শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আঁঠুৰ বিষৰ সমস্যাই জুৰুলা কৰিছে নেকি? প্ৰতিদিনে কৰক এই ব্যায়ামসমূহ, পাব উপশম…

আঁঠুৰ বিষৰ পৰা মুক্তি পাবলৈ মানুহে প্ৰায়ে বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰে। কিন্তু ঔষধৰ প্ৰভাৱ যিমান সময়লৈকে থাকে তেতিয়ালৈকে বিষৰ পৰা সকাহ পোৱা যায়। এনে পৰিস্থিতিত আঁঠুৰ বিষৰ পৰা ৰক্ষা পাবলৈ কিছুমান ব্যায়াম নিয়মিতভাৱে অভ্যাস কৰিব পাৰে। এই ব্যায়ামসমূহে আপোনাক বিষৰ পৰা সকাহ লাভত যথেষ্ট সহায় কৰিব।

আঁঠুৰ বিষৰ সমস্যাই জুৰুলা কৰিছে নেকি? প্ৰতিদিনে কৰক এই ব্যায়ামসমূহ, পাব উপশম…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 18 Jan 2025 14:41 PM

শীতকালত প্ৰায়ে বহু লোকৰ ক্ষেত্ৰত বিষৰ সমস্যাই গা কৰি উঠা দেখা যায়। বাতবিষ, অষ্টিঅ’আৰ্থাইটিছ বা পুৰণি আঘাতপ্ৰাপ্ত লোকৰ ক্ষেত্ৰত এই সমস্যা আৰু অধিক বৃদ্ধি পায়। শীতকালত উষ্ণতা হ্ৰাস পোৱাৰ বাবে শৰীৰত তেজৰ সোঁত কিছু কমি যায়। প্ৰধানতঃ এনে কাৰণতে গাঁঠিৰ বিষ বাঢ়িবলৈ আৰম্ভ কৰে। দেহৰ আন অংগৰ লগতে শীতকালত আঁঠুৰ বিষৰ সমস্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হয়। কিন্তু নিয়মিতভাৱে কিছুমান বিশেষ ব্যায়াম কৰি এনে ধৰণৰ বিষৰ সমস্যাৰ পৰা কিছিউ উপশম লাভ কৰিব কৰিব পাৰি।

আঁঠুৰ বিষৰ পৰা মুক্তি পাবলৈ মানুহে প্ৰায়ে বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ কৰে। কিন্তু ঔষধৰ প্ৰভাৱ যিমান সময়লৈকে থাকে তেতিয়ালৈকে বিষৰ পৰা সকাহ পোৱা যায়। ঔষধৰ প্ৰভাৱ শেষ হোৱাৰ লগে লগে পুনৰ বিষৰ সমস্যাই গা কৰি উঠে। এনে পৰিস্থিতিত আঁঠুৰ বিষৰ পৰা ৰক্ষা পাবলৈ কিছুমান ব্যায়াম নিয়মিতভাৱে অভ্যাস কৰিব পাৰে। এই ব্যায়ামসমূহে আপোনাক বিষৰ পৰা সকাহ লাভত যথেষ্ট সহায় কৰিব।

লেগ ৰেইজ

লেগ ৰেইজ হৈছে আঁঠুৰ চাৰিওফালে থকা পেশীবোৰ শক্তিশালী কৰা এক সহজ আৰু ফলপ্ৰসূ ব্যায়াম। এই ব্যায়ামে আঁঠুৰ বিষ কমোৱাত সহায় কৰে আৰু গাঁঠিবোৰ নমনীয় কৰি তোলে।

কেনেকৈ কৰিব-

পিঠি পেলাই পোনকৈ শুই লওক

এতিয়া এটা ভৰি দেহৰ সমানে তলত থৈ আনটো ভৰি লাহে লাহে ওপৰলৈ তুলি লওক।

এইদৰে ১০ৰ পৰা ১৫ ছেকেণ্ডলৈকে এটা ভৰি ওপৰত থোৱাৰ পিছত লাহে তললৈ নমাই আনক।

এই প্ৰক্ৰিয়া ১০-১৫ বাৰ কৰাৰ পিছত আনটো ভৰিৰেও অনুৰূপ ধৰণে কৰক।

চিট টু ষ্টেণ্ড

আঁঠুৰ শক্তি আৰু সহনশীলতা বৃদ্ধিৰ বাবে এই চিট টু ষ্টেণ্ড ব্যায়াম অতি ফলপ্ৰসূ। এই ব্যায়ামে আঁঠুৰ নমনীয়তা প্ৰদান কৰে আৰু বিষ কমায়।

কেনেকৈ কৰিব-

চকী এখনত দেহ পোন কৰি বহি ভৰি দুখন কান্ধৰ পোনে পোনে বহলকৈ ৰাখক

এতিয়া লাহে লাহে থিয় হ’বলৈ চেষ্টা কৰক, চাব যাতে আঁঠু দুটা আগলৈ নাযায়

এইদৰে ১০-১৫ বাৰ লাহে লাহে এই প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কৰক।

হিপ ব্ৰীজ

হিপ ব্ৰীজ ব্যায়াম কেৱল আঁঠুৰ বাবেই নহয় শৰীৰৰ তলৰ অংশৰ বাবেও যথেষ্ট উপকাৰী। ই আঁঠুৰ পেশী শক্তিশালী কৰাৰ লগতে মেৰুদণ্ডকো সহায় কৰে।

কেনেকৈ কৰিব-

পিঠি পেলাই পোনকৈ শুই দিয়ক। আঁঠু দুটা বেঁকা কৰি ভৰি দুটা কান্ধৰ পোনে পোনে বহলকৈ আঁতৰাই ৰাখক।

এতিয়া লাহে লাহে নিতম্ব দুটা ওপৰলৈ তুলি লওক। মূৰৰ পৰা আঁঠুলৈকে শৰীৰটো পোন কৰি ৰাখিব।

এই অৱস্থাত কেইছেকেণ্ডমান থাকক। তাৰ পিছত লাহে লাহে শৰীৰটো তললৈ আনিব।

এইদৰে ১০-১৫ বাৰ এই ব্যায়ামৰ পুনৰাবৃত্তি কৰক

Latest News