শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ফেটি লিভাৰে আপোনাৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে, ইয়াৰ লক্ষণ কি ? জানক

লিভাৰত অতিৰিক্ত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰিলে এই ৰোগ হয়। প্ৰথম অৱস্থাত ইয়াৰ বহু লক্ষণ দেখা নাযায় যদিও সময়ত নিয়ন্ত্ৰণ নকৰিলে ই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। চিকিৎসকে কয় যে, ফেটি লিভাৰে ৰক্ত সঞ্চালনত প্ৰভাৱ পেলায়, যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

ফেটি লিভাৰে আপোনাৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে, ইয়াৰ লক্ষণ কি ? জানক
ফেটি লিভাৰৰ লক্ষণImage Credit source: pexel
manas-borah
Manas Borah | Updated On: 25 Mar 2025 13:38 PM

ভুল খাদ্যাভ্যাস আৰু বেয়া জীৱনশৈলীৰ বাবে ফেটি লিভাৰৰ সমস্যা দ্ৰুতগতিত বাঢ়িছে। লিভাৰত অতিৰিক্ত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰিলে এই ৰোগ হয়। প্ৰথম অৱস্থাত ইয়াৰ বহু লক্ষণ দেখা নাযায় যদিও সময়ত নিয়ন্ত্ৰণ নকৰিলে ই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। চিকিৎসকে কয় যে, ফেটি লিভাৰে ৰক্ত সঞ্চালনত প্ৰভাৱ পেলায়, যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

লিভাৰত অতিৰিক্ত চৰ্বি যেতিয়া জমা হয়, তেতিয়া শৰীৰত বেয়া কলেষ্টেৰল (LDL) বৃদ্ধি পায় আৰু ভাল কলেষ্টেৰল (HDL) হ্ৰাস পায়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ধমনীবোৰ বন্ধ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে সমস্যাও ফেটি লিভাৰৰ ফলত হ’ব পাৰে, যাৰ ফলত হৃদযন্ত্ৰ আৰু অধিক দুৰ্বল হৈ পৰে।

বিশেষকৈ মেদবহুলতাত ভোগা কিছুমান লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি। যিসকল লোকে অত্যাধিক মদ্যপান কৰে, যাৰ খাদ্যাভ্যাস অস্বাস্থ্যকৰ আৰু যিসকলে একেবাৰে ব্যায়াম বা শৰীৰ চৰ্চা নকৰে, তেওঁলোকৰ ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা বেছি। এনে পৰিস্থিতিত আপুনি তৎক্ষণাত নিজৰ জীৱনশৈলী সলনি কৰিব লাগিব।

ফেটি লিভাৰৰ লক্ষণসমূহ অতি লাহে লাহে দেখা দিয়ে, কিন্তু যদি আপুনি এই লক্ষণসমূহ দেখা পায় তেন্তে সজাগ হওক। পেটৰ সোঁফালে মৃদু বিষ অনুভৱ কৰা, সকলো সময়তে দুৰ্বল অনুভৱ কৰা, ভোক কমি যোৱা বা খাদ্য হজম কৰাত অসুবিধা হোৱা, দ্ৰুত ওজন বৃদ্ধি বা কমি যোৱা ফেটি লিভাৰৰ লক্ষণ সমস্যা হ’ব পাৰে। যদি আপুনি এনে কোনো লক্ষণ অনুভৱ কৰি আছে তেন্তে ইয়াক সহজভাৱে ল’ব নালাগে আৰু চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক ।

লিভাৰ আৰু হৃদযন্ত্ৰ কেনেকৈ সুস্থ কৰি ৰাখিব?

  • যদি আপুনি আপোনাৰ লিভাৰ আৰু হৃদযন্ত্ৰ দুয়োটা সুস্থ হৈ থকাটো বিচাৰে, তেন্তে আপুনি আপোনাৰ দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰিব লাগিব।
  • খাদ্য পৰিৱৰ্তন কৰক – জাংক ফুড, ভজা খাদ্য আৰু বেছিকৈ মিঠাই খোৱাৰ পৰা বিৰত থাকক। সেউজীয়া শাক-পাচলি, ফল-মূল আৰু প্ৰটিন সমৃদ্ধ খাদ্য খাব লাগে।
  • নিয়মিত ব্যায়াম কৰক- দৈনিক কমেও ৩০ মিনিট খোজ কঢ়া, যোগাসন বা লঘু ৱৰ্কআউট কৰক।
  • মদ আৰু চিগাৰেট পৰিহাৰ কৰক- মদ আৰু ধূমপানে যকৃতৰ ক্ষতি কৰে, সম্পূৰ্ণৰূপে এৰি দিয়ক।
  • নিজৰ ওজন নিয়ন্ত্ৰণত ৰাখক- মেদবহুলতা কেৱল যকৃতৰ বাবেই নহয় হৃদযন্ত্ৰৰ বাবেও বিপদজনক, গতিকে ওজন বজাই ৰাখক।
  • পৰ্যাপ্ত পৰিমাণে টোপনি যাওক- কম টোপনিৰ ফলত শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতা সমস্যা হয়, যাৰ ফলত যকৃত আৰু হৃদযন্ত্ৰ দুয়োটাতে বেয়া প্ৰভাৱ পৰে।