GBS: গুইলেইন-বেৰে চিণ্ড্ৰমত আক্ৰান্ত হৈ এজনৰ মৃত্যু, জানক এই বিৰল ৰোগৰ লক্ষণ…
GBS: এক বিৰল স্নায়ুজনিত ৰোগ। Guillain-Barre Syndrome নামৰ ৰোগত আক্ৰান্ত হৈছে বহুলোক। ইতিমধ্যে এজনলোকৰ মৃত্যু হোৱাৰ খবৰো আহি পৰিছে। এই ৰোগত আক্ৰান্ত হ'লে ব্যক্তি প্ৰায় পেৰালাইছিচ হৈ পৰে।
পুনেত তীব্ৰগতিত বৃদ্ধি পাইছে গুইলেইন-বেৰে চিণ্ড্ৰম (জিবিএছ) (Guillain-Barre Syndrome, GBS) ৰ ৰোগীৰ সংখ্যা। ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ এজন ৰোগীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। শেহতীয়াকৈ পুনৰ ২৮ জনলোক এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত মুঠ ৰোগীৰ সংখ্যা ১০১ লৈ বৃদ্ধি পায়। ইয়াৰোপৰি আক্ৰান্ত ৰোগীৰ প্ৰায় ১৬ গৰাকীৰ অৱস্থা সংকটনজনক বুলি জানিব পৰা গৈছে। টাইমছ এৱ ইণ্ডিয়াৰ খবৰ অনুসৰি, স্বাস্থ্য বিষয়াই জনোৱা মতে এই ৰোগত আক্ৰান্ত হৈ এজন ৰোগীৰ মৃত্যু হৈছে আৰু ১৬ জন ভেন্টিলেটৰত আছে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য বিভাগে এটা ৰেপিড ৰেচপন্স টিম গঠন কৰিছে। এই দলটোৱে আক্ৰান্ত হোৱা ৰোগীসকলক তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰোপৰি স্বাস্থ্য বিষয়াসকলে পুনে আৰু ইয়াৰ আশে পাশে থকা প্ৰায় ২৫,০০০ ঘৰত জৰীপ চলাইছে লগতে মানুহক ইয়াৰ বিষয়ে সজাগ কৰাৰ চেষ্টা কৰিছে। তথ্য অনুসৰি, যোৱা ৯ জানুৱাৰীৰ পৰা এই বিৰল ৰোগত আক্ৰান্ত হৈছে ব্যক্তি।
আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি
বিশেষকৈ পুনেত এই ৰোগ বিয়পি পৰিছে। স্বাস্থ্য বিভাগে এতিয়ালৈকে জানিব পৰা নাই যে কি কাৰণে এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। সন্দেহ অনুসৰি দূষিত পানীৰ বাবে এই ৰোগত লোকসকল আক্ৰান্ত লৈছে। ইয়াৰোপৰি এই ৰোগ আনৰ শৰীৰলৈ কেনেকৈ ইমান তীব্ৰগতিত বিয়পি পৰিছে সেই সন্দৰ্ভতো এতিয়ালৈকে কোনো তথ্য প্ৰকাশ হোৱা নাই।
গুইলেইন- বেৰ চিণ্ড্ৰম কি
ই এক স্নায়ুজনিত বিকাৰৰ বিৰল ৰোগ। এই ৰোগত আক্ৰান্ত হ’লে ব্যক্তিৰ স্নায়ুৰ সমস্যা বৃদ্ধি হব’লৈ ধৰে। বহু সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতাই নিজৰ স্নায়ুত আক্ৰমণ কৰে। যাৰ বাবে ৰোগীৰ হাত-ভৰিৰ হঠাৎ দুৰ্বল হয় আৰু মানুহ অজ্ঞান হৈ পৰে। কেতিয়াবা ৰোগীৰ উঠিবলৈ বা বহিবলৈও অসুবিধা হয়। এক কথাত এই ৰোগৰ চৰম পৰ্যায়ত ৰোগী পেৰালাইছিচ হয়।
