নখৰ পৰা এতিয়াও যোৱা নাই নেকি ফাকুৱাৰ ৰং? এইসমূহ সহজ টিপচৰ দ্বাৰা পাব সুফল

পিছে হোলী খেলাৰ পিছত অধিকাংশ লোকেই এক বিশেষ সমস্যাৰ সন্মুখীন হয়। এই সমস্যা হৈছে হাতৰ নখত লাগি থকা হোলীৰ ৰং। কিছুমান সহজ ঘৰুৱা পদ্ধতিৰেই এই সমস্যা দূৰ কৰিব পাৰে। আপুনিও যদি হোলী খেলাৰ পিছত এনে সমস্যাৰ সন্মুখীন হৈছে তেতিয়াহ’লে সহজ তথা কম খৰচী এনে কিছু উপায়ৰ বিষয়ে চাব পাৰে।

নখৰ পৰা এতিয়াও যোৱা নাই নেকি ফাকুৱাৰ ৰং? এইসমূহ সহজ টিপচৰ দ্বাৰা পাব সুফল

প্ৰতিনিধিত্বমূলক ছবি

Published: 

16 Mar 2025 11:29 AM

পাৰ হৈ গ’ল ৰঙৰ উৎসৱ ফাকুৱা। দেশৰ সৰ্বপ্ৰান্তত সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত দেখা গ’ল আবিৰৰ উৎসৱ উপলক্ষে ব্যাপক আনন্দ। মনে-প্ৰাণে খেলিলে হোলী। পিছে হোলী খেলাৰ পিছত অধিকাংশ লোকেই এক বিশেষ সমস্যাৰ সন্মুখীন হয়। এই সমস্যা হৈছে হাতৰ নখত লাগি থকা হোলীৰ ৰং। হোলীৰ এই ৰং নখত কেতিয়াবা দীৰ্ঘদিন ধৰি থাকিব পাৰে, ইয়াৰ ফলত হাতখন দেখাত অপৰিষ্কাৰ যেন লাগিব পাৰে। সেয়ে নখৰ এই ৰং সোনকালে আঁতৰ কৰাৰ চেষ্টা কৰে সকলোৱে। কিন্তু কেতিয়াবা বহু চেষ্টাৰ পিছতো নখৰ ৰং সহজে আঁতৰ নহ’ব পাৰে।

নখৰ পৰা হোলীৰ ৰং আঁতৰোৱাৰ বহু উপায় আছে। কেতিয়াবা এনে উপায় অৱলম্বনৰ বাবে কিছু দামী সামগ্ৰীও ব্যৱহাৰ কৰা দেখা যায়। পিছে নখৰ পৰা ৰং আঁতৰাবলৈকে অধিক ধন ব্যয় কৰাৰ পৰিৱৰ্তে কিছুমান সহজ ঘৰুৱা পদ্ধতিৰেই এই সমস্যা দূৰ কৰিব পাৰে। আপুনিও যদি হোলী খেলাৰ পিছত এনে সমস্যাৰ সন্মুখীন হৈছে তেতিয়াহ’লে সহজ তথা কম খৰচী এনে কিছু উপায়ৰ বিষয়ে চাব পাৰে-

নেলপলিচ ৰিমুভাৰ

যদি আপোনাৰ নখত হোলীৰ ৰং লাগি থাকে তেন্তে আটাইতকৈ সহজ উপায় হ’ল নেলপলিচ ৰিমুভাৰ ব্যৱহাৰ কৰা। ইয়াৰ বাবে কপাহত এচিটন সমৃদ্ধ নেলপলিচ ৰিমুভাৰ অলপ লৈ নখত লাহে লাহে ঘঁহি দিয়ক। ইয়াৰ লগে লগে নখৰ পৰা হোলীৰ ৰং ক্ৰমান্বয়ে নোহোৱা হ’ব। যদি ৰং অধিক ডাঠ হয়, তেতিয়া ৰিমুভাৰ লগোৱা কপাহ কেইমিনিটমানৰ বাবে নখত লগাই ৰাখিব লাগে।

টুথপেষ্ট

টুথপেষ্টত কিছুমান স্ক্ৰাবিং এজেণ্ট (Scrubbing agents) থাকে, সেয়ে টুথপেষ্ট নখৰ পৰা দাগ আঁতৰোৱাত সহায়ক হ’ব পাৰে। ইয়াৰ বাবে পুৰণি টুথব্ৰাছত কিছু টুথপেষ্ট লগাই নখত লাহে লাহে ঘঁহিব লাগে। টুথপেষ্টে হোলীৰ ৰং লাহে লাহে আঁতৰাই নখ পৰিষ্কাৰ আৰু চিকচিকিয়া কৰি তোলাত সহায় কৰিব।

নেমু আৰু বেকিং ছ’ডা

নেমু আৰু বেকিং ছ’ডাৰ মিশ্ৰণ ব্যৱহাৰ কৰিলেও হোলীৰ ৰং আঁতৰ কৰাত আপুনি উপকৃত হ’ব। এটা বাটিত নেমু চেপি তাত এচামুচ বেকিং ছ’ডা দি নখত লগাওক। কেইমিনিটমান থৈ তাৰ পিছত লাহে লাহে ঘঁহিব। নেমুৰ প্ৰাকৃতিক ব্লিচিং গুণ আছে, যি ৰং আঁতৰোৱাত সহায় কৰে। আনহাতে বেকিং ছ’ডাই এক্সফ’লিয়েটৰ হিচাপে কাম কৰে।

নাৰিকল তেল আৰু অলিভ অইল

নাৰিকল তেল বা অলিভ অইল ব্যৱহাৰ কৰিও নখৰ পৰা হোলীৰ ৰং দূৰ কৰিব পাৰে। ইয়াৰ বাবে কপাহৰ ওপৰত নাৰিকল তেল বা অলিভ অইল অলপ লৈ নখত ঘঁহি দিব। কিছু সময় মালিচ কৰাৰ পিছত কুহুমীয়া পানীৰে ধুব। এই পদ্ধতিয়ে কেৱল ৰং আঁতৰোৱাত সহায় কৰাই নহয়, নখবোৰ মইশ্ব’ৰাইজ কৰি সুস্থ কৰি ৰাখিব।

অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