5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উচ্চ ৰক্তচাপৰ বাবে যন্ত্ৰণাময় হৈ পৰিছে নেকি জীৱন? এইসমূহ উপায়ৰ দ্বাৰা পাব সকাহ..

উচ্চ ৰক্তচাপৰ সমস্যা বৰ্তমান সময়ত যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই ৰোগৰ ফলত দেহত হ’ব পৰা আন সমস্যাৰ বাবে ৰক্তচাপক চাইলেণ্ট কিলাৰ ডিজিজ বুলিও কোৱা হয়। কিন্তু আমাৰ দৈন্দিন জীৱনত কিছুমান অভ্যাসৰ দ্বাৰা আমি এই চিন্তনীয় সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰোঁ।

উচ্চ ৰক্তচাপৰ বাবে যন্ত্ৰণাময় হৈ পৰিছে নেকি জীৱন? এইসমূহ উপায়ৰ দ্বাৰা পাব সকাহ..
প্ৰতিনিধিত্বমূলক ছবি
Follow Us
monjit-dutta
Monjit Dutta | Published: 15 Sep 2024 18:54 PM

বৰ্তমান সময়ত অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে বহু ৰোগত আক্ৰান্ত হৈছে এনে জীৱনশৈলীত অভ্যস্ত লোকসকল। এনে ৰোগসমূহে যিকোনো ব্যক্তিৰে জীৱন কৰি তোলে দুৰ্বিসহ। সাম্প্ৰতিক সময়ত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা তেনে এবিধ ৰোগ হৈছে উচ্চ ৰক্তচাপ। বয়সীয়াল লোকসকলৰ লগতে যুৱক যুৱতীসকলৰ মাজতো উচ্চ ৰক্তচাপৰ সমস্যা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। লক্ষণীয়ভাৱে উচ্চ ৰক্তচাপৰ সমস্যাক বহু লোকে তেনেই সাধাৰণ স্বাস্থ্যজনিত সমস্যা হিচাপে গণ্য কৰা দেখা যায়। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে এয়া এক বিপদজনক চিকিৎসাজনিত অৱস্থা।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে উচ্চ ৰক্তচাপৰ ফলত ষ্ট্ৰোকৰ লগতে হৃদৰোগৰ সমস্যা আৰু বৃক্কৰ ৰোগেও গা কৰি উঠিব পাৰে। সেইবাবেই উচ্চ ৰক্তচাপৰ সমস্যাক চাইলেণ্ট কিলাৰ ডিজিজ বুলিও কোৱা হয়। এই সমস্যাৰ পৰা সকাহ লাভৰ বাবে সচেতন লোকসকলে বৰ্তমান সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট যত্ন লোৱা দেখা যায়।

পুষ্টিবিদ নমামী আগৰৱালাই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে সঠিক জীৱনশৈলীৰ ৰুটিনেৰে উচ্চ ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি। খাদ্যাভ্যাসৰ প্ৰতি যত্ন লোৱাটো এইক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয়। যদি আপুনি বেছিকৈ নিমখ বা প্ৰচেছড খাদ্য খায় তেন্তে আপোনাৰ এই সমস্যা অধিক বৃদ্ধি পাব পাৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে নিজাকৈ গ্ৰহণ কৰিব পৰা কিছু পদক্ষেপৰ বিষয়ে জানো আহক-

মানসিক চাপ ব্যৱস্থাপনা

মানৱ দেহত দেখা দিয়া বহু ৰোগ মগজুৰ লগত জড়িত। মানসিক চাপ বহু ৰোগৰ মূল। অত্যধিক মানসিক চাপৰ ফলত ৰক্তচাপ বৃদ্ধি পায়। এনে পৰিস্থিতিত মানসিক চাপ নিয়ন্ত্ৰণৰ কৌশল গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। এইক্ষেত্ৰত নিয়মিতভাৱে যোগাসন, ধ্যানৰ দৰে অভ্যাস গঢ়ি তুলিব লাগে। ইয়াৰ ফলত ব্যক্তিৰ মানসিক চাপ নিশ্চিতভাৱে হ্ৰাস পাব।

খাদ্যৰ যত্ন লওক

উচ্চ ৰক্তচাপ হ্ৰাস কৰিবলৈ খাদ্যাভ্যাস স্বাস্থ্যকৰ হ’ব লাগিব। সেয়ে দৈনন্দিন খাদ্য তালিকাত দৈনিক আহাৰত সতেজ ফল-মূল, শাক-পাচলি, মগু, বাদাম আদি খাদ্য বস্তু অন্তৰ্ভুক্ত কৰিব লাগে। লগতে, পটাছিয়াম সমৃদ্ধ খাদ্য যেনে পালেং শাক, মিঠা আলু আৰু কল আদিও নিয়মীয়াকৈ খাব লাগে।

নিয়মিত ব্যায়াম কৰক

সুস্থ হৈ থাকিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ ফলত ৰক্ত সঞ্চালনো উন্নত হ’ব। বিশেষজ্ঞসকলৰ মতে সপ্তাহত কমেও ৫ দিন নিয়মিতভাৱে ৩০ মিনিটৰ বাবে খোজ কঢ়া, সাঁতোৰা আৰু চাইকেল চলোৱাৰ দৰে শাৰীৰিক ব্যায়াম কৰিব লাগে।

কেফেইন আৰু মদ্যপান পৰিহাৰ কৰক

উচ্চ ৰক্তচাপ মূলতঃ অস্বাস্থ্যকৰ জীৱনশৈলীৰ ফলত হোৱা ৰোগ। জীৱনশৈলী স্বাস্থ্যসন্মত কৰি তুলি এই ৰোগৰ পৰা সকাহ লাভ কৰিব পাৰি। সেয়ে কেফেইন আৰু এলক’হল ত্যাগ কৰিলেও উচ্চ ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰি।

Latest News