5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Happy Friendship Day: বিশেষ দিনটোত আপোনাৰ বন্ধু-বান্ধৱীক দিয়ক অনন্য উপহাৰ! অধিক শক্তিশালী হ’ব বন্ধুত্ব

বন্ধুত্বৰ সম্পৰ্ক উদযাপন কৰিবলৈ প্ৰতি বছৰে আগষ্টৰ প্ৰথম দেওবাৰে ৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস উদযাপন কৰা হয়। যেতিয়া আপুনি ডাঙৰ হয় নিজে গঢ়া প্ৰথম সম্পৰ্কটোৱেই হৈছে বন্ধুত্ব। এই বিশেষ দিনটো আপুনি আপোনাৰ বন্ধুক কিছুমান অনন্য উপহাৰ দিব পাৰে যি আপোনাৰ বন্ধুত্ব আৰু অধিক শক্তিশালী কৰিব।

Happy Friendship Day: বিশেষ দিনটোত আপোনাৰ বন্ধু-বান্ধৱীক দিয়ক অনন্য উপহাৰ! অধিক শক্তিশালী হ’ব বন্ধুত্ব
বন্ধুত্ব দিৱস
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 04 Aug 2024 09:50 AM

পৃথিৱীত জন্মগ্ৰহণ কৰা লগে লগে আমি বহুতো সম্পৰ্কৰ সৈতে জড়িত হৈ পৰো। যেনে কাৰোবাৰ পুত্ৰ বা কন্যা, ভাতৃ, ভগ্নী ইত্যাদি। যেতিয়া আপুনি ডাঙৰ হয় নিজে গঢ়া প্ৰথম সম্পৰ্কটোৱেই হৈছে বন্ধুত্ব। এইটো এনে এটা সম্পৰ্ক য’ত আপুনি বন্ধনৰ সলনি স্বাধীনতা অনুভৱ কৰে। এজন বন্ধু হৈছে যিয়ে সমস্যাৰে ভৰা জীৱনটো সুখী কৰি ৰাখে। এই মৰমৰ সম্পৰ্কটো উদযাপন কৰিবলৈ আগষ্টৰ প্ৰথম দেওবাৰে ৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস হিচাপে উদযাপন কৰা হয়। যি এইবাৰ ৪ আগষ্ট অৰ্থাৎ আজি উদযাপন কৰা হৈছে।

বন্ধুত্ব দিৱস উপলক্ষে সকলোৱে তেওঁলোকৰ বন্ধুবৰ্গৰ হাতত এডাল বেণ্ড বান্ধে। ইয়াৰ দলগতে আপোনাৰ আটাইতকৈ ভাল বন্ধুৰ বাবে কিছুমান উপহাৰ ক্ৰয় কৰিব পাৰি যি আপোনাৰ বন্ধুত্ব আৰু অধিক শক্তিশালী কৰিব। গতিকে একে ধৰণৰ উপহাৰৰ বিষয়ে জানো আহক

 

এজন বন্ধুক উপহাৰ হিচাপে বহুতো স্মৃতি দিয়ক

আপোনাৰ বন্ধুক স্মৃতি উপহাৰ দিয়াৰ অৰ্থ হৈছে যে আপোনাৰ আৰু বন্ধুজনৰৰ বিশেষ ফটোবোৰেৰে এটা ডাঙৰ ফ্ৰেম বনাই উপহাৰ দিব পাৰে। আপোনাৰ শৈশৱৰ ,কলেজ, স্কুল বা ভ্ৰমণ কৰিবলৈ যোৱা ফটোৰোৰ সন্নিবিষ্ট কৰক।
আপোনাৰ এই উপহাৰে বন্ধুজনক সদায় বিশেষ অনুভৱ কৰাব।

বিশেষ লকেট বনাওক

আপুনি আপোনাৰ বন্ধুৰ বাবে এটা বিশেষ লকেট বনাব পাৰে। য’ত আপোনালোকৰ বিশেষ মুহূৰ্তৰ ফটো থাকিব। নিজৰ বাবে একে এটা লকেট বনাওক। এই লকেটটোৱে আপোনাৰ বন্ধুত্ব আৰু শক্তিশালী কৰি তুলিব।

প্ৰিয় বস্তুৰ কম্বো

ভাল বন্ধুসকলে ইজনে সিজনৰ পছন্দ ভালদৰে জানে। সেয়েহে আপোনাৰ বন্ধুক তেওঁৰ প্ৰিয় বস্তু থকা কম্বো এটা বনাওক। বন্ধুজনে কি ভাল পায়, এটা বিশেষ ৰঙৰ টি-চাৰ্ট, প্ৰিয় চকলেট, পাৰফিউম, টেডি বিয়েৰৰ দৰে বস্তুৰ পেকেট এটা বনাওক। লগতে এটা বিশেষ টোকা লিখক আৰু বন্ধুজনক উপহাৰ দিয়ক।

আপোনাৰ হাতেৰে বনোৱা কাৰ্ড

বন্ধুত্ব দিৱসত আপোনাৰ নিজৰ হাতেৰে বন্ধু এজনৰ বাবে আৰু তেওঁ আপোনাৰ মাজত কৰিব বিচৰা পৰিৱৰ্তন বিষয়ে কাৰ্ডখনত এটা প্ৰতিশ্ৰুতি লিখক যে আপুনি সেই বেয়া অভ্যাসটো এৰি দিব। ইয়াৰ বাহিৰেও আপুনি আপোনাৰ বন্ধুক আপোনাৰ ভালৰ বাবে কৰা কামবোৰৰ বাবে ধন্যবাদ দিব পাৰে। যদি আপুনি কেতিয়াবা আপোনাৰ বন্ধুৰ মনত আঘাত দিছে আপুনি সেই ভুলবোৰৰ বাবে দুঃখিত বুলি লিখিব পাৰে। এনেদৰে আপোনাৰ বন্ধুত্ব আৰু অধিক শক্তিশালী হ’ব।

Latest News