গণেশ চতুৰ্থীৰ ব্ৰতত খাব পাৰে এইসমূহ ফল, অনুভৱ নকৰে দুৰ্বলতা… | Ganesh Chaturthi 2024 to stay energetic during fasting eat these fruits Assam news - Assam Tv9

গণেশ চতুৰ্থীৰ ব্ৰতত খাব পাৰে এইসমূহ ফল, অনুভৱ নকৰে দুৰ্বলতা…

Published: 

07 Sep 2024 09:21 AM

সাধাৰণতে গণেশ চতুৰ্থীৰ দিনটোত বহু লোকে ব্ৰত পালন কৰে। এইদৰে ব্ৰত পালন কৰাৰ সময়ত শাৰীৰিক দুৰ্বলতাই দেখা দিব পাৰে। গতিকে গণেশ চতুৰ্থীৰ দিনটোত ব্ৰত পালন কৰোঁতে নিজৰ স্বাস্থ্যৰ যত্নৰ প্ৰতি গুৰুত্ব দিয়া উচিত। কিছুমান ফল-মূল এইক্ষেত্ৰত বিশেষভাৱে সহায়ক প্ৰমাণিত হয়।

গণেশ চতুৰ্থীৰ ব্ৰতত খাব পাৰে এইসমূহ ফল, অনুভৱ নকৰে দুৰ্বলতা…

দেহত শক্তি বৃদ্ধি কৰিব এইসমূহ ফলে

Follow Us On

আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে গণেশ চতুৰ্থী উৎসৱ। প্ৰতি বছৰে ভাদ মাহৰ শুক্ল পক্ষত গণেশ চতুৰ্থীৰ দিনা হিন্দু ধৰ্মাৱলম্বী লোকসকলে দেৱতা জ্ঞান কৰা গণেশক আদৰণি জনায়। এই উৎসৱ দহদিন ধৰি চলি থাকে আৰু তাৰ পিছত বিসৰ্জন কৰা হয়। সাধাৰণতে গণেশ চতুৰ্থীৰ দিনটোত বহু লোকে ব্ৰত পালন কৰে। এইদৰে ব্ৰত পালন কৰাৰ সময়ত শাৰীৰিক দুৰ্বলতাই দেখা দিব পাৰে। গতিকে গণেশ চতুৰ্থীৰ দিনটোত ব্ৰত পালন কৰোঁতে নিজৰ স্বাস্থ্যৰ যত্নৰ প্ৰতি গুৰুত্ব দিয়া উচিত। কিছুমান ফল-মূল এইক্ষেত্ৰত বিশেষভাৱে সহায়ক প্ৰমাণিত হয়। এই ফল-মূলসমূহে দেহত শক্তি বজাই ৰখাত সহায় কৰিব।

গণেশ চতুৰ্থীৰ দিনা সাধাৰণতে বহু ধৰ্মীয় নীতি-নিয়ম পালন কৰাৰ লগতে আন আনুসঙ্গিক কামতো ব্যস্ত থাকিবলগা হয়। গতিকে দিনযোৰা ব্যস্ততাৰ বাবে দেহত যথেষ্ট শক্তিৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত দেহে সঠিকভাৱে পুষ্টি লাভ নকৰিলে ব্ৰত ৰখাৰ সময়ত দুৰ্বলতাৰ বাবে মূৰ ঘূৰোৱা যেন লাগিব পাৰে। গতিকে মাজে মাজে এটা বা দুটা ফল সেৱন কৰিলে ব্ৰত ৰাখোঁতাৰ বাবে উপকাৰী হ’ব।

ব্ৰত ৰখাৰ সময়ত আমি দেহত সঠিক পুষ্টি তথা শক্তি যোগানৰ বাবে সততে গ্ৰহণ কৰিব পৰা এনে কিছুমান ফলৰ বিষয়ে চাও আহক-

আপেল

আপেল হৃদযন্ত্ৰৰ বাবে কিমান উপকাৰী সেই বিষয়ে প্ৰায় সকলোৱেই জ্ঞাত। একে সময়তে আপেলে দেহত শক্তি প্ৰদানৰ কাম কৰে। গণেশ চতুৰ্থীৰ দিনা যদি ব্ৰত ৰাখে, তেন্তে ব্যস্ততাৰ মাজতে আপেল খালে বহু সময়লৈ দেহে শক্তি লাভ কৰিব।

কল

কলে বহু সময়লৈ আমাৰ ভোক দূৰ কৰি ৰাখিব পাৰে। সাধাৰণতে কল খোৱাৰ পিছত পেট যথেষ্ট ভৰপূৰ অনুভৱ হয় আৰু ভোক দূৰ কৰাৰ লগতে শক্তি যোগান ধৰাৰ বাবে শৰীৰত কোনো দুৰ্বলতাও নাথাকে। সেয়েহে গণেশ চতুৰ্থীৰ দিনা উপবাসে থাকিলে নিৰ্দিষ্ট সময়ত এটা বা দুটা কল খালে দেহৰ বাবে যথেষ্ট সহায়ক হ’ব।

খেজুৰ

উপবাসৰ সময়ত আন ফল-মূলৰ লগতে খেজুৰেও আমাক যথেষ্ট সহায় কৰে। ৰাতিপুৱা খেজুৰ খালে যথেষ্ট শক্তি লাভ কৰিব। ইয়াৰ বাহিৰেও আলমণ্ড, আখৰোট, কিচমিচ, ডুমুৰ আদি শুকান ফল ৰাতি তিয়াই থৈ ৰাতিপুৱা খালে যথেষ্ট শক্তি লাভ কৰিব।

কমলা

ভিটামিন চি আৰু পানীৰে সমৃদ্ধ কমলাই শৰীৰত জল সঞ্চয় কৰি ৰখাত সহায় কৰাৰ লগতে শক্তিও দিয়ে। ইয়াৰ উপৰিও ষ্ট্ৰবেৰী, আঙুৰ, কিৱিৰ দৰে টেঙা ফলবোৰেও কম সময়ৰ ভিতৰতে দেহত শক্তি বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও পানী খোৱাৰ প্ৰতিও যথোচিত গুৰুত্ব দিব।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version