ফেচিয়েল নে Clean up… সৰস্বতী পূজাৰ পূৰ্বে মুখৰ উজ্জ্বলতা বাঢ়িবলৈ কোনটো বেছি লাভদায়ক?

ছালখন উজ্জ্বল আৰু পৰিষ্কাৰ কৰি ৰাখিবলৈ বহুতে পাৰ্লাৰলৈ গৈ ফেচিয়েল বা Clean up কৰে। কিন্তু প্ৰায়ে মহিলসকলৰ মনত প্ৰশ্ন উদয় হয় যে, ফেচিয়েল বা Clean upৰ মাজত কোনটো বেছি ভাল?

ফেচিয়েল নে Clean up... সৰস্বতী পূজাৰ পূৰ্বে মুখৰ উজ্জ্বলতা বাঢ়িবলৈ কোনটো বেছি লাভদায়ক?

সৰস্বতী পূজাৰ পূৰ্বে মুখৰ উজ্জ্বলতা বাঢ়িবলৈ কোনটো বেছি লাভদায়ক?

Updated On: 

29 Jan 2025 15:31 PM

সমাগত সৰস্বতী পূজা। বিশেষকৈ শিক্ষানুষ্ঠান বোৰত এই উৎসৱৰ প্ৰভাৱ বেছি পৰিলক্ষিত হয়। আধুনিকতাৰ পৰশত সৰস্বতী পূজা এক জাকজমক আৰু আড়ম্বৰপূৰ্ণ অনুষ্ঠানলৈ পৰিণত হৈছে। এই দিনটোত মা সৰস্বতীক পূজা কৰাৰ লগতে পুৰুষ-মহিলা সকলোৱে নিজকে সুন্দৰকৈ সজায়। বিভিন্নজনে মুখখন উজ্জ্বল দেখাবলৈ পাৰ্লাৰলৈ গৈ ফেচিয়েল বা Clean up কৰায়।

ফেচিয়েল হৈছে মুখৰ ছালৰ যত্নৰ বাবে কৰা পৰিচৰ্যাৰ এটা ভাগ, য’ত ভাপ, এক্সফোলিয়েচন (জৈৱিক আৰু ৰাসায়নিক), এক্সট্ৰেকচন, ক্ৰীম, লোচন, ফেচিয়েল মাস্ক, পিল, আৰু মালিচ আদি অন্তৰ্ভুক্ত হৈ থাকে। সাধাৰণতে বিউটি পাৰ্লাৰত এইবোৰ কৰা হয় যদিও ই এক সাধাৰণ স্পা চিকিৎসাও। সাধাৰণ ছালৰ স্বাস্থ্যৰ লগতে নিৰ্দিষ্ট ছালৰ পৰিচৰ্যাৰ বাবেও ব্যৱহাৰ কৰা হয়।

ফেচিয়েলৰ উপকাৰিতাৰ

ছালৰ পুষ্টি: ইয়াত ব্যৱহৃত সামগ্ৰীয়ে ছালখনক গভীৰভাৱে পুষ্টি প্ৰদান কৰে।

তেজৰ সঞ্চালন উন্নত কৰে: ফেচিয়েলৰ এটা পদক্ষেপ হ’ল মালিচ, য’ত ছালখন ক্ৰীমৰ সহায়ত মালিচ কৰা হয়। মালিচৰ বাবে মুখমণ্ডলত তেজৰ সঞ্চালন বৃদ্ধি পায়। যাৰ ফলত ছালৰ প্ৰাকৃতিক উজ্জ্বলতা ঘূৰাই আনে।

আনহাতে Clean up হৈছে, ছাল পৰিষ্কাৰ আৰু এক্সফলিয়েট কৰাৰ বাবে এক চিকিৎসা। ইয়াত, ছালৰ পৰা লেতেৰা, তেল আৰু অন্যান্য পদাৰ্থ আঁতৰ কৰা হয়। Face Clean Up কৰিলে ছাল উন্নত হয় আৰু ছাল স্বাস্থ্যৱান আৰু উজ্জ্বল হৈ থাকে।

 Clean upৰ সুবিধা

ছালৰ পৰিষ্কাৰ: ই মুখৰ ক’লা দাগ, বগা দাগ আৰু মলি আঁতৰোৱাত সহায় কৰে।

তেলীয়া ছালৰ বাবে উত্তম: তেলীয়া ছালৰ বাবে অতি উপযোগী। কাৰণ ই আপোনাৰ ছালৰ অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰে।

ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে: ই আপোনাৰ ছালখনক তৎক্ষণাত সতেজতা প্ৰদান কৰে।

কম সময় লাগে: Clean up কৰিবলৈ মাত্ৰ ৩০-৪০ মিনিট সময় লাগে, যিটো ব্যস্ত মানুহৰ বাবে ভাল। একে সময়তে ফেচিয়েলতকৈও বহুত কম খৰচী।

দুয়োটাৰ ভিতৰত কোনটো ভাল?

যদি আপুনি আপোনাৰ ছালখনক গভীৰভাৱে পুষ্টি দিব বিচাৰে আৰু কোনো বিশেষ অনুষ্ঠানৰ বাবে তৎক্ষণাত গ্লো বিচাৰিছে, তেন্তে ফেচিয়েল এটা উত্তম বিকল্প। একে সময়তে যদি আপোনাৰ প্ৰাধান্য ছালৰ পৰিষ্কাৰ আৰু সতেজতাৰ ওপৰত তেন্তে Cleanup আপোনাৰ বাবে উপযুক্ত হ’ব।

 

দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?