নষ্ট হোৱা খাদ্যৰ ফলত প্ৰতিবছৰে ৪ লাখৰ মৃত্যু, জানক ইয়াৰ ফলত কি কি ৰোগ হ’ব পাৰে…

আপুনিও বাহি খাদ্য খাই নেকি? তেন্তে ই মাতিব পাৰে আপোনাৰ জীৱনলৈ বিপদ। বাহি বা নষ্ট হোৱা খাদ্যত বহু বিপদজনক বেক্টেৰিয়া থাকে। যি আমাৰ শৰীৰত প্ৰৱেশ কৰিছে ডাঙৰ সমস্যাৰ সৃষ্টি হয়।

নষ্ট হোৱা খাদ্যৰ ফলত প্ৰতিবছৰে ৪ লাখৰ মৃত্যু, জানক ইয়াৰ ফলত কি কি ৰোগ হব পাৰে...

খাদ্য

Published: 

30 Jan 2025 07:01 AM

পুনেত গুইলেইন বেৰে চিণ্ড্ৰম ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আছে। এতিয়ালৈকে এই ৰোগত আক্ৰান্ত হৈ দুজনলোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক হাস্পাতালত ভৰ্তি হৈ আছে। ইয়াৰ বিপৰীতে জম্মু- কাশ্মীৰতো এক ৰহস্যময়ী ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে। অনুপযুক্ত খাদ্য আৰু দূষিত পানীৰ ফলত এই ৰোগ হোৱা বুলি ধাৰণা কৰা হৈছে। অৱশ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান পৰীক্ষা চলি আছে আৰু ৰোগৰ প্ৰকৃত কাৰণ এতিয়াও স্বাস্থ্য বিভাগে নিশ্চিত কৰা নাই। কিন্তু অনুপযুক্ত খাদ্য আৰু দূষিত পানী খোৱাৰ ফলত প্ৰতি বছৰে কিমানলোকৰ মৃত্যু হয় সেয়া জনা দৰকাৰ।

বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৰ তথ্য অনুসৰি অনুপযুক্ত খাদ্য খোৱাৰ ফলত প্ৰতিবছৰে ৪ লাখ ২০ হাজাৰ লোকে প্ৰাণ হেৰুয়ায়। ইয়াৰে ৭০ শতাংশৰ বয়স পাঁচ বছৰৰ তলৰ। অনুপযুক্ত বা বেয়া খাদ্যই শৰীৰত বহু ৰোগৰ সৃষ্টি কৰে। এনে খাদ্যৰ ফলত শৰীৰত বিপদজনক বেক্টেৰিয়া বাঢ়ি যাৰ আৰু পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়। কেতিয়াবা ই মৃত্যুৰ কাৰণো হৈ পৰে।

বেয়া খাদ্যৰ ফলত ৰোগ

দিল্লীৰ মেডিচিনৰ ডাঃ কাৱালজিৎ সিঙে কয় যে নষ্ট খাদ্যৰ বাবে সবাতোকৈ বেছি সংক্ৰমণ হয়। কাৰণ বিপদজনক বেক্টেৰিয়া আৰু পৰজীৱী নষ্ট খাদ্যৰ পৰা লাভান্বিত হয়। যদি কোনো ব্যক্তিয়ে বেয়া খাদ্য খাই তেন্তে পৰজীৱী আৰু বিপদডনক বেক্টেৰিয়া পেটত প্ৰৱেশ কৰি ৰোগ সৃষ্টি কৰে। ইয়াৰ ভিতৰত প্ৰথম লক্ষণ হ’ল খাদ্য বিষক্ৰিয়া। ই পেটৰ বিষ, বমি, ডায়েৰিয়া আদি সমস্যাৰ সৃষ্টি কৰে। কিছুমানৰ ক্ষেত্ৰত আন কিছু লক্ষণেও দেখা দিয়ে। ইয়াৰোপৰি দীৰ্ঘদিন ধৰি ডায়েৰিয়াত আক্ৰান্ত হ’লে ৰোগীৰ মৃত্যু পৰ্যন্ত হয়।

ষ্টোমাক ফ্লু

বেয়া খাদ্যই ষ্টোমাক ফ্লুৰ দৰে গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। এই ৰোগৰ বাবে অন্ত্ৰ ফুলি উঠে। ইয়াক ভাইৰেল গেষ্ট্ৰ’এণ্টেৰাইটিছ বুলিও কোৱা হয়। স্বাস্থ্য বিষয়াৰ মতে এই ৰোগ বিপদজনক বেক্টেৰিয়া আৰু ৰোটাভাইৰাছৰ দ্বাৰা হয়। এই ৰোগত অধিকাংশ সৰু ল’ৰা-ছোৱালী আক্ৰান্ত হয়। যদি সময়মতে এই ৰোগৰ চিকিৎসা কৰা নহয় তেন্তে ৰোগীৰ অৱস্থা সংকটজনক হৈ পৰে। এনে ৰোগৰ পৰা আঁতৰি থাকিবলৈ হাত পৰিস্কাৰ কৰি ৰখাৰ লগতে বাহি খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।

কি হয়

যদি আপুনি কোনো খাদ্য কেইবাদিন ধৰি সংৰক্ষণ কৰি ৰাখে তেন্তে ইয়াৰ পৰা গোন্ধ আহে লগতে সোৱাদ সলনি হয়। এক কথাত ই স্বাস্থ্যৰ বাবে অনুপযুক্ত বা ইয়াক বেয়া খাদ্য বুলি ধৰা হয়। এনে খাদ্যত কিছুমান বিষাক্ত বেক্টেৰিয়াৰ জন্ম হয়। কিছুমান বেক্টেৰিয়া ইমানেই ভয়ংকৰ যে মানুহৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।

দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?