Ganesh Chaturthi 2024: গনেশ চতুৰ্থী কেতিয়া? কি কি সামগ্ৰী লাগিব, কেনেকৈ কৰিব পূজা, জানক সকলো... | Ganesh Chaturthi Sthapana Muhurat, Puja Timings, Puja Samagri, Puja Vidhi and more details in assamese Assam news - Assam Tv9

Ganesh Chaturthi 2024: গনেশ চতুৰ্থী কেতিয়া? কি কি সামগ্ৰী লাগিব, কেনেকৈ কৰিব পূজা, জানক সকলো…

Updated On: 

05 Sep 2024 13:45 PM

ভক্তসকলে গনেশ অৰ্থাৎ বাপ্পাক ঘৰলৈ আহি সম্পূৰ্ণ ৰীতি- নীতিৰে প্ৰতিষ্ঠা কৰে। ১০ দিন বাপ্পাক ঘৰত ৰাখি পূজা- অৰ্চনা, ভোগ আদি আগবঢ়োৱা হয়। ১০ দিন পাছত এই মূৰ্তি কোনো নদীত বিসৰ্জন দিয়া হয়।

Ganesh Chaturthi 2024: গনেশ চতুৰ্থী কেতিয়া? কি কি সামগ্ৰী লাগিব, কেনেকৈ কৰিব পূজা, জানক সকলো...

গণেশ চতুৰ্থী ৬ নে ৭ ছেপ্টেম্বৰত?  

Follow Us On

হিন্দু পঞ্জিকা অনুসৰি ভাদ মাহত শুক্ল পক্ষৰ চতুৰ্থী তিথিৰ পৰা গণেশ উৎসৱ আৰম্ভ হয়। এই দিনটোত ভক্তসকলে গনেশ অৰ্থাৎ বাপ্পাক ঘৰলৈ আহি সম্পূৰ্ণ ৰীতি- নীতিৰে প্ৰতিষ্ঠা কৰে। ১০ দিন বাপ্পাক ঘৰত ৰাখি পূজা- অৰ্চনা, ভোগ আদি আগবঢ়োৱা হয়। ১০ দিন পাছত এই মূৰ্তি কোনো নদীত বিসৰ্জন দিয়া হয়। এইবাৰ গনেশ চতুৰ্থীৰ তাৰিখ, শুভ সময়, পূজা কৰাৰ পদ্ধতি আদি তলত উল্লেখ কৰা হ’ল-

গনেশ চতুৰ্থীৰ তাৰিখ আৰু শুভ সময়

এইবাৰ শুক্ল পক্ষৰ চতুৰ্থী তিথি ৬ ছেপ্টেম্বৰৰ দুপৰীয়া ৩ বাজি ১ মিনিটৰ পৰা আৰম্ভ হৈ ৭ ছেপ্টেম্বৰ সন্ধিয়া ৫ বাজি ৩৭ মিনিটত অন্ত পৰিব। এনে অৱস্থাত গনেশ চতুৰ্থী ৭ ছেপ্টেম্বৰত পালন কৰা হ’ব। গনেশ পূজাৰ কাৰণে সাধাৰণতে কোনো শুভ সময়ৰ প্ৰয়োজন নাই। কিন্তু হিন্দু পঞ্জিকা অনুসৰি চতুৰ্থীৰ দিনা গনপতিৰ পূজা দিনৰ ১১ বাজি ৩ মিনিটৰ পৰা আৰম্ভ কৰিব পাৰে। এই শুভ সময় দুপৰীয়া ১ বাজি ৩৪ মিনিটলৈ থাকিব।

মূৰ্তি স্থাপন

হিন্দু পঞ্জিকা অনুসৰি চতুৰ্থীৰ দিনা শুভ সময় ১১ বাজি ৩ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ৩৪ মিনিটলৈ থাকিব। গতিকে এই সময়চোৱাত গনেশ মূৰ্তি স্থাপনা কৰিব পাৰে। মূৰ্তি স্থাপন কৰাৰ বাবে উত্তৰ আৰু পূৱ দিশটো ভাল বুলি কোৱা হয়। দিশ অনুসৰি গনেশ বাবাৰ বাবে আসন পাতি পূজা সামগ্ৰী ৰাখিব লাগে। কোৱা হয় গনেশ বাবা উত্তৰে বাস কৰে। তাৰ পাছত আসনত ৰঙা বা হালধীয়া কাপোৰ পাৰি দি তাৰ ওপৰত গনেশৰ মূৰ্তি ৰাখিব লাগে। তাতেই নৱগ্ৰহ বনাওক। ইয়াৰ পাছতে আসনৰ পূৱ দিশত পানী ভৰ্তি কলহ এটা ৰাখিব আৰু দক্ষিণ -পূৱ দিশত বন্তি জ্বলাওক। তাৰ পাছত বাকী পূজাৰ বিধি কৰিব পাৰিব।

পূজাৰ সামগ্ৰী

গনেশৰ প্ৰতিমা, হালধী, সেন্দুৰ, তামোল-পান, কুমকুম, ফাকুৱা, ৰঙা ৰঙৰ বস্ত্ৰ, সূতা,  চাউল, দুবৰি বন, কৰ্ফূৰ,ধূপ, বন্তি, পঞ্চামৃত, ফল, পঞ্চমেভা, গংগা পানী, কলাহ,নাৰিকল, ৰঙা চন্দন, মোদত, লাড়ু আদিৰ প্ৰয়োজন। ইয়াৰ লগতে অষ্টগন্ধা, দৈ, মৌ, গৰু ঘিউ, চেনি, গণেশজীৰ বাবে ফুলৰ মালা, কলৰ পাত, গোলাপ পানী, ৰূপৰ মুদ্ৰা আদিৰ প্ৰয়োজন হয়।

পূজা বিধি

গনেশ চতুৰ্থীৰ দিনা পুৱা উঠি গা পা ধুই মন্দিৰ ছাফ চিকুন কৰি গংগা জল ছটিয়াব লাগে। তাৰ পাছত গনেশত স্তুতি কৰি মূৰ্তি স্থাপন কৰক। ইয়াৰ পাছত সূতা, বস্ত্ৰ, চন্দন, ধূপ,চাকি, হালধীয়া ফুল, ফল, ভোগ আদি আগবঢ়াওত। পূজাৰ বাবে ২১ ডাল দুবৰি বন প্ৰয়োজনীয়। এই সমূহ ভগৱানক আগবঢ়াই শ্ৰী গনেশায় নমঃ দুৰ্বংকুৰণ সমৰ্পয়মী’ মন্ত্ৰ জপ কৰক। ভগৱান গনেশত লাড়ু (বুন্দিয়া লাড়ু), মোদক ভোগ হিচাপে আগবঢ়াওক। তাৰ পাছত আৰতী কৰি “বিঘ্নানি নাশায়ান্তু সৰ্বাণি সুৰনায়ক! কাৰ্য মে সিদ্ধিমায়াতু পূজিতে ব্যতি ধাতৰি!!” মন্ত্ৰ জঁপ কৰি প্ৰসাদ বিতৰণ কৰক।

 

(ইয়াত উপলব্ধ তথ্য সমূহ সামাজিক আৰু ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ নিশ্চিয়তা কৰা হোৱা নাই। অধিক জানিবৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে।)

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version