5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুৱাৰ চাহকাপেই ভেজাল নেকি! কিদৰে ধৰা পেলাব চাহৰ ভেজালতা? চাওক কিছু সহজ উপায়

টোপনি দূৰ কৰাৰ বাবে, অৱসাদ দূৰ কৰাৰ বাবে, অফিচত কামৰ মাজত, সন্ধিয়া বন্ধু-বান্ধৱীৰ লগত আড্ডাত, ঘৰলৈ আলহী আহিলে- এই প্ৰতিটো সময়তে চাহকাপেই সদায় প্ৰাধান্য লাভ কৰে। পিছে পুৱাৰ পৰা দিনটোত আমি কেইবাবাৰো চুমুক দিয়া এই চাহকাপ ভেজাল নেকি- এই কথা আমি কিদৰে ধৰা পেলাম। চাওঁ আহক এনে কিছু সহজ উপায়।

পুৱাৰ চাহকাপেই ভেজাল নেকি! কিদৰে ধৰা পেলাব চাহৰ ভেজালতা? চাওক কিছু সহজ উপায়
কিদৰে ধৰা পেলাব চাহৰ ভেজালতা!
monjit-dutta
Monjit Dutta | Published: 04 Jan 2025 07:36 AM

পুৱা বিচনাৰ পৰা উঠাৰ পিছত সাধাৰণতে আমাৰ সকলোৰে মাজত কিছু সময়লৈ এক শাৰীৰিক-মানসিক অৱসাদ থাকে। এই অৱসাদ দূৰ কৰিবলৈ অধিকাংশ লোকেই একাপ চাহৰ আশ্ৰয় লয়। পুৱাৰ এই চাহকাপে আমাৰ দেহলৈ যথেষ্ট উদ্যম আনে। এক কথাত এই চাহকাপেই বহু লোকৰ বাবে দেহত প্ৰাণ সঞ্চাৰ কৰা এক মহৌষধিৰ দৰে কাম কৰে। কেৱল পুৱা বুলিয়েই নহয়, দিনটোৰ কামৰ হেঁচাই আনি দিয়া শাৰীৰিক আৰু মানসিক অৱসাদ দূৰীকৰণৰ বাবেও একাপ চাহ হৈ পৰে প্ৰধান ঔষধ।

মুঠৰ ওপৰত টোপনি দূৰ কৰাৰ বাবে, অৱসাদ দূৰ কৰাৰ বাবে, অফিচত কামৰ মাজত, সন্ধিয়া বন্ধু-বান্ধৱীৰ লগত আড্ডাত, ঘৰলৈ আলহী আহিলে- এই প্ৰতিটো সময়তে চাহকাপেই সদায় প্ৰাধান্য লাভ কৰে। বজাৰত উপলদ্ধ এই চাহো আকৌ বিভিন্ন প্ৰকাৰৰ। সেই অনুসাৰে সোৱাদ আৰু গুণগত মানো ভিন্ন হয়। তেনেদৰে এই চাহসমূহৰ দামো বেলেগ বেলেগ হয়।

পিছে পুৱাৰ পৰা দিনটোত আমি কেইবাবাৰো চুমুক দিয়া এই চাহকাপ ভেজাল নেকি- এই কথা আমি নিশ্চয় কেতিয়াবা হ’লেও নভবাকৈ থকা নাই। পিছে এই কথা আমি কিদৰে ধৰা পেলাম। চাওঁ আহক এনে কিছু সহজ উপায়-

১/ চাহপাতৰ ভেজালতা জুখিবলৈ প্ৰথমে ৰং পৰীক্ষা কৰক। এটা বাটিত নেমুৰ ৰস অলপ চেপি লওক। এতিয়া সেই ৰসত চাহপাত কেইটামান দিব। কিছু সময়ৰ পাছত যদি নেমুৰ ৰস সেউজীয়া বা হালধীয়া হয় তেন্তে তাৰ অৰ্থ হ’ল চাহপাত ভাল। আৰু যদি চাহপাতৰ ৰং কমলা বা আন ৰং হয়, তেন্তে বুজিব লাগে যে এই চাহপাত ভেজাল।

২/ টিছু পেপাৰ এখনত চাহপাত কেইটামান লৈ লওক। এতিয়া অলপ পানী ছটিয়াই চাহপাতখিনি তিয়াই লওক আৰু ৰ’দত কিছু সময় শুকাবলৈ দিব। যদি টিছু পেপাৰখনৰ ৰং ৰঙীন হয়, তেন্তে চাহপাতত মিশ্ৰণ থকা বুলি বুজিব লাগে। ৰং সলনি নহ’লে চাহপাতৰ গুণগত মান ভাল।

৩/ চাহৰ এক চিনাকি গোন্ধ আছে। এই গোন্ধই চাহৰ গুণগত মানৰো উমান দিয়ে। সেয়ে চাহপাত ক্ৰয় কৰাৰ পূৰ্বে চাহপাতৰ গোন্ধ কেনেকুৱা, তাৰ পৰীক্ষা কৰক। চাহৰ সেই চিনাকি গোন্ধ ওলালে সেই চাহপাত উৎকৃষ্ট বুলি ধৰিব পাৰে। আৰু যদি আন কিবা ৰাসায়নিক পদাৰ্থৰ গোন্ধ থাকে তেতিয়া চাহত ভেজালতাৰ সম্ভাৱনা অধিক।

৪/ এটা বাটিত অলপ ঠাণ্ডা পানী লৈ কিছুসময়ৰ বাবে অলপ চাহপাত তিয়াই থওক। চাহপাত ভাল হ’লে পানীৰ ৰং ক্ৰমান্বয়ে সলনি হ’ব আৰু ৰং ডাঠ হ’ব। আৰু যদি চাহপাত অতি সাধাৰণ মানৰ হয় তেন্তে চাহপাত ডুবাই থোৱাৰ ২-৩ মিনিটৰ ভিতৰতে ৰং এৰি দিব।

Latest News