শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জীৱনৰ ৩৫টা বসন্ত গৰকিলে নেকি? এইসমূহ দিশৰ প্ৰতি দিয়ক গুৰুত্ব, দেহ হ’ব নিৰোগী

সাধাৰণতে ব্যস্ততাই আনি দিয়া অস্বাস্থ্যকৰ জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ ফলত ৩৫-৪০ বছৰ বয়সৰ পৰাই শৰীৰত বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। হৃদৰোগৰ পৰা যকৃতৰ ৰোগলৈকে নানা ৰোগৰ সম্ভাৱনাই গা কৰি উঠে। এনে পৰিস্থিতিত শাৰীৰিক আৰু মানসিক দুয়োটা স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হৈ পৰে।

জীৱনৰ ৩৫টা বসন্ত গৰকিলে নেকি? এইসমূহ দিশৰ প্ৰতি দিয়ক গুৰুত্ব, দেহ হ’ব নিৰোগী
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 23 Jan 2025 22:14 PM

বয়স বৃদ্ধিৰ লগে লগে ব্যক্তিৰ দেহত বিভিন্ন ৰোগৰ আশংকাও বৃদ্ধি পায়। এফালে ব্যস্ততাই আনি দিয়া অস্বাস্থ্যকৰ জীৱনশৈলী আৰু আনফালে অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ ফলত ৩৫-৪০ বছৰ বয়সৰ পৰাই শৰীৰত বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। হৃদৰোগৰ পৰা যকৃতৰ ৰোগলৈকে নানা ৰোগৰ সম্ভাৱনাই গা কৰি উঠে। এনে পৰিস্থিতিত শাৰীৰিক আৰু মানসিক দুয়োটা স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হৈ পৰে। বিশেষজ্ঞসকলৰ মতে, এই বয়সত সঠিক জীৱনশৈলী আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাটো আৱশ্যকীয়।

সাধাৰণতে ৩৫-৪০ বছৰৰ ভিতৰত হাড়ৰ শক্তি কমিবলৈ আৰম্ভ কৰে। প্ৰজনন ক্ষমতাও ক্ৰমান্বয়ে কমি যায় আৰু হৃদযন্ত্ৰ, যকৃত আৰু বৃক্কৰ ৰোগৰ সম্ভাৱনা বাঢ়ি যায়। গতিকে স্বাস্থ্যৰ যত্ন লোৱা আৰু নিয়মীয়াকৈ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয় হৈ পৰে। এই সন্দৰ্ভত কৌশাম্বীৰ যশোদা ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ জ্যেষ্ঠ এণ্ডক্ৰাইন’লজিষ্ট ডাঃ ৰাহুল চৌৰাই কেইটামান গুৰুত্বপূৰ্ণ দিশৰ কথা উল্লেখ কৰিছে।

তেওঁ কয় যে এই বয়সত প্ৰতিজন লোকে নিয়মীয়াকৈ হৃদযন্ত্ৰৰ পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। সেয়ে চিকিৎসকৰ সৈতে ভালদৰে যোগাযোগ কৰা উচিত। এই বয়সত ৰক্তচাপৰ সমস্যাৰ আশংকা থকাৰ লগতে ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি পায়। সেয়ে এই বয়সৰ লোকসকলে নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। সমান্তৰালকৈ এই বয়সৰ লোকসকলৰ হাড়ৰ ঘনত্ব কমিবলৈও আৰম্ভ কৰে।

তেনে অৱস্থাত কোনো আঘাতৰ ফলত হাড় ভাঙি যোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়, গতিকে কেলচিয়াম আৰু ভিটামিন ডিৰ মাত্ৰা পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। যদি দেহত ভিটামিন ডিৰ মাত্ৰা কম হয় তেন্তে ইয়াৰ বাবে সূৰ্যৰ পোহৰ সঠিকভাৱে ল’ব লাগে। দৈহিক স্বাস্থ্যৰ লগতে ৩৫-৪০ বছৰ বয়সৰ লোকে মানসিক স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব লাগে। এই বয়সত মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি স্বাভাৱিক যদিও ইয়াৰ সৈতে মোকাবিলা কৰাটো অতি প্ৰয়োজনীয়।

মানসিক স্বাস্থ্য শক্তিশালী কৰি ৰাখিবলৈ দৈনিক কমেও ৩০ মিনিট খোজ কঢ়াৰ দৰে লঘু ব্যায়াম, যোগাসন কৰিব লাগে। মানসিক চাপ গ্ৰহণ কৰাৰ পৰা বিৰত থকাটো অত্যন্ত প্ৰয়োজনীয়। কোনো ৰোগৰ লক্ষণে দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। নিজকে এক সুস্থ-সবল আৰু নিৰোগী দেহ তথা মনৰ অধিকাৰী কৰি ৰাখিবলৈ ফাষ্ট ফুড পৰিহাৰ কৰক আৰু সতেজ ফল-মূল, শাক-পাচলি, দাইল, কম চৰ্বিযুক্ত প্ৰটিনৰ পৰিমাণ বৃদ্ধি কৰক।