Good Friday 2025: গুড ফ্ৰাইডেত খ্ৰীষ্টান ধৰ্মাৱলম্বী বন্ধু-বান্ধৱীক এইদৰে দিয়ক শুভকামনা
Good Friday Wishes: এইবাৰ ১৮ এপ্ৰিলত গুড ফ্ৰাইডে পালন কৰিব। খ্ৰীষ্টান ধৰ্মত এই উৎসৱ প্ৰভু যীচুৰ বলিদানৰ সৈতে জড়িত। কোৱা হয় যে, এই দিনটোতে যীশুখ্ৰীষ্টক অতি অত্যাচাৰৰ অন্তত ক্ৰুছবদ্ধ কৰা হৈছিল। গুড ফ্ৰাইডেত খ্ৰীষ্টান ধৰ্মাৱলম্বী বন্ধু-বান্ধৱীক দিয়ক শুভকামনা...

গুড ফ্ৰাইডেত খ্ৰীষ্টান ধৰ্মাৱলম্বী বন্ধু-বান্ধৱীক এইদৰে দিয়ক শুভকামনাImage Credit source: Getty Images
গুড ফ্ৰাইডে বিশ্বৰ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। পৰম্পৰাগত বিশ্বাস অনুসৰি এইদিনা প্ৰভু যিশুক ক্ৰুছবদ্ধ কৰা হৈছিল আৰু সেই অৱস্থাত কালভেৰিত তেওঁৰ মৃত্যু হৈছিল। ই পৱিত্ৰ সপ্তাহৰ পাশ্চাল ত্ৰিদোম অৰ্থাৎ যীশুৰ ক্ৰুছবদ্ধ কৰা, কবৰ দিয়া আৰু পুনৰ জীৱিত হোৱা তিনিটা মূল ঘটনাৰ অংশ। গুড ফ্ৰাইডেৰ পৰৱৰ্তী দেওবাৰে ইষ্টাৰ পালন কৰা হয়। ই প্ৰায়ে ইহুদী সকলৰ উৎসৱ ‘পাছঅভাৰ’ৰ লগত একে দিনত উদযাপিত হয়। ইয়াক পৱিত্ৰ শুক্ৰবাৰ, মহান শুক্ৰবাৰ আৰু ক’লা শুক্ৰবাৰ হিচাপেও অভিভীত কৰা হয়।
এইবাৰ ১৮ এপ্ৰিলত গুড ফ্ৰাইডে পালন কৰিব। খ্ৰীষ্টান ধৰ্মত এই উৎসৱ প্ৰভু যীচুৰ বলিদানৰ সৈতে জড়িত। কোৱা হয় যে, এই দিনটোতে যীশুখ্ৰীষ্টক অতি অত্যাচাৰৰ অন্তত ক্ৰুছবদ্ধ কৰা হৈছিল। গুড ফ্ৰাইডেত খ্ৰীষ্টান ধৰ্মাৱলম্বী বন্ধু-বান্ধৱীক দিয়ক শুভকামনা…
- কিছু হাঁহি আৰু বহু আনন্দ, আজি আপোনাৰ দুখ বা খং পাহৰি যাওক… Happy Good Friday to all!!
- প্ৰভু যীশু খ্ৰীষ্টৰ বলিদানক পাহৰি নাযাব। আমি ধৰ্মৰ পথ অনুসৰণ কৰি এনেদৰে জীৱন যাপন কৰিব লাগিব। আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ গুড ফ্ৰাইডেৰ শুভেচ্ছা জনালোঁ!
- মোৰ অন্তৰৰ পৰা প্ৰাৰ্থনা যে প্ৰভু যীশু খ্ৰীষ্টৰ আশীৰ্বাদ সদায় আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত থাকে। Happy Good Friday 2024!!
- আহক আমি প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে আমি নিজকে শক্তিশালী কৰি সুখী জীৱন যাপন কৰোঁ। আপোনালোকৰ পৱিত্ৰ শুক্ৰবাৰৰ শুভেচ্ছা জনালোঁ!
- গুড ফ্ৰাইডেৰ এই বিশেষ অনুষ্ঠানত ভগৱানৰ ওচৰত মোৰ এটাই কামনা যে, তেওঁ আপোনাক আৰু আপোনাৰ পৰিয়ালক সদায় সঠিক পথ দেখুৱাওক আৰু তেওঁৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকক।