চেনেহৰ প্ৰতীক কপৌ ফুল! ৰঙালী বিহুত চেনেহীৰ খোপাত গুজিবলৈ ব্যৱহাৰ কৰা কপৌ ফুলৰ আছে বহু ঔষধি গুণ

বসন্ত কালত ফুলা নাহৰ, তগৰ আদি ফুলৰ ভিতৰত কপৌ ফুলহে নাচনী বিহুৱতীৰ অতি প্ৰিয়। কপৌ ফুলৰ সৌন্দৰ্য অতি মনোৰম তথা বিতোপন। সেয়েহে কপৌ ফুল অসমীয়াৰ অতি মৰমৰ, অতি চেনেহৰ। ৰঙালী বিহুত চেনেহীৰ খোপাত গুজিবলৈ ব্যৱহাৰ কৰা এই কপৌ ফুলৰ কি কি গুণ আছে জানো আহক।

চেনেহৰ প্ৰতীক কপৌ ফুল! ৰঙালী বিহুত চেনেহীৰ খোপাত গুজিবলৈ ব্যৱহাৰ কৰা কপৌ ফুলৰ আছে বহু ঔষধি গুণ

চেনেহৰ প্ৰতীক কপৌ ফুল!

Updated On: 

06 Apr 2025 14:02 PM

আকৌ পালেহি অসমীয়াৰ প্ৰাণৰ ব’হাগ ৷ গছে-বনে এতিয়া কুলিৰ শুৱলা মাত ৷ ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুৰ প্ৰস্তুতি। নাচনিৰ খোপাত গুজি দিবলৈ কপৌ ফুলো ফুলিল ৷ এই কপৌ ফুলৰ বসন্ত কাল, অসমীয়াৰ প্ৰাণ স্বৰূপ বহাগ বিহুৰ লগত মধুৰ সম্পৰ্ক আছে।

এই বসন্ত কালত চৌদিশে গোন্ধে আমোলমোলোৱা প্ৰকৃতি ৰাণীক মতলীয়া কৰা নানা তৰহৰ ফুল ফুলিছে। বসন্ত কালত ফুলা নাহৰ, তগৰ আদি ফুলৰ ভিতৰত কপৌ ফুলহে নাচনী বিহুৱতীৰ অতি প্ৰিয়। কপৌ ফুলৰ সৌন্দৰ্য অতি মনোৰম তথা বিতোপন। সেয়েহে কপৌ ফুল অসমীয়াৰ অতি মৰমৰ, অতি চেনেহৰ। কপৌ ফুল অবিহনে আমাৰ মৰমৰ ৰঙালী বিহুটি সম্পূৰ্ণ নহয়।

আমাৰ চেনেহৰ ৰঙালী বিহুটিত তাহানি দিনবোৰত বিহুৱা ডেকাই বিহুৱতী নাচনীক মৰমৰ চিনস্বৰূপে এপাহি কপৌফুল গুজি দিয়া পৰম্পৰা আছিল, এই উপহাৰতেই লুকাই আছিল জীৱনৰ অনেক ৰং, অনেক সপোন, প্ৰেৰণা । আনফালে নাচনীয়ে বহু মৰম আৰু আদৰেৰে চেনাইলৈ বৈ থোৱা বিহুৱান যাচিছিল। তাহানি বাপতিসাহোন ৰঙালী বিহুটিত অসমীয়া ডেকাই নাচনীক দিয়া কপৌ ফুল, অসমীয়া জীয়ৰীয়ে নিজ হাতে বৈ দিয়া বিহুৱানখন সঁচাকৈয়ে তুলনাবিহীন পৰম্পৰা আছিল।

কপৌ ফুলৰ উপকাৰ

ভাৰতত এই উদ্ভিদ ঘাইকৈ উত্তৰ পূৰ্বাঞ্চল, উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশত পোৱা যায়। বায়’-পাইৰেছীৰ কবলত পৰি এই উদ্ভিদ এতিয়া ভাৰতত লুপ্ত হোৱাৰ পথত। কপৌ ফুলক অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল হিচাপে মান্যতা দিয়া হৈছে।অসমত এই অৰ্কিড খুব জনপ্ৰিয় আৰু অসমীয়া ব’হাগ বিহুৰ লগত ওতঃপ্ৰোত সমন্ধ আছে। এই ফুলবিধৰ আছে বহু কেইটা ঔষধি গুণ।

  • বিহু নাচিবৰ বাবে বিহুৱতীৰ মূৰৰ খোপাত কপৌ ফুল ব্যৱহাৰ কৰাৰ লগতে ঔষধ হিচাপেও এই উদ্ভিদ কটা-ছিঙা, ঘা আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
  • কাণ পকিলে বা কাণৰ বিষ হ’লে বিষ নিৰাময়ৰ বাবে কপৌফুলৰ কেঁচা পাতৰৰস এক-দুইটোপাল ব্যৱহাৰ কৰা হয়।
  • সাপ, এন্দুৰ,বিছা আদিয়ে কামুৰিলেও এই ফুলৰ ব্যৱহাৰ হয় ।
  • গাঁঠিৰ বিষ, বাত বিষ আদিত কপৌফুলেৰে প্ৰস্তুত চূৰ্ণ সেৱন কৰোৱা হয়।
  • কপৌফুল এন্টি বেক্টেৰিয়েল আৰু এন্টি ফাংগেল। গতিকে মেলেৰিয়া, কাহ, জ্বৰ আদিৰ বাবেও ই উপকাৰী।

উল্লেখ্য যে, কপৌ ফুল মাঁথো নাচনীৰ খোপাতেই নহয়, কপৌ ফুল আৰু বহু কামত অতিজৰে পৰা ব্যৱহাৰ হৈ আছে। কপৌ ফুলক ইংৰাজীত Rhynchostylis retusa বুলি কয়। ই হৈছে এবিধ ভান্দা গোটৰ আকৰ্ষক অৰ্কিড প্ৰজাতি। এই অৰ্কিডৰ ফুল বিলাক প্ৰায় এশতকৈয়ো অধিক বগা ৰঙৰ ওপৰত গুলপীয়া ফুট ফুট থকা ফুলৰ এক সমষ্টিৰ ৰূপত পোৱা যায়।

ভগৱান হনুমান সন্তুষ্ট হ'লে কি সংকেত দিয়ে?
জীৱনত সফলতা বিচাৰে নেকি? তেন্তে আজিয়ে ত্যাগ কৰক এই অভ্যাস...
IPL ৰ পৰা ধোনীয়ে বৰ্তমানলৈ কিমাট টকা আয় কৰিলে? শুনিলে হ'ব আচৰিত...
ভগৱানক কাটি ফল-মূল আগবঢ়াব লাগে নে নালাগে? কি কয় প্ৰেমানন্দ মহাৰাজে