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে, গুইলেইন-বাৰে চিনড্ৰম হৈছে এক বিৰল স্নায়ুজনিত বিকাৰ, য’ত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই পেৰিফেৰেল নাৰ্ভাছ চিষ্টেমৰ এটা অংশক আক্ৰমণ কৰে। ইয়াৰ ফলত হাত ভৰি দুৰ্বলহৈ পৰাৰ লগতে উশাহ নিশাহ ল’বলৈও কষ্ট হয়। মাহৰ পাছত মাহ ধৰি ৰোগী সহায় নোহোৱাকৈ খোজ কাঢ়িব নোৱাৰে।
কোন বেছিকৈ আক্ৰান্ত হয়
বিশেষকৈ বৃদ্ধ, শিশু আৰু শাৰীৰিকভাৱে দুৰ্বল লোক এই ৰোগত আক্ৰান্ত হয়। মহিলাতকৈ পুৰুষৰ জিবিএছ সম্পৰ্কীয় মৃত্যুৰ সম্ভাৱনা বেছি।
লক্ষণ
- জানিব পৰা মতে এই ৰোগে ব্যক্তিৰ পেৰিফেৰেল নাৰ্ভত আক্ৰমণ কৰে। ইয়াৰ ফলত স্নায়ুৰ পেশীৰ গতি, শৰীৰত বিষ অনুভৱ, স্পৰ্শ অনুভৱ আদি লক্ষণে দেখা দিয়ে।
- হাত আৰু ভৰিৰ আঙুলি , গোৰোহা, হাতৰ তলি আদিত বেজীয়ে বিন্ধাৰ দৰে অনুভৱ।
- ভৰিৰ দুৰ্বলতা শৰীৰৰ ওপৰলৈ যাব পাৰে।
- খোজ কঢ়া বা চিৰি বগোৱাত অসুবিধা
- কথা কোৱা, খাদ্য খোৱাত অসুবিধা
- প্ৰস্ৰাৱৰ ওপৰত নিয়ন্ত্ৰণ হেৰুওৱা।
- হৃদস্পন্দন বৃদ্ধি।
চিকিৎসকে কি কয়
দিল্লীৰ জিটিবি হাস্পতালৰ স্নায়ু বিজ্ঞান বিভাগৰ চিকিৎসক ডাঃ ৰাজ কুমাৰে কয় যে গুইলেইন বাৰে চিণ্ড্ৰম হৈছে এক বিৰল আৰু হঠাৎ হোৱা ৰোগ। ইয়াৰ ফলত অজ্ঞানতা, পেশী দুৰ্বলতা আৰু পক্ষাঘাতৰ সম্ভাৱনা বৃদ্ধি পায়। ই কেতিয়াবা মাৰাত্মক হৈ পৰে। তেওঁক মতে বেক্টেৰিয়া আৰু ভাইৰাছৰ সংক্ৰমণৰ ফলত জিবিএছ হয়। যাৰ বাবে ৰোগীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’বলৈ আৰম্ভ কৰে আৰু ই তেওঁলোকৰ স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে।
চিকিৎসা
চিকিৎসকে জনোৱা অনুসৰি আক্ৰান্ত ৰোগীৰ প্ৰায় ৮০ শতাংশ চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱা ৬ মাহৰ ভিতৰত কোনো সহায় অবিহনে খোজ কাঢ়িব পাৰে। অৱশ্যে দেহৰ সম্পূৰ্ণ অংগ ব্যৱহাৰ কৰিবলৈ এবছৰতকৈ অধিক সময় লাগে। এই ৰোগৰ চিকিৎসা ব্যয়বহুল। এই ৰোগত আক্ৰান্ত ৰোগীক সাধাৰণতে ইমিউন’গ্ল’বিউলিন (IVIG) বেজী ল’বলৈ দিয়া হয়। এগৰাকী ৰোগীৰ পৰিয়ালে সংবাদ মাধ্য়মত জনোৱা অনুসৰি তেওঁ ৬৮ বছৰীয়া এগৰাকী আত্মীয় এই ৰোগত আক্ৰান্ত হৈছিল। তেওঁক ১৩ টা বেজীৰ ল’বলৈ দিয়া হৈছিল আৰু প্ৰতিটো বেজীৰ এটা শ্বটৰ মূল্য আছিল প্ৰায় ২০ হাজাৰ টকা।