শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেৱল ধঁপাত নহয়, অত্যাধিক চৰ্বি হ’ব পাৰে এই ৰোগৰ কাৰণ, জানক চিকিৎসকে কি কয়…

আজিৰ দিনত প্ৰায়সকললোকেই মেদবহুলতাৰ সমস্যাত ভোগে। এই মেদবহুলতাৰ বাবে মানুহৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিব পাৰে। শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ পাইছে যে মেদবহুলতাৰ ফলত মধুমেহ, উচ্চ ৰক্তচাপ আদি হ'ব পাৰে।

কেৱল ধঁপাত নহয়, অত্যাধিক চৰ্বি হ’ব পাৰে এই ৰোগৰ কাৰণ, জানক চিকিৎসকে কি কয়…
মেদবহুলতাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 19 Jan 2025 12:42 PM

মেদবহুলতা ভাৰতৰ অধিকাংশলোকৰ এক সাধাৰণ সমস্যা। ব্যস্ত জীৱন, খাদ্য খোৱা সময়ৰ সাল-সলনি, জাংক ফুড আদিৰ বাবে আজিকালি প্ৰায়ভাগ মানুহে মেদবহুলতাৰ সমস্যাত ভোগা দেখা যায়। কিন্তু মেদবহুলতা বা পেটৰ চৰ্বি বাঢ়ি অহাৰ ফলত মানুহৰ বিভিন্ন ৰোগৰ আশংকাও বৃদ্ধি পায়। অত্যাধিক চৰ্বি বৃদ্ধিয়ে মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰে।  এই সমস্যাসমূহ ৰোধ কৰাৰ বাবে বহু গৱেষণা চলি আছে। শেহতীয়াকৈ মেদবহুলতা আৰু ইয়াৰ লগত জড়ত আন ৰোগ সন্দৰ্ভত এক নতুন অধ্যয়ন পোহৰলৈ আহিছে।

ব্ৰিটিছ মেডিকেল জাৰ্নেল দ্য লেন্সেটত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই নতুন সংজ্ঞাই মেদবহুলতাক বিএমআইতকৈ শৰীৰৰ চৰ্বি আৰু ইয়াৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যাৰ দিশসমূহ প্ৰতিফলতি কৰে। মেদবহুলতাৰ ফলত মধুমেহ, উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ আদিৰ দৰে বিভিন্ন ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায। এই সন্দৰ্ভত ফৰ্টিছ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক অনুপ মিশ্ৰই কয় যে, কৰ্কট ৰোগৰ অন্যতম কাৰণ মেদবহুলতা বুলি ক’ব পাৰি। চিকিৎসকগৰাকীয়ে কয় যে,ধঁপাত যেনেকৈ দুৰাৰোগ্য ৰোগৰ কাৰণ হ’ব পাৰে ঠিক তেনেকৈ মেদবহুলতাও ইয়াৰ অন্যতম কাৰণ হ’ব পাৰে।

মেদবহুলতাৰ ফলত কি কি হ’ব পাৰে

মেদবহুলতাৰ ফলত হৃদৰোগৰ সমস্যা, মধুমেহ আদিৰ সমস্যা বৃদ্ধি পায়। ইয়াৰ লগতে কৰ্কটৰ দৰে ৰোগো ইয়াৰ ফলত হব পাৰে। গৱেষণাত প্ৰমাণিত হৈছে যে মেদবহুলতা আৰু কৰ্কট ৰোগৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। মেদবহুলতাৰ ফলত বিভিন্ন প্ৰকাৰৰ এই ৰোগ হ’ব পাৰে। তাৰ ভিতৰত স্তনৰ কৰ্কট ৰোগ, ছাৰ্ভাইকেল, কিডনী, গল্ড ব্লোডৰ আদিৰ কৰ্কট হোৱাৰ আশংকা অধিক। মেদবহুলতাৰ ফলত শৰীৰত অত্যাধিক চৰ্বি বাঢ়ি যায় আৰু ইয়ে শৰীৰৰ জৈৱিক প্ৰক্ৰিয়াক প্ৰভাৱিত কৰে। যাৰ ফলত এনে ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়।

ডাঃ মিশ্ৰৰ মতে মেদবহুলতাই শৰীৰত ইষ্ট্ৰজেন আৰু ইনচুলিনৰ দৰে হৰম’ন দ্ৰুতগতিত বৃদ্ধি কৰে, যাৰ ফলত আমাৰ শৰীৰৰ কোষবোৰ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰে। এনেসমূহ কাৰণৰ ফলত ডি এন এৰ ক্ষতিসাধন হয় আৰু কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।। ইয়াৰোপৰি মেদবহুলতাই শৰীৰত ইনচুলিন বৃদ্ধি কৰিব পাৰে যাৰ ফলত টিউমাৰৰ সৃষ্টি হয়। এই টিউমাৰ কৰ্কটৰ অন্য এক কাৰণ।

শেহতীয়াকৈ প্ৰকাশ পোৱা গৱেষণাৰ মতে, মেদবহুলতা এতিয়া কেৱল বি এম আইৰ ভিত্তি নহয়। চিকিৎসকে কঁকালৰ আকাৰ জুখি মেদবহুলতাৰ অনুমান কৰিব পাৰে। যদি মহিলাৰ কঁকালৰ আকাৰ ৩৪.৬ ইঞ্চিতকৈ অধিক আৰু পুৰুষৰ কঁকালৰ আকাৰ ৪০ ইঞ্চিতকৈ অধিক হয় তেতিয়া ধৰি লোৱা হয় যে মানুহজন মেদবহুলতাৰ সমস্য়া আছে আৰু ইয়াৰ ফলত বিভিন্ন ৰোগ হ’ব পাৰে। গতিকে মেদবহুলতাৰ সমস্যাই দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।

Latest News