খাদ্য খোৱাৰ পিছতেই বুকুত জ্বলা-পোৰা কৰে নেকি? এনে সহজ বিধানৰ দ্বাৰা পাব উপশম
অধিকাংশ লোকৰ ক্ষেত্ৰতে বৰ্তমান সময়ত এচিডিটিৰ সমস্যা দেখিবলৈ পোৱা যায়। বিশেষকৈ খাদ্য খোৱাৰ পিছত বহু লোকে এচিডিটিৰ সমস্যাত ভোগে। ইয়াৰ ফলত যথেষ্ট অস্বস্তিকৰ অৱস্থাৰ সন্মুখীন হ’বলগা হয়। কিছুমান সহজ কিন্তু ফলপ্ৰসূ টিপছ গ্ৰহণ কৰিলে এচিডিটিৰ পৰা যথেষ্ট সকাহ লাভ কৰিব।
এচিডিটি বৰ্তমান সময়ৰ তেনেই এক সাধাৰণ সমস্যা। অধিকাংশ লোকৰ ক্ষেত্ৰতে বৰ্তমান সময়ত এই সমস্যা দেখিবলৈ পোৱা যায়। বিশেষকৈ খাদ্য খোৱাৰ পিছত বহু লোকে এচিডিটিৰ সমস্যাত ভোগে। ইয়াৰ ফলত যথেষ্ট অস্বস্তিকৰ অৱস্থাৰ সন্মুখীন হ’বলগা হয়। কিছুমান সহজ কিন্তু ফলপ্ৰসূ টিপছ গ্ৰহণ কৰিলে এচিডিটিৰ পৰা যথেষ্ট সকাহ লাভ কৰিব। দৈনন্দিন জীৱনত কিছুমান স্বাস্থ্যকৰ অভ্যাস গ্ৰহণ কৰি এচিডিটিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ বাহিৰেও এচিডিটি দূৰ কৰাৰ বাবেও কিছুমান ঘৰুৱা উপায় যথেষ্ট ফলপ্ৰসূ বিবেচিত হ’ব পাৰে।
এনে ধৰণৰ সমস্যাৰ পৰা সকাহ লাভৰ বাবে খাদ্য খোৱাৰ পিছত অলপ সময় খোজ কঢ়াটো অত্যন্ত প্ৰয়োজনীয়। এনে অভ্যাসৰ দ্বাৰা খাদ্য সঠিকভাৱে হজম হয় আৰু ওজনো বৃদ্ধি নহয়। এচিডিটিৰ পৰা সকাহ লাভৰ বাবে আমি কিছুমান ঘৰুৱা তথা সহজে উপলব্ধ বিধান গ্ৰহণ কৰিব পাৰোঁ। এই বিষয়ে জানো আহক-
বনৌষধি চাহ
এচিডিটিৰ পৰা সকাহ পোৱাৰ ক্ষেত্ৰত বনৌষধি চাহ অত্যন্ত লাভদায়ক হ’ব পাৰে। সমান্তৰালকৈ বনৌষধি চাহ বদহজম, পেটৰ বিষ আদি সমস্যাৰ পৰা উপশম লাভৰ বাবেও অত্যন্ত উপকাৰী। চফগুটি দি প্ৰস্তুত কৰা চাহ, আদা আৰু নেমু দিয়া চাহ এনেধৰণৰ সমস্যাত যথেষ্ট সহায়ক হয়।
এনে খাদ্য পৰিহাৰ কৰক
এচিডিটিৰ পৰা হাত সাৰিবলৈ যিবোৰ খাদ্যই এচিড ৰিফ্লাক্সৰ সমস্যাৰ সৃষ্টি কৰে, তেনে খাদ্য পৰিহাৰ কৰিব লাগে। কেফেইনযুক্ত পানীয় পৰাপক্ষত কমকৈ খোৱা উচিত। খাদ্য খোৱাৰ পিছত টেঙা ফল খোৱাৰ পৰা বিৰত থাকিব লাগে। কাৰ্বনেটেড পানীয় পৰিহাৰ কৰক।
চফ আৰু ইলাচি
এচিডিটিৰ পৰা হাত সাৰিবলৈ আৰু খাদ্য সঠিকভাৱে হজম কৰিবলৈ আটাইতকৈ সহজ আৰু ফলপ্ৰসু প্ৰতিকাৰ হ’ল খাদ্য খোৱাৰ পিছত অলপ চফ চোবাই লোৱা। ইয়াৰ ফলত মুখৰ দুৰ্গন্ধৰ পৰাও হাত সাৰিব। চফৰ উপৰিও ইলাচি এইক্ষেত্ৰত উপকাৰী।
দৈ আৰু মাখনো উপকাৰী
যদি খাদ্য খোৱাৰ পিছত যদি এচিডিটিৰ সমস্যা হয়, তেতিয়া অলপ দৈ বা মাখন খাব পাৰে। ইয়াৰ ফলত কম সময়ৰ ভিতৰতে এচিড ৰিফ্লাক্সৰ সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰে।
কিছু লোকৰ হজম শক্তি ভাল নোহোৱাৰ বাবে এচিড ৰিফ্লাক্সো হয়। এনে অৱস্থাত জিৰা, মেথি আৰু কিছু আজৱাইন শুকানে ভাজি লৈ ভালদৰে পিহি লৈ এই মিশ্ৰণৰ সৈতে সামান্য ক’লা নিমখ মিহলাই কুহুমীয়া পানীৰ সৈতে খাদ্য খোৱাৰ পিছত খালে হজম শক্তি ভাল হ’ব। এই উপকৰণে এচিডিটিৰ সমস্যাৰ পৰাও সকাহ দিব।