শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

World Obesity Day : খাদ্যাভ্যাসৰ উপৰি কি কি কাৰণত মেদবহুলতা হ’ব পাৰে ? জানক

মেদবহুলতাৰ কাৰণ হৈছে অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী। কিন্তু ই একমাত্ৰ কাৰণ নহয় । বিশেষজ্ঞসকলে কয় যে, জেনেটিক্স আৰু হৰম’ন আদিও মেদবহুলতাৰ কাৰণ।

World Obesity Day : খাদ্যাভ্যাসৰ উপৰি কি কি কাৰণত মেদবহুলতা হ’ব পাৰে ? জানক
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 04 Mar 2025 15:35 PM

মেডিকেল জাৰ্নেল দ্য লান্সেটৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, ২০৫০ চনৰ ভিতৰত ভাৰতত ২৫ বছৰৰ ওপৰৰ ৪৫ কোটি লোক মেদবহুলতাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে । এই তালিকাৰ প্ৰথম স্থানত আছে চুবুৰীয়া চীন । যোৱা হৈছে যে, ২০৫০ চনৰ ভিতৰত চীনৰ ৬২ কোটিতকৈ অধিক লোক মেদবহুলতাৰ বলি হ’ব পাৰে। প্ৰতিবেদনত কোৱা হৈছে য, মেদবহুলতাৰ এটা প্ৰধান কাৰণ হৈছে অস্বাস্থ্যকৰ খাদ্য আৰু জীৱনশৈলী। লান্সেটৰ তথ্য অনুসৰি, ভাৰতত মেদবহুলতাৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। এতিয়া শিশুসকলৰ ক্ষেত্ৰটো এই সমস্যা দেখা গৈছে ।

সাধাৰণতে দেখা যায় যে, মেদবহুলতাৰ কাৰণ হৈছে অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী। কিন্তু ই একমাত্ৰ কাৰণ নহয় । বিশেষজ্ঞসকলে কয় যে, জেনেটিক্স আৰু হৰম’ন আদিও মেদবহুলতাৰ কাৰণ। কিছুমান মানুহৰ মেদবহুলতাৰ কাৰণ হৈছে জেনেটিক্স, যিটো সমস্যা পিতৃ-মাতৃৰ পৰা সন্তানলৈ যায়। ।

স্বাস্থ্য বিশেষজ্ঞ ডাঃ সমীৰ ভাটীয়ে কয় যে, যদি আপোনাৰ পৰিয়ালত মেদবহুলতাৰ সমস্যা আছে, তেন্তে আপোনাৰ মেদবহুলতাৰ আশংকা অধিক হ’ব পাৰে। এই সকলোবোৰ জেনেটিক্সৰ বাবেই হয়। বহু ক্ষেত্ৰত মেদবহুলতা হৰম’নৰ ফলতো হয়। ডাঃ ভাটীয়ে কয় যে, শৰীৰত লেপ্টিন নামৰ হৰম’ন থাকে, যিয়ে আপোনাৰ শৰীৰক কেতিয়া খাব লাগে আৰু কেতিয়া খাব নালাগে সেই কথা কয়। লেপ্টিনৰ কাৰ্যত কিবা ভুল হ’লে খাদ্যাভ্যাসৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই আৰু মেদবহুলতাৰ সমস্যা বৃদ্ধি কৰে ।

একেদৰে ঘ্ৰেলিন হৈছে এনে এটা হৰম’ন যিয়ে আপোনাৰ শৰীৰক কেতিয়া খাব লাগে সেই কথা কয়। যদি কোনো ব্যক্তিৰ শৰীৰত ঘ্ৰেলিনৰ পৰিমাণ বেছি হয়, তেন্তে মেদবহুলতাৰ আশংকা বেছি হ’ব পাৰে।

মেদবহুলতাৰ কাৰণ কি ?

বহু লোকে স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ সময় নাপায় বা শাৰীৰিক কাৰ্যকলাপত সময় দিব নোৱাৰে । গতিকে বহু ক্ষেত্ৰত শাৰীৰিক কাৰ্যকলাপৰ অভাৱে মেদবহুলতা সমস্যা বৃদ্ধি কৰিব পাৰে ।

মানসিক চাপেও মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে । কিছুমান শাৰীৰিক সমস্যাৰ মূল কাৰণ হৈছে মানসিক চাপ । গতিকে মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে আপুনি ৰাতিপুৱা ১০ ৰ পৰা ১৫ মিনিট সময় ধ্যান কৰিব পাৰে ।

টোপনিৰ অভাৱেও স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় । ই আপোনাৰ মেদবহুলতাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে । সুস্থ জীৱন-যাপনৰ বাবে পৰ্যাপ্ত টোপনি যোৱাটো অতি প্ৰয়োজন ।