শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Valentine’s Week 2025: ভেলেন্টাইন ডে’ত প্ৰিয়জনৰ সৈতে যাওক উত্তৰ-পূৱৰ ‘Mini Switzerland’ত

ভেলেণ্টাইন সপ্তাহত আৰম্ভ হ’বলৈ মাত্ৰ কিছু দিন বাকী আছে। এই সময়ছোৱাত বহু লোকে নিজৰ সংগীৰ সৈতে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে। এনে ক্ষেত্ৰত আপুনি আপোনাৰ সংগীৰ সৈতে অসমৰ এই ধুনীয়া ঠাইলৈ ভ্ৰমণ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে।

Valentine’s Week 2025: ভেলেন্টাইন ডে’ত প্ৰিয়জনৰ সৈতে যাওক উত্তৰ-পূৱৰ ‘Mini Switzerland’ত
ভেলেন্টাইন ডে'ত প্ৰিয়জনৰ সৈতে যাওক উত্তৰ-পূৱৰ 'Mini Switzerland'ত
barasha-misra
Barasha Misra | Published: 03 Feb 2025 21:36 PM

প্ৰেমিক-প্ৰেমিকাৰ বাবে ফেব্ৰুৱাৰী মাহটো অতি বিশেষ। কাৰণ এই মাহৰ ৭ তাৰিখৰ পৰা ১৪ তাৰিখলৈকে গোলাপ দিৱসৰ পৰা আৰম্ভ কৰি ভেলেণ্টাইন সপ্তাহ পালন কৰা হয়। এই সপ্তাহত মানুহে নিজৰ সংগীক বিভিন্ন ধৰণৰ উপহাৰ দিয়ে আৰু তেওঁলোকক বিশেষ অনুভৱ কৰিবলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰে।

সংগীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ ফলত ইজনে সিজনক বুজিবলৈ ভাল সুযোগ পায়। গতিকে যদি আপুনিও ভেলেণ্টাইন সপ্তাহত আপোনাৰ সংগীৰ সৈতে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি উত্তৰ-পূৱৰ ‘Mini Switzerland’ৰ দৰে এই ৰোমান্টিক ঠাইখনলৈ ভ্ৰমণ কৰিবলৈ যাব পাৰে। ইয়ালৈ গৈ আপুনি আপোনাৰ সংগীৰ সৈতে শান্তিৰে সময় কটাবলৈ সুযোগ পাব।

হাফলঙৰ মনোৰম দৃশ্যই মন্ত্ৰমুগ্ধ কৰিব আপোনাক। প্ৰকৃতিৰ এই সৌন্দৰ্যই সকলোকে যেন হাত বাউলি মাতে সকলোকে। হাফলং ভাৰতৰ অসমৰাজ্যৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই৷ অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ হাফলঙৰ জলবায়ু সেমেকা অৰ্ধক্ৰান্তীয় জলবায়ু। ইয়াত বাছ বা ৰে’লেৰে যাব পাৰে। পোনপটিয়াভাৱে আকাশীযানৰ ব্যৱস্থা নাই। গুৱাহাটী বা শিলচৰৰ পৰা নিউ হাফলং ষ্টেচনলৈ ৰে’লৰ চলাচল আছে।

পৰ্যটকৰ আকৰ্ষণ বৃদ্ধিৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে’লৱেই আৰম্ভ কৰিছে ভিষ্টাড’ম (Vistadome) ৰে’ল সেৱা। এই ট্ৰেইনখনৰ খিৰিকীবোৰত ডাঙৰ ডাঙৰ গ্লাছ থকাৰ বাবেই যাত্ৰীসকলে যাত্ৰাৰ প্ৰাকৃতিক সৌন্দৰ্য সুন্দৰকৈ উপভোগ কৰিব পাৰে। লগতে যাত্ৰীয়ে ৰে’লৰ আসনবোৰ ১৮০ ডিগ্ৰী পৰ্যন্ত ঘূৰাই নিজৰ ইচ্ছা মতে বহিব পাৰিব। গুৱাহাটীৰ পৰা নিউ হাফলং ষ্টেচনলৈ সপ্তাহত প্ৰতি বুধবাৰ আৰু শনিবাৰে চলে এই ট্ৰেইনখন। ভিষ্টাড’ম ৰে’ল সেৱাৰ আমেজ ল’বলৈ পৰ্যটকসকলে IRCTCৰ অফিচিয়েল টিকট বুকিং ৱেবছাইটৰ জৰিয়তে টিকট বুক কৰিব লাগে। যদি আপুনিও প্ৰিয়জনৰ সৈতে এই স্থানলৈ যাব বিচাৰে, তেন্তে এই স্থান আপোনাৰ বাবে অন্যতম।

কি কি চাব?

  1. হাফলং হ্ৰদ
  2. জাতিংগা
  3. পৰম্পৰাগত গাওঁসমূহ
  4. ফিয়াংপুই বাগান
  5. মউলপং
  6. ফিয়াংপুই (Fiangpui) গীৰ্জা
  7. টুমজাং (Tumjang)

ইয়াৰোপৰি, হাফলঙৰ একেবাৰে ওচৰত আছে মাইবং। হাফলঙলৈ আহিলে এবাৰ মাইবঙলৈ যাব নাপাহৰিব। মাইবং ১৬ আৰু ১৮ শতিকাত ডিমাচা ৰাজত্বৰ সময়ত ৰাজধানী আছিল বুলি জনা যায়৷ এই সময়ৰ বিভিন্ন ধ্বংসাৱশেষ এতিয়াও মাইবঙৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায়৷ মাইবঙত থকা ষ্টোন হাউছে দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পাৰে। ভেলেন্টাইন সপ্তাহত লং ড্ৰাইভটো প্ৰিয়জনৰ সৈতে এই স্থানত যাব পাৰে।