Children’s Day: শিশু দিৱসৰ শুভেচ্ছা আৰু ভাষণৰ আভাস, জানক কেনেকৈ শিশুসকলক প্ৰেৰণা যোগাব…

ভাৰতত প্ৰতি বছৰে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰা হয়।এই তাৰিখটো বাছি লোৱা হৈছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনৰ লগত সংগতি ৰাখি। সমগ্ৰ দেশৰ বিদ্যালয়সমূহত শিশু দিৱস অতি আড়ম্বৰ আৰু উলাহেৰে উদযাপন কৰে।

Childrens Day: শিশু দিৱসৰ শুভেচ্ছা আৰু ভাষণৰ আভাস, জানক কেনেকৈ শিশুসকলক প্ৰেৰণা যোগাব...

শিশু দিৱসৰ শুভেচ্ছা আৰু ভাষণৰ আভাস

Updated On: 

11 Nov 2024 19:27 PM

শিশু দিৱস হৈছে শিশুসকলৰ বাবে প্ৰতি বছৰে ভিন্ন দেশত ভিন্ন তাৰিখত পালন কৰা এটা বিশেষ দিৱস। ১৯২৫ চনত শিশু কল্যাণ সম্পৰ্কীয় বিশ্ব সন্মিলনৰ সময়ত জেনেভাত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় শিশু দিৱস ঘোষণা কৰা হৈছিল। ১৯৫০ চনৰ পৰা প্ৰায়বোৰ কমিউনিষ্ট আৰু উত্তৰ-কমিউনিষ্ট দেশতে ১ জুনত ইয়াক উদযাপন কৰা হয়। ১৯৫৯ চনৰ ২০ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে শিশুৰ অধিকাৰ ঘোষণাৰ স্মৃতিত ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰে। কিছুমান দেশত শিশু দিৱসৰ সলনি শিশু সপ্তাহ পালন কৰা হয়। শিখসকলে ২০ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ গুৰু গোবিন্দ সিংহৰ পুত্ৰৰ স্মৃতিত শিশু সপ্তাহ পালন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত জুন মাহৰ দ্বিতীয় দেওবাৰে শিশু দিৱস পালন কৰা হয়। ভাৰতত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰা হয়।

বিষয়টোৰ বোধগম্যতা

শিশু দিৱসৰ গুৰুত্ব কি সেয়া শিশুসকলে বুজি পোৱা প্ৰয়োজন। শিশুৰ অধিকাৰ, শিক্ষা, আৰু তেওঁলোকৰ উন্নত লালন-পালনৰ সৈতে সম্পৰ্কিত বিষয়বোৰ শিশু দিৱসৰ জৰিয়তে উত্থাপন কৰা হয়। পণ্ডিত নেহৰুৰ শিশুৰ প্ৰতি থকা মৰম আৰু শিশুৰ স্বাৰ্থত তেওঁ কৰা কামৰ বিষয়েও সজাগ হোৱাটো প্ৰয়োজনীয়। ভাষণত এই বিষয়বোৰ অন্তৰ্ভুক্ত কৰিলে আপোনাৰ ভাব আৰু প্ৰাসংগিক হ’ব।

এই দিনটোত ছাত্ৰ-ছাত্ৰীসকলে ভাষণ দিবলৈ চেষ্ট কৰে। ফলপ্ৰসূ আৰু আকৰ্ষণীয় ভাষণ কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাৰ কিছুমান উপযোগী টিপছৰ লগতে বিশেষ ধৰণৰ শুভেচ্ছা বাৰ্তা আগবঢ়োৱা হ’ল।

অনুপ্ৰেৰণামূলক বাৰ্তা

আপোনাৰ ভাষণে কেৱল তথ্য প্ৰদান কৰাই নহয় শ্ৰোতাসকলক অনুপ্ৰাণিত কৰিব লাগে। শিশুৰ প্ৰতি দয়া, সহানুভূতি আৰু প্ৰেম বৃদ্ধি কৰিবলৈ বাৰ্তা দিয়ক। ‘আজিৰ শিশু,কাইলৈ দেশৰ নাগৰিক।’ এই দিনটোত আপুনি ক’ব পাৰে, “শিশুসকলক সুখী আৰু সুৰক্ষিত ভৱিষ্যত প্ৰদান কৰিবলৈ একেলগে কাম কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য।”

শক্তিশালী কৰক

আপোনাৰ ভাষণ ইতিবাচক আৰু শক্তিশালী বাৰ্তাৰ সৈতে সমাপ্ত কৰক। উদাহৰণ স্বৰূপে, আপুনি ক’ব পাৰে- “আহক আমি সকলো শিশুক উন্নত শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা প্ৰদান কৰাৰ বাবে আমাৰ প্ৰচেষ্টা হাতত লও। ”

মনত ৰাখিব, ভাষণত চুটি আৰু সৰল ভাষা ব্যৱহাৰ কৰিব। জটিল শব্দ বা দীঘল বাক্য পৰিহাৰ কৰিব। শিশু আৰু অন্যান্য শ্ৰোতাৰ বাবে সৰল ভাষা ব্যৱহাৰ কৰক যাতে সকলোৱে আপোনাৰ বাৰ্তা সহজে বুজি পায়।

এইদৰে দিয়ক ভাষণ,

“সন্মানীয় মহাশয়, শিশুসকল আৰু উপস্থিত মোৰ মৰমৰ সহকৰ্মীসকল,
পোন প্ৰথমতে শিশু দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজিৰ দিনটো আমাৰ সকলোৰে বাবে বিশেষ দিন, কিয়নো আজি আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুজীৰ জন্মদিন, যিয়ে সদায় শিশুসকলক তেওঁৰ হৃদয়ৰ ওচৰত ৰাখিছিল।

শিশু দিৱসৰ এই বিশেষ অনুষ্ঠানটোৱে আমাক শিশুসকলৰ কল্যাণ, তেওঁলোকৰ অধিকাৰ আৰু শিক্ষাৰ গুৰুত্ব বুজিপোৱাৰ বাবে সুযোগ প্ৰদান কৰিছে। পণ্ডিত নেহৰুৱে বিশ্বাস কৰিছিল যে, শিশুসকল দেশৰ ভৱিষ্যত আৰু তেওঁলোকৰ উজ্জ্বলতাই দেশ উজ্জ্বল কৰিব।

আজিও, শিশুৱে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হয়, যেনে শিক্ষাৰ অভাৱ, শিশু শ্ৰমিক, আৰু সুৰক্ষিত পৰিৱেশৰ অভাৱ।

আহক আমি সকলোৱে শিশুসকলক এক উজ্জ্বল ভৱিষ্যত প্ৰদান কৰাৰ সংকল্প লওঁ, যাতে তেওঁলোকে তেওঁলোকৰ সপোন পূৰণ কৰিব পাৰে আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। জয় হিন্দ!”

এনেদৰে আপুনি অনুপ্ৰেৰণামূলক ভাষণ প্ৰস্তুত কৰিব পাৰে যি শ্ৰোতাসকলক শিশু দিৱসৰ গুৰুত্ব বুজাব আৰু তেওঁলোকক শিশুৰ প্ৰতি ইতিবাচক মনোভাৱ অৱলম্বন কৰিবলৈ অনুপ্ৰাণিত কৰিব।

 

 

আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক