সামগ্ৰী খোৱাটো প্ৰয়োজনীয়, ঠিক সেইদৰে শীতকালত গৰম খাদ্য সামগ্ৰী খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয় । মনকৰিবলগীয়া যে, শীতকালত মানুহে কিছুমান পুষ্টিকৰ খাদ্য এৰাই চলে । খাদ্য বাছনি কৰোঁতে যদি ভুল কৰে তেন্তে শৰীৰত পুষ্টিৰ অভাৱ হ’ব পাৰে। জানো আহক কোনবোৰ খাদ্য মানুহে শীতকালত খোৱাৰ পৰা বিৰত থাকে । কিন্তু এই খাদ্যবোৰ স্বাস্থ্যকৰ ।
দৈ আৰু মাখন
শীতকালত দেখা যায় যে মানুহে দৈ আৰু মাখনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকে। মানুহে ভাবে যে, ইয়াক খালে কাহ আৰু চৰ্দিৰ সমস্যা হ’ব। বিশেষজ্ঞৰ মতে, শীতকালত পাচনতন্ত্ৰৰ সমস্যা আঁতৰাই ৰাখিবলৈ দৈ আৰু মাখন খোৱাটো প্ৰয়োজন । কাৰণ এইবোৰ প্ৰ’বায়’টিক খাদ্য যিয়ে অন্ত্ৰক সুস্থ কৰি ৰাখে। ৰাতিপুৱা বা গধূলি খাব নালাগে। দুপৰীয়াৰ আহাৰত সতেজ দৈ খাব পাৰে।
টেঙা ফল
শীতকালত মানুহে টেঙা ফল খোৱা বন্ধ কৰে । ইয়াৰ কাৰণ ঠাণ্ডা প্ৰকৃতিৰ বাবে মানুহে অনুভৱ কৰে যে, ই তেওঁলোকৰ স্বাস্থ্যৰ ক্ষতি কৰিব। দৈৰ দৰে টেঙা ফলতো প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে আৰু ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গতিকে কমলা আৰু অন্যান্য ছাইট্ৰাছ ফল দিনত সেৱন কৰিব পাৰি।
নাৰিকলৰ পানী
গৰমৰ দিনত মানুহে নাৰিকলৰ পানী খায়, কাৰণ ই পেটটো ভিতৰৰ পৰা ঠাণ্ডা কৰি ৰখাত সহায় কৰে । আনহাতে শীতকালত মানুহে নাৰিকল পানী খোৱা বন্ধ কৰে । কিন্তু এনে কৰা উচিত নহয়। ই প্ৰচুৰ পুষ্টিকৰ উপাদান আৰু শৰীৰক জলসিঞ্চিত কৰি ৰখাত সহায় কৰে।
পানী
শীতকালত দেখা যায় যে মানুহে খোৱাপানী কমাই দিয়ে, কিন্তু আপোনাৰ এই ভুলটোৱে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। শীতকালতো শৰীৰত প্ৰচুৰ পানীৰ প্ৰয়োজন হ’ব পাৰে, সেয়েহে প্ৰচুৰ পৰিমাণে পানী খাই থাকিব লাগে।