এই বয়সত মহিলাসকলৰ হ’ব পাৰে হৃদৰোগৰ সমস্যাঃ নিয়মিত কৰক পৰীক্ষা..

বৰ্তমান সময়ত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নিয়মীয়াকৈ পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। লক্ষণীয়ভাৱে এটা নিৰ্দিষ্ট বয়সৰ পিছত মহিলাসকলৰ হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় বুলি কোৱা হয়। এনে কাৰণতে বিশেষজ্ঞসকলে মহিলাসকলক এটা নিৰ্দিষ্ট বয়সৰ পিছত নিয়মিতভাৱে হৃদযন্ত্ৰ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে।

এই বয়সত মহিলাসকলৰ হ’ব পাৰে হৃদৰোগৰ সমস্যাঃ নিয়মিত কৰক পৰীক্ষা..

প্ৰতিনিধিত্বমূলক ছবি

Published: 

12 Oct 2024 23:12 PM

সাম্প্ৰতিক সময়ত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে হৃদযন্ত্ৰৰ সমস্যা। কেৱল বয়স্ক লোকসকলেই নহয়, যুৱক-যুৱতীসকলো হাৰ্ট এটেক, হাৰ্ট ফেইলাৰ আদি হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ দেশত হৃদৰোগৰ ফলত শিশুৰ মৃত্যুৰ খবৰো পোহৰলৈ আহিছিল। হৃদৰোগৰ এনে আশংকাৰ বাবে বৰ্তমান সময়ত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নিয়মীয়াকৈ পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। লক্ষণীয়ভাৱে এটা নিৰ্দিষ্ট বয়সৰ পিছত মহিলাসকলৰ হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায় বুলি কোৱা হয়।

এনে কাৰণতে বিশেষজ্ঞসকলে মহিলাসকলক এটা নিৰ্দিষ্ট বয়সৰ পিছত নিয়মিতভাৱে হৃদযন্ত্ৰ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। বিশেষজ্ঞসকলৰ মতে হৃদযন্ত্ৰ সম্পৰ্কীয় পৰীক্ষা নিয়মিত সম্পন্ন কৰিলে ইয়াৰ বিপদ সময়মতে ধৰা পেলোৱাটো সহজ হৈ পৰে। গতিকে সময়মতে ৰোগৰ চিকিৎসাও সম্ভৱ হয় আৰু বিপদৰ পূৰ্বেই হৃদৰোগৰ পৰা সুস্থ হৈ থাকিব পাৰি।

জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ বৰুণ বংছালে কয় যে যিসকল মহিলাৰ ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু হাই কলেষ্টেৰলৰ দৰে সমস্যা আছে তেওঁলোকে নিয়মিতভাৱে হৃদযন্ত্ৰ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিব লাগে। তদুপৰি পৰিয়ালত পূৰ্বৰ কোনো সদস্যৰ হৃদৰোগ থকা মহিলাসকলৰ হৃদৰোগৰ আশংকা আনতকৈ অধিক আৰু সেয়ে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰতি তেওঁলোকে বিশেষ যত্ন লোৱা উচিত বুলিও বংছালে কয়।

লগতে মেদবহুলতা বা মেটাবলিক চিনড্ৰম ৰোগত আক্ৰান্ত মহিলাসকলেও নিয়মিতভাৱে হৃদযন্ত্ৰৰ পৰীক্ষা কৰাব লাগে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে। ইফালে মহিলাসকলে ৪০ বছৰ বয়সৰ পিছত প্ৰতি বছৰে নিয়মীয়াকৈ হৃদযন্ত্ৰৰ পৰীক্ষা কৰিব লাগে বুলি জানিবলৈ দিছে বিশেষজ্ঞসকলে। ডাঃ বৰুণ বংছালে কয় যে বৰ্তমান সময়ত অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবেই মহিলাসকল অতি কম বয়সতে হৃদৰোগৰ বলি হৈছে।

ইয়াৰ কাৰণ হিচাপে তেওঁ বহুতো কাৰক যেনে- অস্বাস্থ্যকৰ খাদ্যাভ্যাস, ধূমপান, মানসিক চাপ, মেদবহুলতা, ব্যায়ামৰ অভাৱ, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, কম টোপনি আদি কাৰকৰ বিষয়ে উল্লেখ কৰিছে। সেয়ে মহিলাসকলে নিজৰ দৈনন্দিন জীৱনশৈলীৰ প্ৰতি গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজন বুলি বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়াইছে।

হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাৰ লগতে বাহিৰৰ জাংক ফুডৰ ব্যৱহাৰ কম কৰিবলৈ পৰামৰ্শ দিছে বিশেষজ্ঞসকলে। তেওঁলোকে আগবঢ়োৱা আন কিছ পৰামৰ্শ এনেধৰণৰ-

ওজন নিয়ন্ত্ৰণত ৰাখক।

দৈনিক আধা ঘণ্টা ব্যায়াম বা দ্ৰুতভাৱে খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক।

পৰ্যাপ্ত পৰিমাণে টোপনি মাৰক। দৈনিক অন্ততঃ ৭-৮ ঘণ্টা টোপনি নিশ্চিত কৰক।

মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ যোগাসন আৰু ধ্যানৰ সহায় লওক।

ধূমপান পৰিহাৰ কৰক।

চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।