Magh Bihu Wishes In Assamese: মেজিৰ জুইৰ উত্তাপে নাইকিয়া কৰক হিংসা-বিদ্বেষ আৰু অসূয়া-অপ্ৰীতি… ভোগালী বিহুত আপোনজনক জনাওক শুভকামনা
মাঘ বিহুক ভোগালী অৰ্থাৎ ভোগৰ উৎসৱ বুলি কোৱা হয়। বিহু উপলক্ষে অসমীয়া ৰাইজে বিভিন্ন ধৰণৰ জা-জলপান, পিঠা-পনা আৰু বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন প্ৰস্তুত কৰে। পৰম্পৰা ৰক্ষা কৰি হেঁপাহৰ ভোগালীত আপোনজনক বিশেষভাৱে জনাওক শুভকামনা।
মাঘৰ বিহুক লৈ উখল-মাখল ৰাজ্য। আজি উৰুকা, নিশা সকলোৱে লগে ভাগে এসাঁজ খাই কৰিব আনন্দ। এই সময়ত কৃষকসকলে খেতি চপাই ভঁৰাল উপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত। সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদিৰে অসমীয়াৰ ঘৰ উপচি পৰে।
জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখে। বিহুৰ সকলো কামেই সমূহীয়াভাৱে কৰা হয়, যিয়ে মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে অসমীয়া জাতিয়ে এক নিজস্ব পৰিচয় বহন কৰিছে। অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুত ইজনে সিজনক শুভকামনা জনোৱাটো এক পৰম্পৰা।
আপুনিও হেঁপাহৰ ভোগালী বিহুত এইদৰে জনাওক শুভকামনা
- মেজিৰ জুইয়ে নাশ কৰক সকলো অপায়-অমংগল, সকলোৰে জীৱনত বোৱাই আনক শান্তিৰ নিজৰা। ভোগালীৰ ওলগ জনালোঁ।
- ভোগালীৰ ভোগেৰে আৰু মেজিৰ উমেৰে সমৃদ্ধিশালী হওক সকলোৰে জীৱন। ভোগালীৰ ওলগ জনালোঁ।
- অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ শুভকামনা।
- সোণগুটিৰে উপচি পৰা ভঁৰাল ঘৰবোৰে কৃষিজীৱী ৰাইজৰ বুকুত জগাই তুলিছে নতুন আশা। সমূহ অসমবাসীক ভোগালী বিহুৰ ওলগ জনালোঁ।
- মেজিৰ অগ্নিশিখাই সমাজৰপৰা সকলো অপশক্তি নাশ কৰি ৰাজ্যবাসীলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা।
- ৰং-ৰহইচ, পিঠা-পনাকে ধৰি চহকী ঐতিহ্যৰে সমৃদ্ধ ভোগালী বিহু আমাৰ জাতীয় জীৱনৰ অংশ। ভোগালীৰ উলাহে সকলোৰে মনলৈ ন উদ্যম আৰু প্ৰাণলৈ কঢ়িয়াই আনক, তাৰেই কামনাৰে ভোগালীৰ ওলগ জনালোঁ।
- ঢেঁকীৰ মাত, আখলত পিঠা-পনা, ভেলাঘৰ বা মেজিঘৰত জ্যেষ্ঠ তথা অনুজসকলৰ ৰঙেৰে জীপাল সময়বোৰত অগ্নি দেৱতাৰ মন্ত্রপূত ধ্বনিয়ে কঢ়িয়ায় মাংগলিক শুভ বার্তা।
- মেজিৰ অগ্নিশিখাই সমাজৰ পৰা সকলো অপশক্তি বিনাশ কৰি শুভ শক্তি সঞ্চাৰেৰে কঢ়িয়াই আনক অনাবিল সুখ-শান্তি আৰু অপৰিসীম সমৃদ্ধিৰ মধুৰ বাৰ্তা।
- নিয়ৰ সৰা গধুলি.. মাঘৰ জাননী.. মেজিৰ তলৰ ধেমালি, ভোগালী বিহুৰ ওলগ জনালোঁ