5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Ganesh Chaturthi 2024 : এই দিনটোত বাবা গণেশক পূজা কৰাৰ লগতে সুখ-সমৃদ্ধি বৃদ্ধিৰ বাবে আপোনজনক প্ৰেৰণ কৰক মৰমৰ বাৰ্তা

গণেশ চতুৰ্থী উৎসৱ সমগ্ৰ দেশতে উৎসাহ আৰু ভক্তিৰে পালন কৰা হয়। এই বিশেষ দিনটোত আপোনালোকে আপোনজনক প্ৰেৰণ কৰিব পাৰে এই শুভেচ্ছা বাৰ্তা।

Ganesh Chaturthi 2024 : এই দিনটোত বাবা গণেশক পূজা কৰাৰ লগতে সুখ-সমৃদ্ধি বৃদ্ধিৰ বাবে আপোনজনক প্ৰেৰণ কৰক মৰমৰ বাৰ্তা
সুখ-সমৃদ্ধি বৃদ্ধিৰ আপোনজনক প্ৰেৰণ কৰক মৰমৰ বাৰ্তা
Follow Us
barasha-misra
Barasha Misra | Updated On: 06 Sep 2024 09:06 AM

গণেশ চতুৰ্থীৰ পবিত্ৰ উৎসৱত বাধা-বিঘিনি নিবাৰণ আৰু প্ৰজ্ঞা আৰু সমৃদ্ধিৰ বাবে ভগৱান গণেশৰ পূজা কৰা হয়। যিটো প্ৰতি বছৰে ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখে পালন কৰা হয়। গণেশ চতুৰ্থীৰ পবিত্ৰ উৎসৱৰ আৰম্ভণি হয় ভগৱান গণেশৰ মূৰ্তি স্থাপনৰ পৰা। এই দিনটোত মানুহে ঘৰ-দুৱাৰ আৰু ৰাজহুৱা স্থানত ভগৱান গণেশৰ সুন্দৰ মূৰ্তি স্থাপন কৰে। ঢোল বজাই, নাচি-বাগি গণেশৰ মূৰ্তি ঘৰলৈ আনে। বেছিভাগ মানুহেই গণেশৰ আগমনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। এতিয়া মৃৎ শিল্পীসকলে ৰঙীন সজ্জাৰে সজাই তুলিছে মূৰ্তিসমূহ।

ভগৱান গণেশৰ মূৰ্তি পূজাৰ বাবে বিশেষ পদ্ধতি পালন কৰা হয়। ভক্তসকলে ২, ৪ বা ১০ দিন গনেশৰ মূৰ্তি স্থাপন কৰে। গণেশ চতুৰ্থীৰ সময়ত প্ৰতিটো ঘৰতে বিশেষ খাদ্য প্ৰস্তুত কৰা হয়, য’ত মোডক, লাড়ু আদি প্ৰধান। ভজন, কীৰ্তন আৰু পূজাৰ আয়োজন কৰি ভগৱান গণেশৰ পূজাত মগ্ন হৈ থাকে। দশম দিনা গণেশৰ মূৰ্তিটো পুখুৰী বা নদীত বিসৰ্জন দিয়া হয়।

এইবাৰ ৭ ছেপ্টেম্বৰত গণেশ চতুৰ্থী উৎসৱ পালন কৰা হ’ব। গণেশৰ ভক্তসকলে আগ্ৰহেৰে বাট চাই আছে এই পবিত্ৰ উৎসৱৰ বাবে। এই বিশেষ অনুষ্ঠানত আপোনাৰ আত্মীয়, বন্ধু-বান্ধৱী আৰু আপোনজনক এই গণেশ চতুৰ্থী শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।

  • ভগৱান গণেশে আপোনাৰ ঘৰলৈ কঢ়িয়াই আনক অপৰিসীম সুখ আৰু সমৃদ্ধি। গণেশ চতুৰ্থীৰ বাবে শুভেচ্ছা! ,
  • গণপতি বাপ্পাৰ আগমন শুভ হওক, আপোনাৰ সকলো সপোন বাস্তৱায়িত হওক, সকলো বাধা আঁতৰি যাওক। বাপ্পাৰ আগমনৰ বাবে আপোনাক শুভেচ্ছা।
  • দুখঃহৰ্তা ভগৱান গণেশৰ আশীৰ্বাদ সদায় আপোনাৰ ওপৰত থাকক আৰু আপোনাৰ জীৱন সুখেৰে পৰিপূৰ্ণ হওক। গণেশ চতুৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
  • আপোনাৰ দিনবোৰ মোডকৰ মধুৰতাৰে ভৰা হওক, গণেশ প্ৰভূই আপোনাৰ জীৱনত সুখৰ ছাঁ ৰাখক। গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালোঁ।
  • ক্ষমতা ভগৱান গণেশৰ চৰণত বাস কৰে, প্ৰতিটো বাধা দূৰ হওক, সফলতা আৰু প্ৰগতি লাভ কৰক, লাড়ুৰ মিঠাৰ দৰে আপোনাৰ জীৱনত মধুৰতা ৰৈ যাওক, গণেশ চতুৰ্থীৰ বাবে শুভেচ্ছা।
  • আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি হওক, ভগৱান গণেশে আপোনাৰ জীৱনত অপৰিসীম মৰম কঢ়িয়াই আনক। গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালোঁ।
  • ভগৱান গণেশৰ পূজাই আপোনাৰ জীৱনত সুখ কঢ়িয়াই আনক, প্ৰতিটো বাধা নাশ হওক, সফলতা আৰু সন্মান লাভ কৰক, গণেশ চতুৰ্থীৰ শুভেচ্ছা।
  • গণপতি বাপ্পাৰ চৰণত সুখ আৰু সমৃদ্ধি বাস কৰে, বাধা আঁতৰোৱাজনে আপোনাৰ জীৱনৰ পৰা বিপদ দূৰ কৰক, আপোনাৰ বাবে সুখৰ বৰষুণ নমাই আনক, গণেশ চতুৰ্থীৰ পৱিত্ৰ উৎসৱত শুভেচ্ছা জনাওক।

Latest News