শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঔষধ বা ইনচুলিন নোহোৱাকৈ ৬০ বছৰ বয়সত কেনেকৈ ওজন হ্ৰাস কৰিছে অমিত শ্বাহে? যুৱ প্ৰজন্মক দিলে সুস্বাস্থ্যৰ মন্ত্ৰ…

শনিবাৰে আছিল বিশ্ব যকৃত দিৱস। সেই উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহে যকৃত আৰু পিত্ত বিজ্ঞান প্ৰতিষ্ঠানত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। তাত তেওঁ কয়, "২০২০ চনৰ পৰা তেওঁৰ জীৱনশৈলীত কেইবাটাও পৰিৱৰ্তন হৈছে।আৰু সেইবাবেই মোৰ ওজন কমি আহিল।"

ঔষধ বা ইনচুলিন নোহোৱাকৈ ৬০ বছৰ বয়সত কেনেকৈ ওজন হ্ৰাস কৰিছে অমিত শ্বাহে? যুৱ প্ৰজন্মক দিলে সুস্বাস্থ্যৰ মন্ত্ৰ…
কেনেকৈ ওজন হ্ৰাস কৰিছে অমিত শ্বাহে?
trishna-kalita
Trishna Kalita | Updated On: 20 Apr 2025 11:31 AM

৭৪ বছৰ বয়সতো ফিট হৈ আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু তেওঁৰ সোঁহাত গৃহমন্ত্ৰী অমিত শ্বাহৰ ওজন যথেষ্ট বৃদ্ধি পাইছিল। কিন্তু যোৱা কেইবছৰমানৰ পৰা তেওঁৰ শৰীৰত ডাঙৰ পৰিৱৰ্তন হৈছে। চৰ্বি কমিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কেনেকৈ ওজন কমালে গৃহমন্ত্ৰী? কেনেকৈ তেওঁ নিজৰ চেহেৰা সলনি কৰিলে – গৃহমন্ত্ৰীয়ে প্ৰকাশ কৰিলে তেওঁৰ গোপন কথা।

শনিবাৰে পালন কৰা হ’ল বিশ্ব যকৃত দিৱস। সেই উপলক্ষে গৃহমন্ত্ৰী অমিত শ্বাহে যকৃত আৰু পিত্ত বিজ্ঞান প্ৰতিষ্ঠানত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। তাত তেওঁ কয়, “২০২০ চনৰ পৰা তেওঁৰ জীৱনশৈলীত কেইবাটাও পৰিৱৰ্তন হৈছে।আৰু সেইবাবেই মোৰ ওজন কমি আহিল।”

অমিত শ্বাহে কয়, “২০১৯ চনৰ মে’ মাহৰ পৰা মই ডাঙৰ পৰিৱৰ্তন কৰিছো। সঠিক টোপনি, পানী, খাদ্য আৰু ব্যায়ামৰ দ্বাৰা মই উপকৃত হৈছো। বিগত চাৰে চাৰি বছৰ ধৰি মই কোনো এলোপেথিক ঔষধ খাবলগীয়া হোৱা নাই।” ৬০ বছৰ বয়সত ব্যক্তিগত ফিটনেছ আৰু প্ৰদৰ্শনৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয়, “সঠিক টোপনি, খাদ্যাভ্যাস, পৰ্যাপ্ত হাইড্ৰেচন, নিয়মীয়া ব্যায়ামৰ অভ্যাসে বিগত কেইবছৰমানৰ পৰা তেওঁৰ ওজন কমোৱাত সহায় কৰিছে।”

লগতে তেওঁ যুৱক-যুৱতীসকলক তেওঁৰ বিশেষ ফিটনেছ মন্ত্ৰ দি সুস্বাস্থ্য বজাই ৰাখিবলৈ নিয়মিতভাৱে দুঘণ্টা ব্যায়াম আৰু ছয় ঘণ্টা শুই থাকিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয়, “এই ৰুটিনে তেওঁক কাম কৰা, চিন্তা কৰা আৰু সিদ্ধান্ত লোৱাত সহায় কৰিছিল।” লগতে গৃহমন্ত্ৰীয়ে কয়, “আপোনাৰ মগজুক ৬ ঘণ্টা টোপনি আৰু ২ ঘণ্টা ব্যায়াম দিয়ক। ই অতি উপকাৰী। মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰাই কৈছো।”

ইয়াৰ উপৰিও তেওঁ এখন কাৰ্টুন গেলেৰীও পৰিদৰ্শন কৰে। তেওঁ কয়, “মই কাৰ্টুন সঁচাকৈয়ে ভাল পাওঁ, আনকি মোৰ বিষয়ে নিৰ্মিত কাৰ্টুন চাই ভাল পাওঁ।”