5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জীমলৈ যায় নেকি? তেন্তে পুৱাই খাওক এই পাঁচবিধ খাদ্য, পেশীয়ে লাভ কৰিব প্ৰচুৰ শক্তি

আমাৰ দেহৰ প্ৰতিটো গতিৰ বাবে পেশীত শক্তিৰ প্ৰয়োজন হয়। পেশীসমূহক শক্তিশালী কৰি তোলাত প্ৰটিনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। প্ৰতিদিনে পুৱা কিছুমান বাদাম জাতীয় খাদ্য গ্ৰহণৰ অভ্যাসে আমাৰ দেশৰ এই পেশীসমূহত প্ৰটিনৰ যোগান ধৰি শক্তিশালী কৰি তুলিব এই পেশীসমূহ।

জীমলৈ যায় নেকি? তেন্তে পুৱাই খাওক এই পাঁচবিধ খাদ্য, পেশীয়ে লাভ কৰিব প্ৰচুৰ শক্তি
প্ৰটিনৰ ভাণ্ডাৰ এইসমূহ বাদাম
Follow Us
monjit-dutta
Monjit Dutta | Published: 15 Sep 2024 23:43 PM

হাড়ৰ লগতে শৰীৰৰ সমগ্ৰ গঠন পেশীৰে গঠিত হয়। যিকোনো সৰু কাম কৰাৰ পৰা আৰম্ভ কৰি শৰীৰৰ প্ৰতিটো গতিৰ বাবে পেশীত শক্তিৰ প্ৰয়োজন হয়। পেশীসমূহক শক্তিশালী কৰি তোলাত প্ৰটিনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সেয়েহে শৰীৰৰ এই পেশীসমূহ সবল তথা আটিল কৰি তুলিবলৈ প্ৰটিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰাটো বাঞ্ছনীয়। এইক্ষেত্ৰত আমাক সহায় কৰিব এক স্বাস্থ্যসন্মত খাদ্যাভ্যাসে। প্ৰতিদিনে পুৱা কিছুমান বাদাম জাতীয় খাদ্য গ্ৰহণৰ অভ্যাসে আমাৰ দেশৰ এই পেশীসমূহত প্ৰটিনৰ যোগান ধৰি শক্তিশালী কৰি তুলিব এই পেশীসমূহ।

এই বাদাম জাতীয় খাদ্যসমূহত অন্যান্য পুষ্টিকৰ উপাদানো প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ ফলত ব্যক্তিৰ সামগ্ৰিক স্বাস্থ্যৰো অনন্য উপকাৰ সাধন হয়। পুৱা প্ৰটিন সমৃদ্ধ খাদ্য খালে শৰীৰত শক্তি যোগান ধৰা হয়। ইয়াৰ দ্বাৰা গোটেই দিনটোলৈ আমাৰ দেহে শক্তি লাভ কৰে। গতিকে কিছু পৰিমাণে বাদাম পানীত ৰাতি তিয়াই পুৱা খালে পেশী আৰু সমগ্ৰ শৰীৰৰ বাবে এই অভ্যাস অতি উপকাৰী হৈ পৰিব।

চাওঁ আহক আমাৰ দেহত প্ৰটিন যোগান ধৰা এনে পাঁচবিধ বাদামৰ বিষয়ে-

পাইন বাদাম

পাইন বাদামত কেলচিয়াম, প্ৰটিন, মেগনেছিয়াম, পটাছিয়াম, ভিটামিন বি ৬, ভিটামিন চি, আইৰণ, ডায়েটাৰী ফাইবাৰ ইত্যাদি পুষ্টিকৰ উপাদান থাকে। প্ৰতিদিনে পুৱা ৪ৰ পৰা ৫ টা পাইন বাদাম তিয়াই খাব লাগে। ইয়াৰ ফলত পেশীবোৰক শক্তি যোগান ধৰাই নহয়, দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও ভাল হৈ থাকে তথা চুলি আৰু ছালো সুস্থ হৈ থাকে।

হেজেল বাদাম

হেজেল বাদামতো বহুতো পুষ্টিকৰ উপাদান থাকে। পুৱা এই বাদাম তিয়াই খালে পেশী আৰু হাড় মজবুত হয়। ইয়াত থকা স্বাস্থ্যকৰ চৰ্বি হৃদযন্ত্ৰৰ বাবে যথেষ্ট উপকাৰী। উচ্চ ৰক্তচাপ আৰু ওজন কমোৱাৰ ক্ষেত্ৰতো হেজেল বাদাম উপকাৰী।

আলমণ্ড

আলমণ্ডো প্ৰটিনৰ অন্যতম উত্তম উৎস। প্ৰটিনৰ উপৰিও আলমণ্ডত ভিটামিন ই, মেগনেছিয়াম, জিংক, আইৰণ, কেলচিয়াম, ভিটামিন বি, ফলেট আদি পুষ্টিকৰ উপাদান থাকে। প্ৰতিদিনে পুৱা ২ৰ পৰা ৪টা আলমণ্ড তিয়াই খাব লাগে।

মুংফলী বা পিনাট

মুংফলী বা পিনাটক প্ৰটিনৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয়। সেয়েহে অধিকাংশ লোকে ব্ৰেকফাষ্টত পিনাট বাটাৰ সততে খোৱা দেখা যায়। পুৱা পানীত তিয়াই থৈ এই বাদাম খালে দেহে প্ৰচুৰ প্ৰটিন লাভ কৰে।

আখৰোট

প্ৰতিদিনে পুৱা পানীত তিয়াই থোৱা আখৰোট খালে পেশীসমূহে যথেষ্ট শক্তি লাভ কৰে। লগতে ই হৃদযন্ত্ৰ আৰু মগজুৰ বাবেও অতি উপকাৰী হিচাপে বিবেচিত হয়। প্ৰটিনৰ উপৰিও ইয়াত ফাইবাৰ, আইৰণ, পটাছিয়াম, কেলচিয়াম, ভিটামিন বি ৬, ফলেট, মেংগানিজ আদি পুষ্টিকৰ উপাদান থাকে।

Latest News