শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চকু হৈ পৰে নেকি ভাগৰুৱা? তেন্তে আজিয়ে ত্যাগ কৰক এই ৫ টা অভ্যাস…

বেয়া জীৱনশৈলীৰ বাবে সৰু বয়সতে চকুৰ দৃষ্টিশক্তি দুৰ্বল হ'বলৈ আৰম্ভ কৰে। কিন্তু আমি আমাৰ চকুৰ যত্ন লোৱা অতিকে প্ৰয়োজন। কিছুমান সহজ অভ্যাসে আপোনাৰ চকু সুস্থ কৰি ৰাখিব পাৰে।

চকু হৈ পৰে  নেকি ভাগৰুৱা?  তেন্তে আজিয়ে ত্যাগ কৰক এই ৫ টা অভ্যাস…
চকুImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 01 Apr 2025 07:08 AM

চকু আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল অংগ। চকুৱে আমাক আমাৰ চৌপাশৰ জগতখন চোৱাত সহায় কৰে, গতিকে ইয়াৰ যত্ন লোৱা অতিকে প্ৰয়োজন। বেয়া জীৱনশৈলীৰ বাবে সৰু বয়সতে চকুৰ দৃষ্টিশক্তি দুৰ্বল হ’বলৈ আৰম্ভ কৰে। চকু শুকান হোৱা, ভাগৰুৱা হোৱা, জ্বলা-পোৰা কৰা, ৰঙা পৰা, চকু পানী ওলোৱা আদি সমস্যাবোৰকো আওকাণ কৰিব নালাগে। যদি এই সৰু সৰু কথাবোৰৰ যত্ন লোৱা নহয়, তেন্তে ই কেৱল চকুৰ দৃষ্টিশক্তি দুৰ্বল কৰাই নহয়, চকুৰ লগত জড়িত বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত গ্ল’ক’মা, কেটাৰেক্ট আদিকে ধৰি বিভিন্ন সমস্যা হ’ব পাৰে।

অৱশ্যে আপুনি কিছুমান সহজ টিপছ গ্ৰহণ কৰি চকুৰ দৃষ্টিশক্তি সঠিক কৰি ৰাখিব পাৰে। লগতে এনে সমস্যাৰ পৰা ৰেহাই পাব পাৰে। চকু দুটা সুস্থ কৰি ৰাখিবলৈ মাজে মাজে চকু পৰীক্ষা কৰি থকা জৰুৰী। ইয়াৰ দ্বাৰা চকুৰ যিকোনো সমস্যা আগতীয়াকৈ ধৰা পেলোৱাত সহায় হয় আৰু আপুনি গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিব পাৰে। এই লেখাটোত এনে কিছুমান অভ্যাসৰ বিষয়ে উল্লেখ কৰা হ’ল যিয়ে আপোনাৰ চকুৰ স্বাস্থ্য উন্নত কৰিব পাৰে।

স্ত্ৰীণৰ সময়

আজিকালি শিশুসকলেও ঘণ্টাৰ পিছত ঘণ্টা মোবাইল ফোন ব্যৱহাৰ কৰি থাকে যাৰ ফলত গোটেই শৰীৰটো ক্ষতিগ্ৰস্ত হয়। ইয়াৰোপৰি ইয়াৰ প্ৰভাৱ চকুত বেয়াকৈ পৰে।  কেৱল শিশুৰ ক্ষেত্ৰতে নহয়, প্ৰাপ্তবয়স্কসকলৰ বাবেও এই অভ্যাস বেয়া। গতিকে স্ত্ৰীণৰ সময় বা মোবাইল, লেপটপ, টিভি আদি ব্যৱহাৰ কৰাৰ সময় কমাব লাগে।

যদি আপোনাৰ কিবা প্ৰয়োজনীয় কাম থাকে তেন্তে প্ৰতি ২০ মিনিটৰ মূৰে মূৰে ২০ চেকেণ্ডৰ বিৰতি লওক আৰু আপোনাৰ পৰা কিছু দূৰৈত ৰখা কিবা এটা ভালদৰে চাওক আৰু চকু টিপিয়াই থাকক। শিথিল হ’বলৈ হাতৰ তলুৱা চকুৰ ওপৰত ৰাখক।

ছানগ্লাছ

সূৰ্যৰ ৰশ্মিয়ে কেৱল ছালৰ ক্ষতি নহয়, চকুৰ ক্ষতিও কৰে। বেছিভাগ মানুহেই চশমা নোহোৱাকৈ সূৰ্যৰ পোহৰত ওলাই যায়, যাৰ ফলত আপোনাৰ চকুত বেয়া প্ৰভাৱ পৰে। গতিকে যেতিয়া আপুনি বাহিৰলৈ ওলাই যায় তেতিয়া ছানগ্লাছ পিন্ধিব বা ছাতি এটা লগত লৈ ফুৰিব যাতে চকু দুটা ৰ’দৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ নাহে।

শৰীৰ হাইড্ৰেট কৰি ৰখা

শৰীৰত হাইড্ৰেটিং নহ’লে সমগ্ৰ শৰীৰৰ ক্ষতি হয় আৰু চকু শুকান হৈ পৰে। যদি আপোনাৰ পানী কম খোৱাৰ অভ্যাস আছে তেন্তে এই অভ্যাস ত্যাগ কৰক। যদি আপুনি বেছি পানী খাব নোৱাৰে তেন্তে অন্য তৰল পদাৰ্থ খাব। স্বাস্থ্যকৰ পানীয় যেনে মাখন, নেমু পানী, বিভিন্ন ফলৰ ৰস আদি খাব লাগে।

খাদ্য

আজিকালি বহু মানুহে পুষ্টিকৰ খাদ্য নাখায়। ইয়াৰ ফলত  চকুৰ ক্ষতি হয়। চকুৰ বাবে জিংক, ভিটামিন এ, লুটিন, জিএক্সান্থিন, ওমেগা ৬ ফেটি এচিড, তাম আদি পুষ্টিকৰ উপাদানৰ প্ৰয়োজন আৰু এইবোৰেৰে সমৃদ্ধ খাদ্য নাখালে চকুৰ ক্ষতি হয়। গতিকে বিলাহী, মাছ, কণী, আলমণ্ড, কমলা, আঙুৰ,আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

টোপনি

আধুনিক জীৱনশৈলী এনেকুৱা যে মানুহে প্ৰায়ে কোনো কাম নকৰাকৈ ৰাতি দেৰিলৈকে নুশুয়ে।  যাৰ ফলত চকুত বেয়া প্ৰভাৱ পৰে। ইয়াৰ বাহিৰেও আপুনি বহুতো গুৰুতৰ ৰোগৰ সন্মুখীন হ’ব পাৰে। সেয়ে নিশা ১০ বজাৰ ভিতৰত বা ৭-৮ ঘণ্টা ভালকৈ শুব লাগে।